ভোট লাগেঃ বিজেপিৰ পিছত কংগ্ৰেছৰ মহিলাৰ বাবে ৫ টা গেৰাণ্টি...

দৰিদ্ৰ মহিলাক ১ লাখ, চাৰকিত ৫০ শতাংশ সংৰক্ষণৰ প্ৰতিশ্ৰুতি
ভোট লাগেঃ বিজেপিৰ পিছত কংগ্ৰেছৰ মহিলাৰ বাবে ৫ টা গেৰাণ্টি...
ভোট লাগেঃ বিজেপিৰ পিছত কংগ্ৰেছৰ মহিলাৰ বাবে ৫ টা গেৰাণ্টি...

ডিজিটেল ডেস্কঃ মহিলা ভোটাৰক আকৰ্ষণৰ বাবে শাসকীয় বিজেপি চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ সমান্তৰালকৈ সংসদত মহিলাৰ আসন সংৰক্ষণৰ বাবে আইনো গৃহীত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এনে মহিলা ভোট বেংক নীতিত আঘাত কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰিছে ৰাহুল গান্ধীয়ে।

বিজেপিৰ এই ভোট বেংক ভাঙিবলৈ দৰিদ্ৰ মহিলাৰ বাবে বছৰত নগদ ১ লাখ টকা দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত ৫০ শতাংশ আসন সংৰক্ষণৰ ঘোষণা কৰিছে। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহে মহিলা ভোটাৰক আকৰ্ষণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে।

অসমতে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলক প্ৰতি মাহে ১২৫০ টকাকৈ দি অহাৰ লগতে মহিলাৰ আত্মসহায়ক গোটসমূহকো বিভিন্ন আঁচনিৰ জৰিয়তে ধন দি আহিছে। শেহতীয়াকৈ আৰম্ভ কৰিছে লাখপতি বাইদেউ আঁচনি।

একেদৰে চুবুৰীয়া পশ্চিমবংগকে ধৰি আন আন ৰাজ্যতো এইদৰে মহিলাক নগদ ধন দিয়াৰ আঁচনি কাৰ্যকৰী কৰি আহিছে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত মহিলাৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণৰ প্ৰতিশ্ৰুতি এয়াই প্ৰথম। ৰাহুল গান্ধীয়ে নিৰ্বাচনৰ প্ৰাকক্ষণত এই প্ৰতিশ্ৰুতি প্ৰদান কৰি মহিলা ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰিছে।

কংগ্ৰেছ সাংসদগৰাকীয়ে অব্যাহত ৰখা ভাৰত জোড়ো ন্যায় যাত্ৰাত মুঠ ৫ টা ন্যায়ৰ কথা ঘোষণা কৰিছে। ইয়াৰ উপৰিও দৰিদ্ৰ, নিবনুৱা আৰু কৃষকৰ ন্যায় বা সমতা স্থাপনৰ বাবেও বিভিন্ন প্ৰতিশ্ৰুতি পূৰ্বেই ঘোষণা কৰিছে। কিন্তু মহিলাৰ বাবে তেনে বিশেষ ডাঙৰ ঘোষণা ৰাহুল গান্ধীৰ ফালৰ পৰা অহা নাছিল।

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে মহাৰাষ্ট্ৰত ৰাহুল গান্ধীয়ে মহিলাৰ বাবে পাঁচটা ন্যায়ৰ কথা ঘোষণা কৰিলে। তেওঁ কয় মহালক্ষ্মী গেৰেণ্টিৰ জৰিয়তে দেশৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ এগৰাকী মহিলাক বছৰে ১ লাখ টকা দিয়া হ'ব।

অৰ্ধেক সংখ্যক জনসংখ্যাক সম্পূৰ্ণ অধিকাৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত মহিলাৰ বাবে ৫০ শতাংশ আসনৰ সংৰক্ষিত থাকিব। শক্তিৰ সন্মান প্ৰকল্পৰ জৰিয়তে অংগনবাদী কৰ্মী, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজন ৰান্ধনীসকলৰ মাহেকীয়া ভাট্টা দুগুণ কৰা হ'ব।

অধিকাৰ মৈত্ৰী প্ৰকল্পৰ আধাৰত প্ৰতিটো পঞ্চায়তত মহিলাৰ অধিকাৰৰ বাবে সচেতনতা বৃদ্ধিৰ বাবে আইনী উপদেষ্টা নিয়োগা কৰা হ'ব। ইয়াৰোপৰি ৰাহুল গান্ধীয়ে প্ৰতিশ্ৰুতি দিয়ে সকলো জিলা সদৰত কৰ্মৰত মহিলাৰ বাবে সাবিত্ৰীবাঈ ফুলে হোষ্টেল নিৰ্মাণ কৰা হ'ব।

এইদৰেই কংগ্ৰেছ সাংসদগৰাকীয়ে মহিলা ভোটাৰক আকৰ্ষণৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আনহাতে কংগ্ৰেছৰ এই প্ৰতিশ্ৰুতিসমূহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চোৰ কৰা বুলি অভিযোগ কৰিছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে।

তেওঁ কয়, কংগ্ৰেছে কৰ্ণাটক, তেলেংগানাৰ দৰে ৰাজ্যত বিভিন্ন গেৰাণ্টিৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচনত জয়ী হোৱাৰ পাছত নৰেন্দ্ৰ মোডীয়ে এতিয়া সেই শ্লোগান চোৰ কৰি মোডীৰ গেৰাণ্টি বুলি প্ৰচাৰত নামিছে। কংগ্ৰেছৰ প্ৰতিশ্ৰুতি ফোঁপোলা শব্দ নহয়। কংগ্ৰেছৰ প্ৰতিশ্ৰুতি শিলেৰে খোদিত কৰা।

ভোট লাগেঃ বিজেপিৰ পিছত কংগ্ৰেছৰ মহিলাৰ বাবে ৫ টা গেৰাণ্টি...
তিনিচুকীয়াত পিতৃৰ হাতত প্ৰাণ গ'ল দেৱশিশুৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in