উদীয়মান ফটোগ্ৰাফাৰ প্ৰাণজিৎ বৰুৱাৰ দেহাৱসান

উদীয়মান ফটোগ্ৰাফাৰ প্ৰাণজিৎ বৰুৱাৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
উদীয়মান ফটোগ্ৰাফাৰ প্ৰাণজিৎ বৰুৱাৰ দেহাৱসান

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰৰ যশস্বী ফটোগ্ৰাফাৰ, শিক্ষক, সৰবৰহী যুৱক প্ৰাণজিৎ বৰুৱাৰ দেহাৱসান ৷ শুকুৰবাৰে পুৱা মাত্ৰ ৩২ বছৰ বয়সতে দেহাৱসান হয় উদীয়মান যুৱকজনৰ৷

Advertisment

বিগত এমাহ ধৰি যুৱকজন হাঁওফাঁওৰ সংক্ৰমণ ৰোগত ভুগি আছিল৷ উন্নত চিকিৎসাৰ বাবে যুৱকজন বিগত এসপ্তাহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল৷

প্ৰাণজিৎ বৰুৱাৰ ঘৰ লখিমপুৰ চহৰৰ চি ডি ৰোডত৷ প্ৰয়াত যুৱকজনৰ বাবেই উত্তৰ পাৰত ফটোগ্ৰাফী জনপ্ৰিয় হৈ উঠিছিল৷ প্ৰাণজিৎ বৰুৱাই লখিমপুৰ ফটোগ্ৰাফী ক্লাবৰ আৰম্ভণি কৰিছিল৷ লখিমপুৰ মিৰ’ৰ নামৰ সামাজিক মাধ্যম মঞ্চৰো প্ৰতিষ্ঠাপক আছিল প্ৰাণজিৎ বৰুৱা ৷

প্ৰতিভাৱান যুৱকজনৰ অকাল মৃত্যুয়ে এতিয়া সমগ্ৰ লখিমপুৰতে গভীৰ শোকৰ ছাঁ পেলাইছে৷

Also Read: অমৃত কালত প্ৰসূতিয়ে ই-ৰিক্সাত প্ৰসৱ কৰিছে সন্তানঃ বিকল এম্বুলেঞ্চ, বিধ্বস্ত বাট-পথ..

photography