/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-17/323rqis8/216.jpg)
ডিজিটেল সংবাদ,বাক্সা : বাক্সা জিলাৰ মুছলপুৰতঅসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা ।অনিয়মীয়া বিদ্যুৎ যোগান, অভাৱনীয় হাৰত বিদ্যুৎ মাছুল বৃদ্ধি, স্মাৰ্ট মিটাৰৰ নামত জনসাধাৰণৰ ওপৰত চলা অত্যাচাৰৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা- কৰ্মী ।
প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৱে বিদ্যুৎ মাছুল হ্ৰাস কৰি বিদ্যুৎ যোগান সুচল কৰাৰ দাবী তোলে। লগতে শক্তি বিভাগে শক্তি দিব দূৰৈৰ কথা তেওঁলোকৰে শক্তি নাই বুলি তাচ্ছিল্য কৰে ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক কংকনজ্যোতি শৰ্মাই।
Also Read: শিৱসাগৰ যুৱদলত তথ্যচিত্ৰ 'হৃদয় সুৰীয়া' আৰু সংগৃহীত পুথি 'দিহানাম (প্ৰাচীন)' উন্মোচন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us