লখিমপুৰ জিলা নাট্য সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি...

লখিমপুৰ জিলা নাট্য সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি...
লখিমপুৰ জিলা নাট্য সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ ঢকুৱাখনা: অসমীয়া নাট্য শিল্পৰ চর্চা বিকাশ আৰু সংৰক্ষণৰ মহান লক্ষ্যৰে গঠিত লখিমপুৰ জিলা নাট্য সন্মিলনৰ এক বৰ্ণিল সাংস্কৃতিক ইতিহাস আছে। অসম নাট্য সন্মিলনৰ স্বীকৃতি প্ৰাপ্ত এক বলিষ্ঠ জিলা শাখা লখিমপুৰ জিলা নাট্য সন্মিলনৰ দ্বিবাৰ্ষিক অধিৱেশনখন ঘিলামৰাত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ঘিলামৰা শাখা তথা ইংগিত নাট্য গোষ্ঠীৰ আতিথ্যত অহা ১৭ ডিচেম্বৰত ঘিলামৰাৰ কৃষ্টি ভৱন প্ৰাঙ্গনত অনুষ্ঠিতব্য এই জিলা অধিবেশনৰ সফল উদযাপনৰ বাবে ইতিমধ্যে ঘিলামৰাৰ শাখা সমিতিৰ সভাপতি ,শৈলেন দত্ত আৰু সম্পাদক বিজয় ভৰালী প্ৰমুখ্যে নাট্য কৰ্মীসকলক প্ৰস্তুতি আৰু অভ্যাগতৰ অতিথ্যৰ সুব্যৱস্থা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

জিলাখনৰ ১২খন শাখাৰ ডেৰশতাধিক বিষয়ববীয়া প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া অধিবেশনৰ প্ৰতিনিধি সভাতেই এখন নতুন জিলা সমিতি অনাগত দুবছৰৰ কাৰ্যকালৰ বাবে গঠন কৰা হ'ব। ঘিলামৰা শাখাৰ সভাপতি শৈলেন দত্তই অধিবেশনখনৰ সাফল্য মণ্ডিত কৰাত নাট্য কৰ্মী আৰু নাট্যানুৰাগী ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।

লখিমপুৰ জিলা নাট্য সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি...
যোৰহাটৰ সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in