ফাট বিহুক লৈ নব্য ৰূপেৰে প্ৰাণ পাইছে চাৰিকঢ়িয়াৰ পাৰৰ মহঘুলি চাপৰিয়ে..

প্ৰকৃতিৰ বিনন্দীয়া প্ৰাকৃতিক পৰিবেশেৰে সমৃদ্ধ ঐতিহাসিক চাৰিকঢ়িয়া নদী। ঢকুৱাখনাবাসীৰ জীৱন জীৱিকা আৰু মান স্বাভিমানৰ প্ৰতীক স্বৰূপ এই চিৰ প্ৰবাহমান চাৰিকঢ়িয়া নদী
ফাট বিহুৰ আয়োজন
ফাট বিহুৰ আয়োজন

ডিজিটেল সংবাদ, ঢকুৱাখনা: প্ৰকৃতিৰ বিনন্দীয়া প্ৰাকৃতিক পৰিবেশেৰে সমৃদ্ধ ঐতিহাসিক চাৰিকঢ়িয়া নদী। ঢকুৱাখনাবাসীৰ জীৱন জীৱিকা আৰু মান স্বাভিমানৰ প্ৰতীক স্বৰূপ এই চিৰ প্ৰবাহমান চাৰিকঢ়িয়া নদী ।

এই নদীৰ অৱবাহিকাৰ মহঘুলি চাপৰিৰ নিগাজি বিহু বাকৰিত শুক্ৰবাৰৰ পৰা আৰম্ভ হব একক লোক সংস্কৃতিৰ মহোৎসৱ ফাটবিহু। 

শতিকা গৰকা বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ এই একক লোক উৎসৱ ফাটবিহু যথাৰ্থতেই ঢকুৱাখনাবাসীৰ প্ৰাণ স্পন্দন । যুগ যুগান্তৰৰ পৰিধি ভেদি পৰম্পৰাগত ভাবে উদযাপিত এই ফাটবিহু ২০২৩ শুক্ৰবাৰৰ পৰা দেওবাৰ পৰ্যন্ত তিনি দিনীয়া স্বকীয় পৰিক্ৰমাৰে মহঘুলি চাপৰিৰ বিহুবাকৰিত অনুষ্ঠিত হব । 

শুক্ৰবাৰে পুৱা ফাটবিহু সমিতিৰ সভাপতিৰ পতাকা উত্তোলনেৰে তিনিদিনীয়া বৰ্ণিল পৰিক্ৰমাৰ শুভাৰম্ভ ঘটিব । মঞ্চ মুকলি কৰিবলৈ দুপৰীয়া বিহু বাকৰিত উপস্থিত হব ঘিলামৰাৰ বিশিষ্ট গৱেষক আৰু শিক্ষাবিদ ডঃ কেশৱ হাজৰিকাই ।

ফাট বিহুকলৈ প্ৰস্তুতি
ফাট বিহুকলৈ প্ৰস্তুতি

ইয়াৰ পাছতে অনুষ্ঠিত হ'ব লগীয়া টকা বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব অভিনেত্ৰী স্মৃতি পেগুৱে। বিয়লি অনুষ্ঠিত হব চেমনীয়া বিহু প্ৰতিযোগিতা । ডিব্ৰুগড়ৰ বিহুৱা জীতেন দাসে এই বিহু প্ৰতিযোগিতা শুভাৰম্ভ কৰিব।

ফাটবিহুৰ দ্বিতীয় দিনা বিহু বাকৰিত কপৌ ফুল ৰোপণ, থলুৱা শিপিনীৰ মাজত গামোচা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছতে সকলো জাতি জনগোষ্ঠীৰ নিজস্ব পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হব।

বিশিষ্ট লোক শিল্পী খগেন গগৈয়ে উদ্বোধন কৰিব লগা এই হুঁচৰি প্ৰতিযোগিতাৰ মাজতে ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ "বিহুৱান" উন্মোচন কৰিব বিশিষ্ট লেখিকা,  সাহিত্যিক সমালোচক অনুৰাধা শৰ্মা পূজাৰীয়ে ।

পৰৱৰ্তী সময়ত কৃতি বিহুৱা বিহুৱতী আৰু চহা ব্যক্তিত্বক সম্বৰ্ধনা জনোৱা অনুষ্ঠানৰ শুভাৰম্ভ কৰিব ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

দেওবাৰে ফাটবিহুৰ অন্তিম দিনৰ পুৱা ১০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে ।  দুপৰীয়া ১২ বজাত ফাটবিহুৰ একক লোক সম্পদ মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব লোকশিল্পী একলব্য গামে।

বিয়লি অনুষ্ঠিত হ'ব লগা মুকলি সভা উদ্বোধন কৰিব প্ৰবীণ অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে ।

মুকলি সভাত মুখ্য অতিথি হিচাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিশিষ্ট অতিথি হিচাবে ৫ গৰাকী ৰাজনীতিক ক্ৰমে মন্ত্ৰী ডাঃ ৰনোজ পেগু, মন্ত্ৰী বিমল বৰা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ দলে, প্ৰাক্তন বিধায়ক আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা উপস্থিত থাকিব। 

বিপৰীতে নিৰ্দিষ্ট বক্তা হিচাবে বিশিষ্ট সাহিত্যক ডঃ অঞ্জন জ্যোতি চৌধুৰী , আমন্ত্ৰিত অতিথি হিচাবে বিশিষ্ট অনাতাঁৰ শিপ্লী চৈয়দ চাদুল্লা আদি উপস্থিত থাকিব। ফাটবিহু কেন্দ্ৰীক তৎপৰতা আৰু উৎসৱমুখীতাক নতুন মাত্ৰা দি ন ৰূপত সজাই পৰাই তোলা হৈছে বিহু বাকৰিক।

আকৰ্ষণীয় আৰু দৃষ্টিনন্দন লোকসজ্জাৰে প্ৰাণোচ্ছল হৈ পৰা মহঘুলী চাপৰিত অনুষ্ঠিতব্য লোক সংস্কৃতিৰ মহা মিলনথলীৰ মুকলি সভালৈ মুখ্যমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি অধিক তৎপৰ হৈ পৰিছে ফাটবিহু সমিতিৰ লগতে জিলা আৰু মহকুমা প্ৰশাসন।

পৰিকল্পনাবিহীন , কদৰ্য আৰু  স্থিতাবস্থামুখী ঢকুৱাখনা নগৰক  দিনে নিশাই শ্ৰম কৰি ন কইনা ৰূপত  সজাই তোলা পৰিলক্ষিত হৈছে ।

অসমীয়া জাতীয় সাংস্কৃতিক সত্তা স্বৰূপ এই ফাটবিহু-২০২৩ৰ কেউতা দিনৰ কাৰ্যসূচীত লোক সংস্কৃতিপ্ৰেমীৰ অংশগ্ৰহণ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ফাটবিহু সমিতিৰ সম্পাদক ভাস্কৰ দাসে।

ফাট বিহুৰ আয়োজন
মনোৰঞ্জন নহয়, ৰাজনীতিৰ বাবে চিনেমা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in