পশ্চিম মাছখোৱাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কেলেংকাৰীৰ অভিযোগ

পশ্চিম মাছখোৱাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কেলেংকাৰীৰ অভিযোগ

ডিজিটেল সংবাদ, ঢকুৱাখনা: গ্ৰাম্য দৰিদ্ৰ হিতাধিকাৰীৰ বাবে আবণ্টিত চৰকাৰী চাউলৰ এক ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে । ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কেলেংকাৰী এইবাৰ সংঘটিত হৈছে পশ্চিম মাছখোৱা সমবায় সমিতি লিমিটেডত।

জানিব পৰামতে বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ মুঠ ৪২ গৰাকী এজেন্টক সামৰি গঠিত এই সমবায় সমিতিখনৰ অন্তৰ্গত একাংশ ৰেচন কাৰ্ড যুক্ত হিতাধিকাৰীৰ বিপৰীতে বিভিন্ন অভিযোগ উত্থাপিত হৈছে। চৰকাৰে যোগান ধৰা চাউল প্ৰাপ্য পৰিমাণৰ যোগান নধৰা ,একাংশ এজেণ্টক সময় অনুসৰি আবণ্টিত চাউল নিয়মীয়াকৈ যোগান নধৰা , প্ৰাপ্য ওজনতকৈ বহু কম পৰিমাণৰ চাউল যোগান ধৰা আদি সীমাহীন অভিযোগ এইখন সমবায় সমিতিৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে ।

সমবায় সমিতিখনৰ সভাপতি বগেন বৰা,সচিব প্ৰদীপ চমুৱা,ষ্ট'ৰ,ইনচার্জ দুলাল চুতীয়া আৰু একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়ববীয়াৰ পৃষ্ঠপোষকতাত এই ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং বেহাখন চলি অহাৰ অভিযোগ সংবাদ মাধ্যমৰ আগত মুকলিকৈ ব্যক্ত কৰিছে ভুক্তভোগী এজেণ্ট আৰু গ্ৰাহকে । দৰিদ্ৰৰ চাউললৈ লোলুপ দৃষ্টি দি সুদীর্ঘ দিন ধৰি সংগোপনে এনে সীমাহীন লুণ্ঠন চলাই অহা বগেন বৰা নেতৃত্বাধীন সমবায়খনৰ সৰ্বগ্ৰাসী চৰিত্ৰ অৱশেষত এজেণ্ট সকলে ফাদিল কৰে ।

উল্লেখ্য যে, সমবায়খনত সংঘটিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বৃহৎ চাউল কেলেংকাৰী সন্দৰ্ভত মহকুমাধিপতি কাৰ্তিক কলিতাক শনিবাৰে অৱগত কৰা হৈছিল । কলিতাই এই সন্দৰ্ভত খাদ্য আৰু অসামৰিক যোগান বিভাগ ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া কবিন্দ্ৰ মেদকক তলব কৰি সোমবাৰে সকলো এজেণ্টক আৰু সমিতিখনকলৈ যুটীয়া বৈঠক পতাৰ নিৰ্দেশ দিয়ে ।

সেই মৰ্মে সোমবাৰে দুপৰীয়া যোগান বিষয়া মেদকে সমবায় সমিতিৰ কক্ষত এখন সভা আহ্বান কৰে । গৰিষ্ঠ সংখ্যক এজেণ্ট উপস্থিত থকা সভাত ৰহস্যজনকভাৱে অনুপস্থিত থাকে সভাপতি বৰা ,সচিব চমুৱা আৰু ষ্টাৰ ইনচার্জ চুতীয়া ।

সভাত নিজৰ কু-কৃতি চৰিত্ৰ ফাদিল হোৱাৰ ভয়ত ত্ৰস্তমান হৈ যোগান বিষয়া মেদক আহ্বায়িত সভাত অনুপস্থিত থাকি এই ৩ লুণ্ঠনকাৰী অজ্ঞাত স্থানলৈ পলাই যোৱা বুলি একাংশ এজেন্টে জানিবলৈ দিয়ে। ইপিনে সভাত উপস্থিত একাংশ এজেন্টে জনোৱা মতে সভাপতি ,সচিব আৰু ষ্টৰ ইনচার্জ সকলে প্ৰতি মাহত বহু কমকৈ চাউল যোগান ধৰি পৰৱৰ্তী সময়ত অৱশিষ্ট চাউল যোগান ধৰাৰ আশ্বাস দি পঠাই দিয়ে।

