ছহিদ কৃষক পৰিয়ালৰ সদস্যক সম্বৰ্ধনা মন্ত্ৰী অজন্ত নেওগৰ...

ছহিদ কৃষক পৰিয়ালৰ সদস্যক সম্বৰ্ধনা মন্ত্ৰী অজন্ত নেওগৰ...
ছহিদ কৃষক পৰিয়ালৰ সদস্যক সম্বৰ্ধনা মন্ত্ৰী অজন্ত নেওগৰ...

ডিজিটেল সংবাদ মঙলদৈঃ অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে গনতন্ত্ৰ দিৱসৰ দিনটোতে পথৰুঘাট কৃষক ছহিদ দিৱস উপলক্ষে পাতিদৰংৰ অর্ধনাৰীশ্বৰ মন্দিৰ চৌহদত আয়োজিত এক সভাত ছহিদ কৃষক পৰিয়ালৰ সদস্যসকলক আদৰণি তথা সম্বৰ্ধনা জনায়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, দৰং জিলাৰ আয়ুক্ত মনিন্দ্ৰ নাথ ঙাটে, বিভিন্ন চৰকাৰী বিষয়া-কর্মচাৰী, বিভিন্ন দল সংগঠনৰ কৰ্মীসকলৰ লগতে পাতিদৰং তথা দেওমৰনৈবাসী ৰাইজ।

উল্লেখযোগ্য যে, এইবেলি অসম চৰকাৰৰ কৃষি বিভাগ, দৰং জিলা প্ৰশাসনৰ সৌজন্যত, দৰঙী ৰাইজৰ সহযোগত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে কৃষক ছহিদ দিৱস আৰু ৰাইজ মেলা অনুষ্ঠিত কৰা হৈছে। আজিৰ সভাৰ লগতে জিলা ভূমি সংৰক্ষণ বিভাগৰ দ্বাৰা পানী সংৰক্ষণ আৰু বিতৰণৰ লক্ষ্যৰে ৯৮ লাখকো অধিক টকাৰে এটা প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হয়। এই প্ৰকল্পৰ দ্বাৰা প্ৰায় দহ খন গাঁৱৰ খেতি পথাৰত পানী যোগান ধৰাৰ লক্ষ্য কৰা হৈছে।

ছহিদ কৃষক পৰিয়ালৰ সদস্যক সম্বৰ্ধনা মন্ত্ৰী অজন্ত নেওগৰ...
মেধাৱী যুৱক ধ্ৰুবজ্যোতি ডেকাৰ অকাল মৃত্যুত শোকস্তব্ধ ওৰাং...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in