/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/2fac2e42-a360-4e2a-97c1-e6f1b57f5568/58.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : আঞ্চলিক দল অসম গণ পৰিষদ ঢকুৱাখনা বিধান পৰিষদৰ এখন প্ৰতিনিধিত্বমূলক সভা শনিবাৰে ঢকুৱাখনাত অনুষ্ঠিত হয়। বিধান পৰিষদৰ ঢকুৱাখনা কাৰ্য্যালয় প্ৰাঙ্গনত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে লখিমপুৰ জিলা সমিতিৰ সভাপতি দীপক বৰদলৈয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/afac16f2-a126-4327-a0c8-6f1fa336c704/d39a6b02_c32c_47d7_a7bc_2258322a41cd.jpg)
ঢকুৱাখনা বিধান পৰিষদৰ তদানীন্তন সভাপতি হৰিচন্দ্ৰ বৰুৱাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাত পৰ্যবেক্ষক হিচাবে উপস্থিত থাকে দলৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া প্ৰাক্তন বিধায়ক মন্ত্ৰী প্ৰবীণ হাজৰিকা।
সভাত উপস্থিত থাকে দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মহেশ দলে,সমুজ্জল চেতিয়া,ঢকুৱাখনা পৌৰসভাৰ আয়ুক্ত টুনটুন বৰা,জিলা পৰিষদ সদস্যা টিটুমণি গোঁহাই চেতিয়া আৰু বিধান পৰিষদৰ গৰিষ্ঠ সংখ্যক প্ৰতিনিধি ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/53615665-ece7-45ce-9d21-c7723100352c/7c9c9712_eefb_4b59_881a_6232f62f31fa.jpg)
সভাৰ সাংঠনিক ভেঁটি সুদৃঢ়কৰণৰ সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায়ই কেন্দ্ৰীয় পৰ্যবেক্ষক প্ৰবীণ হাজৰিকা,মহেশ দলে আৰু ধেমাজি জিলা সমিতিৰ সভাপতি লক্ষীধৰ শেনচোৱাই । সভাতে হৰিচন্দ্ৰ বৰুৱাক সভাপতি,দুলাল দত্তক কাৰ্যকৰী সভাপতি, প্ৰিয়ৰাম ফুকন,হিৰণ্য বৰগোঁহাই,হেমন্ত পায়েঙক উপ সভাপতি,সমুজ্জল চেতিয়া ,প্ৰণৱ বসুমতাৰী ,প্ৰাঞ্জল দিহিঙীয়াক সম্পাদক,সুৰেন চাংমাইক বিত্ত সম্পাদক হিচাপে লৈ এখন তদৰ্থ সমিতি গঠন কৰা হয়।
এই তদৰ্থ সমিতিখনে অহা এমাহৰ ভিতৰত দলৰ প্ৰাথমিক সাংঠনিক ভেঁটি স্বৰূপ নিষ্ক্ৰিয় আঞ্চলিক সমিতিসমূহ পুনৰ গঠনেৰে সক্ৰিয় কৰি এখন পূৰ্ণাংগ আৰু শক্তিশালী বিধান পৰিষদ গঠন কৰাত মনোনিবেশ কৰিব বুলি সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Also Read: গোগামুখ চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা