যোৰহাটৰ সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ সামৰণি...

যোৰহাটৰ সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ সামৰণি...
যোৰহাটৰ সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ সামৰণি...

ডিজিটেল সংবাদ যোৰহাটঃ অসমৰ গাওঁ-চহৰৰ ভিন্ন প্ৰান্তৰ ক্ৰীড়া প্ৰতিভাসমূহ বিচাৰি উলয়াই তেওঁলোকক এক বিশেষ মঞ্চ দিয়াৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ ৰাজ্য চৰকাৰে ৰাজ্যজুৰি আয়োজন কৰা যোৰহাট সমষ্টি পৰ্যায়ৰ খেল মহাৰণখন আজি সামৰণি পৰিছে।

আজি সামৰণি অনুষ্ঠান উপস্থিত থাকি মন্ত্রী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ আগত কয় যে, বৰ্তমান ৰাজ্যত ক্ৰীড়া আৰু সংস্কৃতিৰ এক পৰিবেশ সৃষ্টি কৰিবৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম পৰ্য্যায়ত পঞ্চায়ত, তাৰ পাছত সমষ্টি ভিত্তিত আৰু পৰৱৰ্তী পৰ্য্যায়ত জিলা আৰু ৰাজ্যিক ভিত্তিত খেল মহাৰণ আৰু সাংস্কৃতিক মহা সংগ্ৰাম আৰম্ভ কৰা হৈছে।

ইতিমধ্যে পঞ্চায়ত পৰ্য্যায়ৰ সাংস্কৃতিক মহা সংগ্ৰাম আৰু খেল মহাৰণৰ খেলসমূহ অনুষ্ঠিত হৈ আছে। কোনো কোনো ঠাইত সমষ্টি ভিত্তিক খেলসমূহ সমাপ্ত হৈ জিলা পৰ্য্যায়ৰ খেল সমূহ অনুষ্ঠিত হৈ আছে।

ইয়াৰ পাছত পাঁচ ঠাইত পাঁচ বিধ খেলৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে, এই খেল মহাৰণৰ জৰিয়তে আমি এনে কিছু প্ৰতিভা পাবলৈ সক্ষম হৈছো যিসকল ৰাজ্যিক পৰ্য্যায়ৰ ৰেকৰ্ডৰ সমসাময়িক অথবা ৰাজ্যিক পৰ্য্যায়ৰ ৰেকৰ্ডত কৈ আগবাঢ়ি যোৱা।

বিশেষকৈ দৌৰত ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেকৰ্ডৰ ফেৰ মাৰিব পৰা খেলুৱৈসকলক আমি উলিয়াই আনিব লাগিব। একেদৰে ফুটবল, খো খো, কাবাদীতো আমি বহু উন্নত মানৰ খেলুৱৈ দেখিবলৈ পাইছোঁ ৰাজ্যৰ ভিন্ন প্ৰান্তত এই খেল মহাৰণৰ যোগেদি। প্ৰত্যেক সমষ্টিত এটা এটা দল নিৰ্মান হৈছে।

প্ৰত্যেক সমষ্টিৰ দলসমূহত বিধায়কসকল জড়িত হৈ পৰিছে। বিধায়কসকলৰো সন্মানৰ কথা আহি পৰিছে এই ক্ষেত্ৰত। কাৰণ তেওঁলোকে বিচাৰিব যে, তেওঁৰ সমষ্টিৰ দলটো শক্তিশালী হওক।

ৰাজ্যত এক সুন্দৰ ক্ৰীড়াৰ বাতাবৰণ আহিছে। মুখ্যমন্ত্ৰী গৰাকীৰ সপোন আছিল যে, ৰাজ্যত যি বেয়া বাতাবৰণ আছিল যেনে ধৰ্ণা, ধৰ্মঘট, পিকেটিংৰ বাতাবৰণ, সেইসমূহ নোহোৱা হৈ ক্ৰীড়া আৰু সংস্কৃতিৰ বাতাবৰণ সৃষ্টি হওঁক আৰু ইয়াৰ জৰিয়তে আমি নতুন অসম গঢ়ি তুলিব লাগিব আৰু নতুন প্ৰজন্মক খেল আৰু সংস্কৃতিৰ জৰিয়তে আগুৱাই লৈ যাব লাগিব।

ৰাজ্যৰ ভিন্ন প্ৰান্তত এই ক্ষেত্ৰত ব্যাপক সঁহাৰি লাভ কৰিছোঁ। ই এক সুস্থ বাতাবৰণ সৃষ্টি হৈছে। এক উৎসৱ মুখৰ পৰিবেশ বিৰাজ কৰিছে বুলিও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে খেল মহাৰণৰ আজি যোৰহাট সমষ্টি পৰ্যায়ৰ ফুটবলৰ ১৯ বছৰ অনুৰ্ধ্ব আৰু ১৯ বছৰ উৰ্ধ্বৰ চূড়ান্ত খেল দুখন যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হয়।

আজি অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধ্ব চূড়ান্ত খেলখনত ৫২ নং দক্ষিণ চৰাইবাহি দলে ৫৪ নং চিনামৰা দলক ১-০ গ'লত পৰাজিত কৰি যোৰহাট সমষ্টিৰ চেম্পিয়ন হোৱাৰ লগতে ১৯ বছৰ উৰ্ধ্বৰ ফুটবলৰ চূড়ান্ত খেলখনত যোৰহাট আৰবান দলে ৩৬ নং নাওবৈছা দলক ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰি যোৰহাট সমষ্টিয়ে চেম্পিয়নৰ খিতাপ দখল কৰে।

আজি খেলৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য, অভিযান্ত্ৰিক, দক্ষতা বিকাশ আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা, যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, জিলা আয়ুক্ত পুলক মহন্ত প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in