ইপিনে প্ৰাপ্য চাউল বিচাৰি গঞা হিতাধিকাৰীসকল এজেণ্টৰ ওচৰলৈ তাঁত-বাতি কৰে যদিও সমিতিয়ে পৰ্য্যাপ্ত চাউল যোগান নধৰাৰ বাবে বিমুখ হৈ উভতিব লগা হয় । গঞা নিষ্ঠাৱান এজেণ্টসকলক বলিৰ পঠা সজাই এই বাঘ বাহিনীৰ দুৰ্নীতিগ্ৰস্ত চৰিত্ৰৰ বাবেই দৈনিক গ্ৰাহকসকলৰ পৰা কটু কথা শুনিব লগীয়া হয় নিষ্ঠাবান এজেণ্ট সকলে ।

সভাত উপস্থিত সমবায়খনৰ গন্ধিয়া অয়েঙিয়া গাঁওৰ এজেণ্ট মংগল মিলিয়ে মুঠ ১৮'৬৫ কুইণ্টল , মধুপুৰৰ এজেণ্ট বীৰেন বৰাই আগষ্ট মাহৰ ১৬.৮৪ কুইণ্টল ,১ নং ঘটাপৰা এজেণ্ট জোনমনি চমুৱাই ১৩ কুইণ্টল ৭৩ কেজি,প্ৰদীপ সন্দিকৈয়ে ৫.৩৫ কুইণ্টল চাউল,গজেন চাংমাইয়ে ১২কুইণ্টল ৯২ কেজি চাউল কমকৈ লাভ কৰি অহাৰ তথ্য এজেণ্টসকলে সদৰি কৰে।

তেওঁলোকে উল্লেখ কৰে যে, এয়া এক চমু তালিকাহে। সমবায়খনৰ প্ৰায় ৪২ গৰাকী এজেণ্টৰ প্ৰায় ৮২ কুইণ্টল চাউল হৰলুকী কৰাৰ প্ৰাথমিক তথ্য পোহৰলৈ আহিছে বুলি জনায় । প্ৰাপ্য বঞ্চিত এজেণ্ট সকলে জনোৱা মতে মধ্যাহ্ন ভোজনৰ চাউল আৰু অংগনৱাড়ী কেন্দ্ৰৰ বাবে আবণ্টিত চাউল হিচাব কৰিলে এই পৰিমাণ বৃদ্ধি হোৱাৰ আশংকা অধিক ।

এই অনাদায় গ্ৰাহকৰ চাউল সন্দৰ্ভত সভাপতি সচিবক যোগাযোগ কৰিয়ো বহুবাৰ ব্যৰ্থ হোৱা বুলি জানিবলৈ দি ৰেচন কাৰ্ডৰ বিপৰীতে আবণ্টিত এই চাউল ভঁৰালত মজুত নথকাত চোৰাং বজাৰত বিক্ৰী কৰাৰ আশংকা কৰা হৈছে। মহকুমাধিপতি কলিতাৰ হস্তক্ষেপত পোহৰলৈ অহা এই চাউল কেলেংকাৰীত যোগান বিভাগৰ বিষয়া জড়িত থকাৰো ৰাজহুৱা অভিযোগ উথাপিত হৈছে ।

এইসকল বিভাগীয় বিষয়াৰ জ্ঞাতসাৰে এনে চৰকাৰী বগা চাউলৰ কলা বজাৰ এখন গোপনে চলি অহা বুলি ভুক্তভোগী ৰাইজে আশংকা প্ৰকাশ কৰি এই ক্ষেত্ৰত মহকুমাধিপতিৰ কাৰ্যবাহী দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কামনা কৰি কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে।

পশ্চিম মাছখোৱাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কেলেংকাৰীৰ অভিযোগ
মাতৃক লাঠীৰে প্ৰহাৰ কৰা, গৰম পানী ঢলা পুত্ৰ সমৰজ্যোতি ভৰালীক আটক আৰক্ষীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in