ডিজিটেল সংবাদ,ঢকুৱাখনা : নিষিদ্ধ সংগঠন এটাই এইবাৰ একাংশ নিৰ্বোধ কিশোৰক ব্যৱহাৰ কৰি কূটাঘাতমূলক কাণ্ড সংঘটিত কৰাৰ কৌশল প্ৰয়োগ কৰিছে। লোক চক্ষুত নপৰাকৈ কম বয়সীয়া কিশোৰক ব্যৱহাৰ কৰি অতি নিখুঁত আৰু পৰিকল্পিতভাৱে বিস্ফোৰক সামগ্ৰীৰ সৰবৰাহ আৰু সংস্থাপনৰ অতি ভয়ংকৰ কাৰ্য পোহৰলৈ আহিছে লখিমপুৰ জিলাত।
যিটো ভয়ানক খবৰে চাঞ্চল্যৰ সূত্ৰপাত ঘটাইছে জিলাখনত। শেহতীয়াকৈ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জিলাখনৰ দুটা স্থানত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱাৰ পাছতেই এই স্পৰ্শকাতৰ তথ্য পোহৰলৈ আহিছে।
জিলাখনৰ লালুক আৰক্ষী থানা আৰু লখিমপুৰ সদৰ থানাৰ খেলমাটি আৰক্ষী চকীৰ অন্তৰ্গত দুটা স্থানত দুটা বোমাসদৃশ বিস্ফোৰক উদ্ধাৰ হোৱাৰ পাছত আৰক্ষীৰ অভিযান কালত এই কথা প্ৰমাণিত হৈছে ।
আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত হাতীলুং অঞ্চলৰ দুটা প্ৰায় ১৬-১৭ বছৰীয়া কিশোৰক আৰক্ষীয়ে আটক কৰি অধিক তথ্য উদ্ঘাটনত ব্ৰতী হৈছে । দুদিন আৰক্ষীৰ জিম্মাত ৰাখি দুয়োজন কিশোৰক লৈ আৰক্ষীয়ে অনুসন্ধান অৱ্যাহত ৰাখিছে।
কোন ব্যক্তিয়ে এই ভয়ংকৰ বিস্ফোৰক সামগ্ৰীৰ টোপোলা কিহৰ বিনিময়ত উক্ত স্থানত ৰাখিবলৈ প্ৰৰোচিত কৰিছিল সেই সম্পৰ্কে দুই কিশোৰক ধাৰাবাহিক অনুসন্ধান অব্যাহত ৰাখিছে ।
জিলা আৰক্ষী অধীক্ষক মিহিৰজ্যোতি গায়নৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু দিক নিৰ্দেশনাত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) লব কুমাৰ ডেকা আৰু (অপৰাধ) নয়নমণি বৰ্মনে অব্যাহত ৰাখিছে প্ৰকৃত মাষ্টাৰ মাইণ্ডক চিনাক্ত কৰাত। আৰক্ষীয়ে এই সন্দৰ্ভত বিদ্ৰোহী সংগঠনটোৰ একাংশ আত্মসমৰ্পণকাৰী সদস্যৰ গতি বিধিৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিছে ।
আৰক্ষীয়ে জিলাখনৰ আৰক্ষী থানাসমূহৰ অন্তৰ্গত আত্মসমৰ্পনকাৰী সদস্যসকলৰ যোৱা ১০ আগষ্টৰ পৰা ১৫ আগষ্ট পৰ্যন্ত প্ৰামানিক উপস্থিতিৰ তথ্য সংগ্ৰহ কৰাত নামি পৰিছে । একাংশ এনে সদস্যক থানালৈ তলব কৰি এই সময়ছোৱাত ক'ত আছিল , কিহত ব্যস্ত আছিল তাৰ সংক্ষিপ্ত বিৱৰণ আৰু গতিবিধি সংগ্ৰহ কৰাত ব্যস্ত হৈছে ।
সন্দেহজনক এনে ব্যক্তিৰ মবাইলৰ কথোপকথন সন্দৰ্ভত প্ৰামানিক তথ্যও সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে। জিলাখনৰ আৰক্ষী , চোৰাংচোৱা , তহলদাৰী আৰক্ষী আৰু বিশেষ শাখাৰ তথাকথিত সক্ৰিয়তাক জনদৃষ্টিত উলংগ কৰি বিদ্ৰোহী সংগঠনটোৱে এনে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ পাছত জনসাধাৰণৰ জীৱন সম্পত্তিৰ সুৰক্ষাকলৈ জটিল প্ৰশ্ন উত্থাপন হৈছে ।
জিলা আৰক্ষী এনে সামূহিক ব্যৰ্থতাৰ মাজতে আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়াক হত্যাকৰাৰ অন্য এক ব্লুপ্ৰিন্ট জিলাখনতে তৈয়াৰ হৈছে । য'ত দুগৰাকী আত্মসমৰ্পণকাৰী সদস্য জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ।
এই সন্দৰ্ভত বগীনদী আৰক্ষী থানাত এটা গোচৰ (নং ৩৯ / ২০২৪) পঞ্জীভূত কৰা হৈছে । ভাৰতীয় ন্যায় সংহিতা আইনৰ ৬১/৩০৮/৩৫১/৩(৫) ধাৰাত ।
উল্লেখ্য যে বগীনদী আৰক্ষীয়ে এই দুগৰাকী অভিযুক্ত ক্ৰমে তপন কমান আৰু গোবিন সোণোৱালক শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰিছিল । উল্লেখযোগ্য যে জিলাখনৰ দুটা ৰাজহুৱা স্থানত বিস্ফোৰক উদ্ধাৰ ,জড়িতৰ পৰিচয় কিম্বা তদন্তৰ অগ্ৰগতি সন্দৰ্ভত লখিমপুৰ জিলা আৰক্ষীযে অদ্যপি কোনো ভাষ্য ৰাজহুৱা কৰা নাই । সংবাদ মাধ্যমৰ পৰাও এই স্পৰ্শকাতৰ বিষয় সমূহ আঁতৰাই ৰাখি নিজাববীয়া অনুসন্ধান অব্যাহত ৰাখিছে ।