/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/be4d4acc-ed0d-4800-80ff-efc35ca9331a/dhokuakhana_27.jpg)
ঢকুৱাখনাত কিশোৰ ছাত্ৰক নিৰ্মম নিৰ্যাতন চলোৱা যুৱক আৰক্ষীৰ জালত...
ডিজিটেল সংবাদ ঢকুৱাখনা: অৱশেষত ৰঙা ঘৰৰ আলহী হ'ল ঢকুৱাখনাৰ ৬ কিশোৰ ছাত্ৰক নিৰ্মম অত্যাচাৰ চলোৱা উন্নাসিক যুৱক দুলুমনি বৰুৱা। ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দুলিয়াগাঁও তিনিআলিত অৱস্থিত এ টু জেদ ষ্ট'ৰ নামৰ ব্যবসায়িক প্ৰতিষ্ঠানৰ স্বতাধিকাৰীসহ কেইগৰাকীমান উদণ্ড যুৱকে চুৰি কৰাৰ অভিযোগত কিছুদিন পূৰ্বে ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ ৬ গৰাকী কিশোৰ ছাত্ৰক ৰাজহুৱা স্থানত আঁঠু কঢ়াই লাঠিৰে নিৰ্মম প্ৰহাৰ কৰিছিল।
আৰক্ষী সূত্ৰই জনোৱা মতে ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ শিক্ষাৰ্থী কেইগৰাকীক এনেদৰে শাৰীৰিক নিৰ্যাতন চলোৱাৰ উপৰিও প্ৰতি গৰাকী শিক্ষাৰ্থীৰ অভিভাৱকৰ পৰা প্ৰায় ৫৫ হাজাৰকৈ টকা সংগ্ৰহ কৰি সৰ্বমুঠ ২ লাখ ৯১ হাজাৰ টকা লৈ এই সন্দৰ্ভত অভিভাৱক পক্ষৰ সৈতে চুক্তি পত্ৰ পৰ্যন্ত কৰিছিল ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই।
এই অমানুষিক নিৰ্যাতন সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পাছত ঢকুৱাখনা আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰি শুকুৰবাৰে সন্ধ্যা নিৰ্যাতনত মুখ্য ভূমিকা গ্ৰহণ কৰা যুৱকজনক আটক কৰিছে। উল্লেখযোগ্য যে, উক্ত নিৰ্মম কিশোৰ অত্যাচাৰৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে জড়িত অন্যসকলক অদ্যপি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।
এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। ইপিনে ধৃত যুৱকজনে কিশোৰ কেইজনৰ বিৰুদ্ধে চুৰিৰ অভিযোগ উত্থাপন কৰিছে যদিও এই সন্দৰ্ভত যুৱকজনক আটক কৰা পৰ্যন্ত কোনো গোচৰ থানাত ৰুজু নকৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
Also Read: হাতত জুইশিখা লৈ কাজিৰঙাত 'আল্ট্ৰা ৰাণ- ২০২৩' মুকলি জুবিনৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us