মুখ্যমন্ত্ৰীৰ নিৰ্দেশলৈ নাই গুৰুত্ব ! ঢকুৱাখনাত লোকনিৰ্মাণ বিভাগৰ মৰণফাণ্ড...

মুখ্যমন্ত্ৰীৰ নিৰ্দেশলৈ নাই গুৰুত্ব ! ঢকুৱাখনাত লোকনিৰ্মাণ বিভাগৰ মৰণফাণ্ড...
মুখ্যমন্ত্ৰীৰ নিৰ্দেশলৈ নাই গুৰুত্ব ! ঢকুৱাখনাত লোকনিৰ্মাণ বিভাগৰ মৰণফাণ্ড...

ডিজিটেল সংবাদ ঢকুৱাখনা: সমস্যা সমাধান কৰাতকৈ সৃষ্টি কৰাতহে পাৰ্গত লোকনিৰ্মাণ (পথ) বিভাগৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে শীঘ্ৰেই ঢকুৱাখনাত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈছে । সাধাৰণ নাগৰিকৰ জীৱন সম্পত্তি সুৰক্ষাৰ প্ৰতি তিলমানো দায়বদ্ধ নোহোৱা ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কনক বড়োৰ অকমন্যতাই ভয়ংকৰ বিপদ মাতি আনিছে ঢকুৱাখনাত।

এইগৰাকী উদাসীন কাৰ্যবাহী অভিযন্তাৰ অকমন্যতাৰ বাবে ঢকুৱাখনা মহকুমা সদৰৰ দুটা অতি গুৰুত্বপূৰ্ণ আৰু সদাব্যস্ত লোকনিৰ্মাণ পথ শেহতীয়া ভাবে মৰণ ফাণ্ডলৈ পতিত হৈছে। প্ৰধানতঃ ঢকুৱাখনা-গোবিন্দপুৰ হৈ মাছখোৱা আৰু ধেমাজি সংযোগী অসম মালা আঁচনিৰ অধীনত নিৰ্মীয়মাণ পথটোৰ ভাটিহুজ গাঁওৰ পৰা জীয়ামৰিয়া গাঁও আৰু ভগামুখ তিনিআলি পৰ্যন্ত সমগ্ৰ পথছোৱাৰ দুয়োপাৰে অবিবেচকী ঠিকাদাৰে পথ নিৰ্মাণৰ নামত পাতিছে মৰণফাণ্ড।

সমগ্ৰ পথছোৱাৰ দুয়োপাৰে বৃহৎ বৃহৎ গাঁত খান্দি তেনেদৰে উন্মুক্ত ভাবেই কোনো সতৰ্কতা সূচক চিহ্ন নিদিয়াকৈ মাহ মাহ ধৰি পেলাই ৰাখি থোৱাৰ পাছত প্ৰায়ে পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। তদ্রুপ ভাবে লোকনিৰ্মাণ বিভাগৰ এই পথৰ মাজ অংশতো খান্দি তেনেকৈ উন্মুক্ত ভাবে এৰি যোৱাৰ পৰিণতিত যান বাহন চলাচল কৰাৰ লগতে পথচাৰী যাতায়ত কৰাৰ সময়ত মৰণত শৰণ দি যাবলগীয়া হৈ আহিছে মাহ মাহ ধৰি।

বাৰিষা কালত এনেবোৰ দ গাঁতত পানী ভৰ্তি হৈ থাকিলে অচিনাকি চালকে ওপৰেৰে গাড়ী চলাই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাটো নিশ্চিত যদিও তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই ধুৰন্ধৰ ঠিকাদাৰ আৰু লোকনিৰ্মাণ বিভাগৰ অকমন্য আমোলা বিষয়াৰ। তদ্রুপ ভাবে অন্য এক মৰণফাণ্ড পাতিছে ঢকুৱাখনা-ঘূণাসুঁতি লোকনিৰ্মাণ বিভাগৰ পথৰ ফাটবিহু বাকৰিৰ সমীপৰ পথৰ ওপৰত।

এখন ব্যক্তিগত বিদ্যালয়ৰ বিজ্ঞাপন প্ৰদৰ্শনৰ নামত পথটোৰ দাঁতিৰ "চাইড বাম"ৰ ওপৰতে দায়িত্বহীন ভাবে স্থায়ী স্তম্ভ স্থাপন কৰিবলৈ লোকনিৰ্মাণ বিভাগে ৰহস্যজনক কাৰণত এৰি দিয়াৰ ফলত যিকোনো মুহূৰ্তত ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দি আহিছে। চৰকাৰী পথৰ ওপৰত স্থায়ী ভাবে নিৰ্মাণ কৰা এই বৃহৎ লোৰ স্তম্ভই নাগৰিকসকলক স্তম্ভিত কৰি আহিছে যদিও অকমন্য অভিযন্তা বড়োৰ মৰটোপনি ভাঙিবলৈ সক্ষম হোৱা নাই ।

প্ৰথম অৱস্থাতে সচেতন নাগৰিকে অভিযন্তা বড়োক এই বিপদ সংকেততো আঁতৰোৱাৰ বাবে আহ্বান জনাইছিল। অভিযন্তা বড়োৱে ফাটবিহুৰ পাছত অবৈধ ভাৱে স্থাপিত স্তম্ভতো আঁতৰোৱাৰ বাবে আশ্বাস দিছিল।

পিছে সেই আশ্বাস বাস্তৱায়িত কৰিবলৈ প্ৰশাসনিক শক্তি ৰহস্যজনক কাৰণত নোহোৱা হ'ল। মহকুমাটোৰ গৰিষ্ঠ সংখ্যক চৰকাৰী বিভাগ কাৰ্য্যালয়, শিক্ষানুষ্ঠান, চিকিৎসালয় আদি অৱস্থিত মাজুলী সংযোগী এই পথৰ ওপৰত যান বাহনৰ ব্যস্ততা পুৱাৰ পৰা নিশালৈকে অব্যাহত থাকে।

এনে পৰিপ্ৰেক্ষিতত পথৰ একেবাৰে কাষত জনজীৱনলৈ অশনি সংকেত মাতি অনা এই সুউচ্চ স্তম্ভতোৰ বাবেই অচিৰেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা অধিক। এনেবোৰ স্পৰ্শকাতৰ বিভাগ সৃষ্ট মৰণফাণ্ড আঁতৰাই পথচাৰী নাগৰিকৰ জীৱন সম্পত্তি সুৰক্ষিত কৰাত একেবাৰে আগ্ৰহী নহয় বিভাগীয় অভিযন্তা বড়ো।

ৰাইজৰ সুবিধাৰ পৰিবৰ্তে সমস্যাহে উদ্ভৱ কৰি অহাত আগৰণুৱা এইজন বিষয়াই শেহতীয়া ভাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো কেৰেপ নকৰা পৰিলক্ষিত হৈছে। ৰাজ্যখনত লোকনিৰ্মাণ বিভাগ আৰু ঠিকাদাৰ আৰু বেপৰোৱা পক্ষৰ উদাসীন মনোভাৱৰ বাবে কেইবাটাও প্ৰাণনাশী দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলাসমূহৰ  জিলা আয়ুক্তসকলৰ সৈতে হোৱা বৈঠকত এনে বিপদজনক আৰু মৰণফাণ্ড ৰূপী পথৰ দাঁতিত থকা গাঁত আৰু অন্য কাৰকসমূহ আঁতৰ কৰাৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল। 

মুখ্যমন্ত্ৰীগৰাকীৰ এই কঠোৰ নিৰ্দেশনালৈ ভ্ৰূক্ষেপ নকৰাৰ লগতে আঙুষ্ঠহে দেখুৱাইছে কাৰ্যবাহী অভিযন্তা আৰু জিলা আয়ুক্তগৰাকীয়ে। ঢকুৱাখনাবাসীৰ জীৱনকলৈ নিৰ্লজ হেতালি খেলা এনেবোৰ চৰকাৰী পক্ষৰ উদাসীনতাৰ বাবেই অনাগত সময়ত যিকোনো ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা কৰি সচেতন ৰাইজে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ দৃষ্টিগোচৰ কৰি জৰুৰী হস্তক্ষেপ কামনাৰে ৰাজহুৱা স্বাক্ষৰ সংগ্ৰহেৰে অভিযোগ পত্ৰ প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশলৈ নাই গুৰুত্ব ! ঢকুৱাখনাত লোকনিৰ্মাণ বিভাগৰ মৰণফাণ্ড...
তিনিচুকীয়াত ঘৰৰ ভিতৰতে শিৰচ্ছেদ পিতা-পুত্ৰক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in