কোকৰাঝাৰত নৃশংস ঘটনাঃ টকাৰ বাবেই মোমায়েকক হত্যা কৰি গোহালিত পুতি থলে ভাগিনীয়েকে...

কোকৰাঝাৰত নৃশংস ঘটনাঃ টকাৰ বাবেই মোমায়েকক হত্যা কৰি গোহালিত পুতি থলে ভাগিনীয়েকে...
কোকৰাঝাৰত নৃশংস ঘটনাঃ টকাৰ বাবেই মোমায়েকক হত্যা কৰি গোহালিত পুতি থলে ভাগিনীয়েকে...
Published on
Updated on

ডিজিটেল সংবাদ কোকৰাঝাৰ: কিমান নৃশংস হ'লে ভাগিনীয়িকে নিজ মোমায়েকক হত্যা কৰি গোহালিত পুতি থব পাৰে ? কিমান নৃশংস হ'লে সৰুৰে পৰা মোমায়েকে তুলি তালি ডাঙৰ দীঘল কৰা ভাগিনীয়েকে একমাত্ৰ টকাৰ লোভত মোমায়েকক হত্যা কৰি নিজ হাতেৰে গোহালিত পুতি থব পাৰে ?

ভাগিনীয়েকে নিজ মোমায়েকক হত্যা কৰাৰ এক কৰুণ ঘটনা অৱশেষত কোকৰাঝাৰত ফাদিল হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু হত্যাকাৰী ভাগিনীয়েকক ফাঁচীৰ দাবীত উত্তাল হৈ পৰিছে নয়াছৰা অঞ্চল।উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত ঢোলমাৰা, বিলাসপুৰ নয়াছৰাৰ চতুৰ্থ খণ্ডত এক ৰহস্যঘন ঘটনা সংঘটিত হৈছিল।

নয়াছৰাৰ চতুৰ্থ খণ্ড নিবাসী খগেন বৰ্মন যোৱা ১২ মাৰ্চত সন্ধানহীন হৈছিল। পৰিয়ালৰ লোকে ছালাকাটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে নিয়মমাফিক তদন্ত আৰম্ভ কৰিছিল যদিও ঘটনাটোৱে কোনোধৰণৰ গুৰুত্ব লাভ কৰা নাছিল ।

কিন্তু লক্ষণীয়ভাৱে গাওঁৱাসী আৰু পৰিয়ালৰ লোকে অমায়িক খগেন বৰ্মনৰ নিৰুদ্দেশৰ আঁৰত তেওঁৰ ভাগিনীয়েক প্ৰকাশ বৰ্মন জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰিছিল। আৰক্ষীয়ে প্ৰকাশ বৰ্মনক সোধ-পোছ কৰাত প্ৰকাশ বৰ্মনে মোমায়েক খগেন বৰ্মন ১৩ মাৰ্চৰ পুৱা ঘৰৰ পৰা ওলাই যোৱা বুলি আৰক্ষীক অৱগত কৰে ৷

কিন্তু ৰহস্যজনকভাৱে ইয়াৰ পিছদিনাই অৰ্থাৎ ১৪ মাৰ্চৰ পুৱাৰ পৰাই ভাগিনীয়েক প্ৰকাশ বৰ্মনো নিৰুদ্দেশ হৈ পৰাত প্ৰকাশ বৰ্মনৰ ওপৰত আৰক্ষী আৰু পৰিয়ালৰ লোকৰ সন্দেহ অধিক ঘনীভূত হৈ পৰে। নিৰুদ্দেশৰ পিছতে খগেন বৰ্মনে যোৱা ১৩ আৰু ১৪ মাৰ্চত এ টি এম যোগে চাৰিবাৰ ধন উলিওৱাৰ তথ্য ওলাই পৰে ।

মোমায়েকৰ এ টি এম যোগে ভাগিনীয়েক তথা হত্যাকাৰী প্ৰকাশ বৰ্মনে ৩৮ হাজাৰ টকা উলিয়াইছিল আৰু নতুন মোবাইল ফোন কিনিছিল ৷ ইয়াৰ আধাৰতে আৰক্ষীয়ে তদন্ত অধিক জোৰদাৰ কৰি তোলে আৰু খগেন বৰ্মনৰ হত্যাকাৰী ভাগিনীয়েক প্ৰকাশ বৰ্মনক ১৯ মাৰ্চত গুৱাহাটীৰ বেলতলাৰ পৰা আটক কৰে ৷

আৰক্ষীয়ে প্ৰকাশ বৰ্মনক জেৰা কৰাত তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত নয়াছাৰাৰ নিজ বাসগৃহৰ গোহালিত গাঁত খান্দি পুতি থোৱা অৱস্থাৰ পৰা আজি আৰক্ষীয়ে খগেন বৰ্মনৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে ৷ খগেন বৰ্মনৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ঘটনাক লৈ চতুৰ্থ খণ্ড নয়াছাৰা গাঁৱত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে আৰু নিজ ভাগিনীয়েকে মোমায়েকক হত্যা কৰা বুলি প্ৰকাশ পোৱাত গাঁওবাসী হতচকিত হৈ পৰে।

যিজন মোমায়েকে আশ্ৰয় দি সৰুৰে পৰা তুলি তালি ডাঙৰ কৰিছিল সেই ভাগিনীয়েকে মোমায়েকক হত্যা কৰি গোহালিত পুতি থোৱা ঘটনা বাস্তৱিকতে মানৱ সমাজৰ স্খলিত ৰূপটোকে প্ৰকাশ কৰিছে ।

নিজ ভগ্নীক বিয়া দিয়াৰ পিছত ভনীয়েকৰ সংসাৰখন সুখৰ নোহোৱাত ভনীয়েকক আনি ককায়েকে নিজ ঘৰত ৰাখিছিল আৰু ভাগিনীয়েক মোমায়েকৰ ঘৰতে ডাঙৰ দীঘল হৈ বাসুগাঁও কলেজত অধ্যায়নৰত আছিল যদিও টকাৰ লোভতে মোমায়েক খগেন বৰ্মনক হত্যা কৰে। হত্যাকাৰী প্ৰকাশ বৰ্মনক ফাঁচি দিবলৈ সকলোৱে একমুখে দাবী কৰিছে স্থানীয় ৰাইজে ।

কোকৰাঝাৰত নৃশংস ঘটনাঃ টকাৰ বাবেই মোমায়েকক হত্যা কৰি গোহালিত পুতি থলে ভাগিনীয়েকে...
পুনৰ কোকৰাঝাৰত অসমীয়া ভাষাত ক'লা ৰং সানিলে এবছুৱেঃ ইংৰাজীৰ পৰিৱৰ্তে বড়ো ভাষাক অগ্ৰাধিকাৰ দিয়াৰ দাবী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in