/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/bbf38738-a8e1-463f-95a5-d6117419df7a/BIRINCHI_22.jpg)
'যিদিনা মোক বিচাৰি নাপাবা...' গ'লগৈ ড০ বিৰিঞ্চি কুমাৰ মেধিও
ডিজিটেল ডেস্কঃ বিশিষ্ট সাহিত্যিক, কবি, গীতিকাৰ তথা শিক্ষাবিদ ড০ বিৰিঞ্চি কুমাৰ মেধি আৰু নাই। দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত আজি তেওঁ গুৱাহাটীৰ ডাউন টাউন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।
অসমৰ দুখনকৈ আগশাৰীৰ শিক্ষানুষ্ঠান আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত নৃতত্ত্বত বিভাগত অধ্যাপনা কৰা ড০ মেধি আছিল অসম আন্দোলনৰ সৈতেও জড়িত। আনহাতে চাকৰি জীৱনৰ পৰা অৱসৰৰ সময়ত তেওঁ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনথ্র’প’ল’জী বিভাগৰ অধ্যাপক।
তেওঁৰ অসমীয়া সাহিত্য , সংস্কৃতিৰ ওপৰত আছিল যথেষ্ট দক্ষতা। তেওঁ আছিল আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ গীতিকাৰ। এসময়ৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিদিপ দত্তৰ জনপ্ৰিয় গীত 'যিদিনা মোক বিচাৰি নেপাবা' আছিল ড০ বিৰিঞ্চী মেধিৰেই সৃষ্টি। তেওঁৰ মৃত্যুৱে অসমৰ কলা,সাহিত্য, সংস্কৃতি, শিক্ষা আদি ক্ষেত্ৰত শোকৰ ছাঁ পেলাইছে।
Also Read: ৬৩ ত ঔষধ প্ৰস্তুত প্ৰতিষ্ঠান, ৮৫ ত মহন্তক মুখ্যমন্ত্ৰী পতা মানুহজন