ফাট বিহুক লৈ প্ৰাণ পাই উঠিছে চাৰিকড়িয়াৰ পাৰ..

ফাট বিহুক লৈ প্ৰাণ পাই উঠিছে চাৰিকড়িয়াৰ পাৰ..

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ চাৰিকড়িয়াৰ পাৰৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত ৩ দিনীয়াকৈ উদযাপন হ'ব গৰিমামণ্ডিত ফাট বিহু। ১০ মে'ৰ পৰা ১২ মে'লৈ অনুষ্ঠিত হ'ব লগা এই বৰ্ণিল লোক উৎসৱৰ বাবে নতুন পাৰিপাৰ্শ্বিক সাজেৰে সজাই তোলা হৈছে বিহু বাকৰি।

বৰ্ষা সিক্ত মহঘুলি চাপৰিৰ প্ৰাকৃতিক পৰিবেশৰ সৈতে ৰজিতা খুৱাই বিহু বাকৰিক ন ৰূপ প্ৰদান কৰাৰ চেষ্টাৰ ক্ৰুটি কৰা নাই উদযাপন সমিতিয়ে। বিহুপ্ৰেমী ৰাইজৰ সহায়ক হোৱাকৈ একক অদ্বিতীয় এই মহোৎসৱ ক্ষেত্ৰত স্থাপন কৰা হৈছে দুটাকৈ আশ্ৰয় মণ্ডপ।

মহঘুলি চাপৰিৰ বিহুবলিয়া ৰাইজ অতিথিক আপ্যায়নৰ বাবে ঘৰে ঘৰে প্ৰস্তুত কৰা হৈছে ভিন্ন স্বাদৰ লাড়ু,পিঠা পনা,সুস্বাদু জলপান।ঢকুৱাখনা সদৰৰ পৰা বিহু বাকৰি পৰ্যন্ত সমগ্ৰ ৰাজপথত স্থাপন কৰা হৈছে অতিথি অভ্যাগতক আদৰাৰ সুদৃশ্যমান আদৰণি তোৰণ। ফাট বিহু সমিতিৰ প্ৰত্যাশা দুই লক্ষাধিক দৰ্শকৰ সমাগম ঘটিব এইবাৰৰ ফাট বিহু উৎসৱত।

মুঠ ৩৫ লাখ বাজেটেৰে উদযাপনৰ প্ৰস্তুতি সম্পন্ন কৰা ফাট বিহুলৈ দেশ বিদেশৰ বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানৰো আগমন ঘটিছে।উল্লেখযোগ্য যে জাতীয় সাজেৰে ফাট বিহু উপভোগ কৰাতো ফাট বিহুৰ অন্য এক বৈশিষ্ট হিচাবে প্ৰতীয়মান হৈ আহিছে । আগন্তুক ফাট বিহুলৈ জাতীয় সাজ পৰিধান নকৰাকৈ অহা বিহু প্ৰেমী সকলৰ সুবিধাৰ্থে এইবাৰ ফাট বিহু মূল তোৰনৰ সন্মুখত স্থাপন কৰা হৈছে জাতীয় সাজ পোছাক বিক্ৰীৰ এক বিপনী।

আগ্ৰহী বিহুপ্ৰেমী সকলে পছন্দৰ জাতীয় সাজ ক্ৰয় কৰি বিপনিতে স্থাপন কৰা সুকীয়া কোঠাত সাজ পাৰ পৰিধান কৰাৰ সু ব্যৱস্থা কৰি দিছে ফাট বিহু সমিতিয়ে। শুকুৰবাৰে পুৱা ফাট বিহুৰ পতাকা উত্তোলনেৰে তিনিদিনীয়া বৰ্ণিল সাংস্কৃতিক পৰিক্ৰমাৰ শুভাৰম্ভ ঘটিব । কেইবা শতিকা অতিক্ৰমা ঢকুৱাখনাৰ স্বকীয় লোক মহোৎসৱ ফাট বিহুৰ ধাৰাবাহিকতাৰ ইতিহাসৰ পৃষ্ঠাত পুনৰ নিজৰ নাম স্বৰ্ণউজ্জ্বল লিপিৰে খোদিত কৰিবলৈ সক্ষম হব।

ফাট বিহুক লৈ প্ৰাণ পাই উঠিছে চাৰিকড়িয়াৰ পাৰ..
প্ৰতিদিন গোষ্ঠীৰ কৰ্মচাৰীৰ সন্তানৰ উন্নত ফলাফলত উৎফুল্লিত সাদিন-প্ৰতিদিন পৰিয়াল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in