প্ৰতিদিন গোষ্ঠীৰ কৰ্মচাৰীৰ সন্তানৰ উন্নত ফলাফলত উৎফুল্লিত সাদিন-প্ৰতিদিন পৰিয়াল...

প্ৰতিদিন গোষ্ঠীৰ কৰ্মচাৰীৰ সন্তানৰ উন্নত ফলাফলত উৎফুল্লিত সাদিন-প্ৰতিদিন পৰিয়াল...

ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনটোত অসমীয়া প্ৰতিদিনৰ মুখ্য কাৰ্যালয়ৰ কেইগৰাকীমান কৰ্মচাৰীৰ মুখত বিৰিঙিল প্ৰাপ্তিৰ হাঁহি। ফলাফল ঘোষণাৰ দিনটোত এই কৰ্মচাৰী কেইগৰাকীৰ সন্তানৰ উন্নত ফলাফলক লৈ গৌৰৱাম্বিত সাদিন-প্ৰতিদিন গোষ্ঠীৰ প্ৰতিগৰাকী কৰ্মকতা।

অসমীয়া প্ৰতিদিনৰ বিদ্যুত বিভাগৰ কৰ্মচাৰী অৰবিন্দ শৰ্মাