/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/00a6a346-38a2-4c00-927e-ca2237038b7d/16.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ ৰূপায়ণৰ নামত বাস্তৱিকতে চৰকাৰী পুঁজি হস্তগত কৰাৰ কাৰচাজিহে চলে ঢকুৱাখনাত। হকে বিহকে চৰকাৰী আঁচনিৰ ঠিকা লৈ ক্ৰুটিপূৰ্ণ কাম কৰি ৰাজকোষৰ ধন সৰকাই নিয়াৰ এটা অশুভ পৰম্পৰা সুদীৰ্ঘ দিন চলি আহিছে ঢকুৱাখনাত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/52508bd5-7e90-4104-a468-e3557d0a7257/20d1c881_a2fc_4115_ad25_3a10bc76b867.jpg)
শেহতীয়াকৈ ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান পথ বিভাগৰ এটা পথৰ বিপৰীতে সঞ্চিত মেৰামতি শিতানৰ পুঁজি এনে অবৈধ প্ৰক্ৰিয়াৰে হস্তগত কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। উত্থাপিত অভিযোগ মতে লোকনিৰ্মান পথ সংমণ্ডলটোৰ অন্তৰ্গত ফুকন গাঁওৰ পৰা ৰাইদঙীয়া গাঁও সংযোগী পথ নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ শিতানত আবন্তিত হৈছিল প্ৰায় ৮৮ লাখ ৮৩ হাজাৰ টকা। পেকেজ নম্বৰ এ এছ ১৫/২৬৭ নম্বৰৰ শিতানত নিৰ্মিত প্ৰায় ১'২৬৬ কিলোমিটাৰ দৈৰ্ঘৰ এই পথছোৱা ক্ৰুটিপূৰ্ণ নিৰ্মানৰ বেলিকা ব্যাপক ৰাজহুৱা অভিযোগ উত্থাপিত হৈছিল বিভাগীয় ঠিকাদাৰ জিতু তপন গগৈৰ বিৰুদ্ধে। পৰৱৰ্তী সময়ত এনে নিৰ্মম মানৰ কামেৰে কেন্দ্ৰীয় পুঁজিৰ সিংহ ভাগ উলিয়াই নিয়াৰ পাছত এইগৰাকী ঠিকাদাৰে অৱশিষ্ট মেৰামতিৰ শিতানত সঞ্চিত চৰকাৰী পুঁজিও উলিয়াই নিয়াৰ পৰিকল্পনা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7fed0693-5674-4d64-8172-9a69752a0701/689151ee_9648_4856_93f2_26459511d6a7.jpg)
পথছোৱা নিৰ্মাণৰ পাছতে ভাগি ছিগি উচন যোৱাৰ পৰৱৰ্তী পৰ্যায়ত বাৰ্ষিক মেৰামতি কৰি এই সঞ্চিত পুঁজি বিভাগৰ পৰা উলিয়াই নিব লাগে। কিন্তু নিৰ্মাণৰ পাছৰে পৰা সমগ্ৰ পথছোৱা বিদ্ধস্ত ৰূপ লোৱাৰ পাছতো সঠিক মেৰামতি নকৰি এতিয়া সমূদায় পুঁজি উদৰস্থ কৰাৰ পাং পাতিছে ঠিকাদাৰ গৰাকীয়ে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে শেহতীয়া ভাবে বিদ্ধস্ত পথছোৱা চাফা চিকুণ কৰি,পথৰ দাঁতিত থকা হাবি জংঘল কাটি বিভাগীয় বিষয়াৰ জৰিয়তে পৰিদর্শন কৰাই সমূদায় পুঁজি হস্তগত কৰাৰ ফন্দি পাতিছে। অতিনিম্ন মানদণ্ডৰ কাম কৰা পথটোৰ দাঁতিত স্থাপন কৰা পথ সুৰক্ষাগত ফলক, পথ সুৰক্ষাজনিত খুঁটা সমূহ দায়িত্বহীন ভাবে পুতি যোৱাৰ ফলত স্থাপনৰ পাছতেই বিনষ্ট হোৱা বুলি ৰাজহুৱা অভিযোগত প্ৰকাশ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/44573749-c839-4c31-8b48-0cef0f36ffe6/b2034377_f5df_47d9_90b0_2c02a5a360a5.jpg)
