ঢকুৱাখানাৰ দুই দিক দৰ্শকক প্ৰেছ গিল্ডৰ সম্বৰ্ধনা

ঢকুৱাখানাৰ দুই দিক দৰ্শকক প্ৰেছ গিল্ডৰ সম্বৰ্ধনা

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনাৰ সমাজ জীৱনৰ দুই প্ৰাতঃস্মৰণীয় ব্যক্তি । শিক্ষা ,সংস্কৃতি, সাহিত্য ,বৌদ্ধিক সকলো দিশৰ দুই অন্যতম পুৰোধা  প্ৰবীণ সমাজ সংগঠক ছবিলাল জৈন আৰু শিৱপ্ৰসাদ গগৈ। ঢকুৱাখনাৰ সমাজ জীৱনলৈ এই দুই  বৰেণ্য মহীয়সীযে আগবঢ়াই যোৱা অতুল্য অৱদানৰ প্ৰতি কৃতজ্ঞ প্ৰতিগৰাকী ঢকুৱাখানা বাসী। এই দুই পুৰোধা ব্যক্তিত্বৰ মেটমৰা অৱদানৰ প্ৰতি সদা শ্রদ্ধাশীল ঢকুৱাখনা প্ৰেছ ক্লাব ।

এখন নব্য ঢকুৱাখনা নিৰ্মাণৰ এই দুই অগ্ৰণী খনিকৰ ছবিলাল জৈন আৰু শিৱপ্ৰসাদ গগৈ। তেওঁলোকৰ আদৰ্শনীয় কৰ্মৰাজি আৰু অৱদানৰ শ্ৰদ্ধাপূৰ্বক স্মৰণ কৰি  বৃহস্পতিবাৰে ঢকুৱাখানা প্ৰেছ গিল্ডৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। প্ৰেছ গিল্ডৰ গৰিষ্ঠ সংখ্যক বিষয়ববিয়াৰ সহযোগত দুয়োগৰাকী বৰ্ষীমান নাগৰিক আৰু সহধৰ্মিনীক সম্বৰ্ধনা জনোৱা হয়।

ঢকুৱাখনাৰ সাংস্কৃতিক সম্ভ্রম স্বৰূপ ফাটবিহুৰ প্ৰথমখন স্মৃতিগ্ৰন্থ" বিহুৱান"ৰ প্ৰথম গৰাকী সম্পাদক ,বিশিষ্ট নাগৰিক ছবিলাল জৈনৰ  জীয়ামৰীয়া গাঁওৰ ঘৰত উপস্থিত হৈ গিল্ডৰ কৰ্মকর্তা সকলে  জৈন আৰু পত্নী কুসুম জৈনক চেলেং চাদৰ ,গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাই। প্ৰায়  ৮২ বছৰীয়া জৈনৰ পাছতেই বিশিষ্ট শিক্ষাবিদ,কাব্য সাধক ",চাৰিকড়ীয়াৰ" কবি  শিৱ প্ৰসাদ গগৈ (৮০)ৰ ঘৰত উপস্থিত হয় গিল্ডৰ সদস্যসকল। বাৰ্ধক্য আৰু শাৰীৰিক জড়তাকো পৰোৱা নকৰা বিশিষ্ট কাব্য সাধক গৰাকীৰ অমূল্য সৃষ্টিৰাজী আৰু সামাজিক অৱদানৰ শলাগ লৈ গিল্ডৰ কৰ্মকর্তাই মত বিনিময় কৰে ।

প্ৰচণ্ড মানসিক শক্তি সম্পন্ন আৰু সাহিত্য সাধক গগৈৰ লগতে পত্নী সুলেখিকা পুষ্পা গগৈকো গিল্ডৰ তৰফৰ গামোচা, চেলেং চাদৰ আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাই। গিল্ডৰ কৰ্মকর্তা সকলে দুয়োগৰাকী প্ৰবীণ  সমাজহিতৈষীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আর্শীষ গ্ৰহণ কৰে। ঢকুৱাখনা প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাকালীন শুভচিন্তক দুগৰাকীৰ সৃষ্টিশীল কৰ্মৰাজীৰে সম্ভ্ৰমী ঢকুৱাখনাৰ ইতিহাস চিৰ যুগমীয়া হৈ অনাদি অনন্ত কাললৈ জিলিকি ৰব বুলি গীল্ডৰ সম্পাদক পুলক জ্যোতি বৰাই মন্তব্য কৰে ।

ঢকুৱাখানাৰ দুই দিক দৰ্শকক প্ৰেছ গিল্ডৰ সম্বৰ্ধনা
২০২৭ ৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হৈ পৰিব ভাৰত !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in