/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5e42278b-5a64-48fd-aafa-5951a44382c4/sonari_22.jpg)
সোণাৰি চাপৰি পঞ্চায়তত ধনৱন্তক দৰিদ্ৰ সজাইছে কোনে?
ডিজিটেল সংবাদ ঢকুৱাখনা: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত গ্ৰাম্য দৰিদ্ৰ গৃহহীন পৰিয়ালৰ বাবে চৰকাৰী ভাবে আৱন্তন দিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)খন বাস্তৱিকতে একাংশ নিৰ্বাচিত জন প্ৰতিনিধি আৰু চৰকাৰী কৰ্মচাৰীৰ সোণৰ কণী পৰা হাঁহলৈ পৰ্যবসিত হোৱা পৰিলক্ষিত হৈছে । প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ নীতি নিৰ্দেশনা অৱজ্ঞা কৰি বক্র পথেৰে নীতি নিৰ্দেশনাৰ আওতাৰ বাহিৰৰ পৰিয়ালক এনে আঁচনিৰে উপকৃত কৰাৰ বাবে চলোৱা অসৎ কচৰৎৰ বাবেই ঢকুৱাখনা মহকুমাত এই সমগ্ৰ গ্ৰামোন্নয়ন আঁচনিখন ধোঁৱাচাঙত উঠা দৃষ্টিগোচৰ হৈছে।
ঢকুৱাখনা উন্নয়ন খণ্ডৰ সমান্তৰাল ভাৱে শেহতীয়াকৈ এই আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ঘিলামৰা উন্নয়ন খণ্ডৰ সোণাৰি চাপৰি পঞ্চায়তত। উত্থাপিত অভিযোগত প্ৰকাশ যে, পঞ্চায়তখনৰ সভাপতি মঞ্জিত সোণোৱাল ,সচিব দীপক কমানৰ দুৰ্নীতিগ্ৰস্ত ভূমিকাৰ বাবেই পঞ্চায়তখনৰ গৰিষ্ঠ সংখ্যক গ্ৰাম্য উপাৰ্জনহীন ,দৰিদ্ৰ পৰিয়ালে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ দ্বাৰা উপকৃত হোৱাতো সম্ভৱ হোৱা নাই।
বিশেষকৈ পঞ্চায়তখনৰ একাংশ বিত্তবান ,ধনৱন্ত ,পকী ঘৰ ,যান বাহন থকা পৰিয়ালক দৰিদ্ৰ আৰু গৃহহীন সজাই এই আঁচনিৰ জৰিয়তে উপকৃত কৰাত নামিছে পঞ্চায়ত প্ৰতিনিধি আৰু সচিব । বিপৰীতে অতি দৰিদ্ৰ,বিশেষ ভাবে সক্ষম, উপাৰ্জনহীন পৰিয়ালক ধনৱন্ত সজাই এনে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰি ৰাখিছে ।
এই অভিযোগ পঞ্চায়তখনৰ প্ৰাপ্য বঞ্চিত দৰিদ্ৰৰ। চৰকাৰী বেতনভোগী , অংগনৱাদী কর্মীকো দুখীয়া সজাই এনেবোৰ ক্ষমতাশীল পক্ষই এই আঁচনিৰ গৃহ আৱন্তনৰ সুব্যৱস্থা কৰাই নহয় অন্যৰ উৰুখা বাঁহৰ গৃহকে নিজৰ গৃহ বুলি "জিঅ' টেগ" কৰি চৰকাৰী পুঁজি কুক্ষীগত কৰাৰ এক নিৰ্লজ প্ৰক্ৰিয়া পঞ্চায়তখনত অব্যাহত থকাৰো মুকলি ৰাজহুৱা অভিযোগ সংবাদ মাধ্যমক অৱগত কৰিছে ৰাইজে ।
বুধবাৰে পঞ্চায়তখনৰ একাংশ ব্যক্তিয়ে চৰকাৰী নীতি নিৰ্দেশনা পদপিষ্ট কৰি, প্ৰকৃত যোগ্য পৰিয়ালক বঞ্চিত কৰি অযোগ্য ধনৱন্ত পৰিয়ালক লাভান্বিত কৰা এই অসৎ কাৰ্য পঞ্চায়ত সভাপতি, সচিব আদিৰ নেতৃত্বত অব্যাহত আছে বুলি দৃঢ়তাৰে কৈ এনে অশুভ পৰম্পৰা উৎখাট কৰাৰ বাবে খণ্ড উন্নয়ন বিষয়া ,মহকুমাধিপতিক দাবী জনাই । এই নীতি বৰ্হিভূত কাৰ্যত বৃহৎ বিত্তীয় লেন দেন জড়িত থকাৰো আশংকা প্ৰকাশ কৰি বঞ্চিত ৰাইজে কি যোগ্যতাৰে এনেবোৰ আঢ্যবন্ট পৰিয়াল দৰিদ্ৰৰ তালিকাত সোমাল তাকলৈও বিতৰ্কৰ সূত্ৰপাত ঘটিছে।
ৰাইজৰ দাবী এই হিতাধিকাৰী তালিকাত কিদৰে ধনৱন্ত পৰিয়ালসমূহ অন্তৰ্ভুক্ত হ'ল আৰু আঁচনি প্ৰদানৰ সময়ত কিয় এনেবোৰ ধনী পৰিয়ালৰ নাম কৰ্তন নহ'ল সেয়াই প্ৰকট কৰিছে বাস্তৱিকতে আঁচনিখনৰ নামত কি ঘটিছে পঞ্চায়তখনত । ইপিনে অঞ্চলটোৰ কেইগৰাকীমান যুৱকে এই হিতাধিকাৰী তালিকা বিচাৰি পঞ্চায়তত বিধিগত ভাবে আবেদন কৰিছিল যদিও নিজৰ দুৰ্নীতিগ্ৰস্ত চৰিত্ৰ ফাদিল হোৱাৰ ভয়ত এই তথ্য প্ৰদান নকৰিলে সভাপতি আৰু সচিৱে ।
ৰাইজৰ দাবী যোগ্য প্ৰকৃত প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়াল উপকৃত হওক কিন্তু এটাও অযোগ্য ধনৱন্ত পৰিয়ালে এই আঁচনিৰে উপকৃত হলে মানি লোৱা নহ'ব । ৰাইজৰ এনে নাৰ্য দাবী কিমান কাৰ্যত পৰিণত হয় তাৰ ওপৰতে নিৰ্ভৰ কৰিছে চৰকাৰী আঁচনিখনৰ স্বচ্ছতা ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/4246e13c-cc84-40c6-b62f-d958bba48a16/0f843d0c_9d56_4854_9a1a_5dc8221fd42d.jpg)
Also Read: 'যিদিনা মোক বিচাৰি নাপাবা...' গ'লগৈ ড০ বিৰিঞ্চি কুমাৰ মেধিও