সামগ্ৰিক অৰ্থত এক বিধস্ত পথলৈ পতিত হোৱা এই পথটোৰ মেৰামতিৰ শিতানত জমাকৃত পুঁজি উদৰস্থ কৰাৰ পাং পাতি ঠিকাদাৰজনে নিমন্ত্ৰন কৰি আনিছে ৰাজ্যিক মান নিৰূপক পৰ্যবেক্ষণকাৰী (এছ কিউ এম) ক। সোমবাৰে গুৱাহাটীৰ ৰাজ্যিক মুখ্য মান নিৰূপক ( ষ্টেট কোৱালিটি হেড) ৰ কাৰ্য্যালয়ৰ পৰা প্ৰেৰিত অজয় ভট্টাচাৰ্য নামৰ বিষয়া গৰাকীয়ে বিধস্ত পথছোৱা মেৰামতি কৰাটো পৰিদৰ্শন যোৱাৰ পাছত ভুক্তভোগী নাগৰিকে ৫টা বছৰৰ বাবে মেৰামতিৰ ম্যাদ থকা পথটোৰ চৰকাৰী ঘৰত মজুত থকা পুঁজি কাম নকৰাকৈ সৰকাই নিয়াৰ গভীৰ আশঙ্কা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/806f019d-52c0-4baf-8f10-95f5b304a5e7/9a0d6c60_4d24_4768_bab6_1fb0161d1a33.jpg)
২০১৯-২০২০ বর্ষৰ পৰা ২০২৩-২০২৪ বর্ষৰ ভিতৰত মুঠ ৫ বাৰ এই পথ মেৰামতি শিতানত মজুত থকা সৰ্বমুঠ ৭ লাখ ৩৭ হাজাৰ টকা সামান্য কাম নকৰাকৈ বিভাগৰ পৰা উলিয়াই নিয়াৰ যি চক্ৰান্ত কৰিছে ঠিকাদাৰ গৰাকীয়ে তাক একেমুখে বিৰোধিতা কৰিছে ভুক্তভোগী নাগৰিকে । অঞ্চলবাসী ভুক্তভোগীৰ আহ্বান ৰাইজক অসন্তুষ্ট কৰি অহা এই কেন্দ্ৰীয় আঁচনিৰ পথৰ পৰিদৰ্শন কৰি যদি "এছ কিউ এমে" ঠিকাদাৰক সন্তুষ্ট কৰিবলৈ বিভাগীয় "ষ্টেট কোৱালিটি হেড"ক "সন্তোষজনক " (এছ) প্ৰতিবেদন দাখিল কৰে তেন্তে এই নীতি বিৰুদ্ধ প্ৰতিবেদনৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ স্থলপথ বিভাগৰ লগতে প্ৰধানমন্ত্ৰীলৈ ৰাজহুৱা অভিযোগ সম্বলিত পত্ৰ প্ৰামানিক তথ্য সহ প্ৰেৰণ কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/80d24064-2cec-4bea-b840-65508703becd/22366e40_5a85_452a_87a6_77015061a987.jpg)
অঞ্চলবাসী ৰাইজে এই পথটোৰ জৰাকীৰ্ণ ৰূপ স্বচক্ষে পৰিদৰ্শন কৰি বাস্তৱ আৰু প্ৰকৃত খতিয়ান প্ৰদান কৰিবলৈ আহ্বান জনাইছে এছ কিউ এমক। তদ্রুপ চক্ৰান্ত চলিছে সংমণ্ডলটোৰ কৃষ্ণপুৰ -ঘিলাগুৰি লোকনিৰ্মান পথ মেৰামতিৰ (মেইন্টেনেন্স ) শিতানৰ পুঁজি শৰাধ কৰাৰ। প্রধান মন্ত্ৰী গ্ৰামচড়ক যোজনাৰ অধীনত নিৰ্মিত এই পথছোৱা সামান্য তমো মেৰামতি নকৰাকৈ ইতিমধ্যে বৃহৎ পৰিমাণৰ পুঁজি ঠিকাদাৰে সৰকাই নিলে আৰু অৱশিষ্ট পুঁজি নিৰ্ধাৰিত সময়ৰ পূৰ্বে এনেবোৰ পৰিদৰ্শনকাৰী বিষয়াক মেনেজ কৰি উলিয়াই নিয়াৰ তৎপৰতা অব্যাহত ৰাখিছে।
চৰকাৰী বিধি অনুসৰি মেইণ্টেনেন্স শিতানত জমাকৃত পুঁজিৰে বাৰ্ষিক মেৰামতি কৰি নিৰ্মিত পথ সুচল কৰি ৰাখিব লাগে।পিছে ঢকুৱাখনাত তাকে নকৰি এচাম অৰ্থলোভী শীৰ্ষ পৰিদৰ্শনকাৰী বিষয়াক "সন্তোষজনক মেৰামতি" কৰি এনে শিতানৰ পুঁজি গোগ্ৰাখে উদৰস্থ কৰাৰ এক অশুভ আৰু জনবিৰোধী পৰম্পৰা অব্যাহত আছে ।পৰিণতিত অঞ্চলবাসী ৰাইজৰ জীয়া যন্ত্ৰণা দূৰ কৰাত এনেবোৰ কেন্দ্ৰীয় পথ নিৰ্মান আঁচনি সম্পূৰ্ন ৰূপে ব্যৰ্থ হৈ আহিছে ঢকুৱাখনা মহকুমাত।
Also Read: ৰঙিয়া মহকুমাধিপতি দ্বীপন বৰ্মনৰ দেহৰক্ষী প্ৰত্যাহাৰ