/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5dfcc44e-5bec-4923-8de8-28bf0645641f/dhokuakhana_14.jpg)
ঢকুৱাখনাৰ ৰাজপথত উৰিল ক'লা পতাকা...
ডিজিটেল সংবাদ ঢকুৱাখনা: অবৈধ বিদেশীৰ সংস্থাপক আইন, বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ধাৰাবাহিক গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত আছে ৰাজ্যজুৰি। সদৌ অসম ছাত্ৰ সন্থায়ো ইতিমধ্যে আৰম্ভ কৰিছে 'কা' বিৰোধী গণ আন্দোলন ।
সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে ঘোষণা কৰিছে ৰাজহুৱা স্থানত ক'লা পতাকা উত্তোলন কাৰ্যসূচী। এই আহ্বান ক্ৰমে বৃহস্পতিবাৰে ঢকুৱাখনা মহকুমাৰ সৰ্বত্ৰতে উৰিল 'কা' বিৰুদ্ধাচৰনেৰে ক'লা পতাকা ।
ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত পশ্চিম মাছখোৱা, ঘিলামৰা, ঢকুৱাখনা, সোৱণশিৰি, সোণাৰি চাপৰি আদি আঞ্চলিকে নিজ নিজ এলেকাত উত্তোলন কৰে ক'লা পতাকা । আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকর্তাসকলে সংশ্লিষ্ট এলেকাসমূহৰ কেন্দ্ৰ স্থলত আৰু ৰাজপথৰ দাঁতিত ক'লা পতাকা উৰুৱাই বিধ্বংসী 'কা' আৰু গেৰুৱা দল চৰকাৰ বিৰোধী শ্লোগান দি ৰাজপথ উত্তাল কৰে।
মহকুমা ছাত্ৰ সন্থাই অসম আৰু অসমীয়াৰ বাবে 'কা' আৰু বিজেপি উভয়ে বিপদজনক বুলি আখ্যা দি এনে খিলঞ্জীয়া বিৰোধী অপশক্তিক উৎখাত কৰাৰ বাবে নাগৰিক সাজু হোৱাৰ আহ্বান জনায়।
Also Read: ভোট লাগেঃ বিজেপিৰ পিছত কংগ্ৰেছৰ মহিলাৰ বাবে ৫ টা গেৰাণ্টি...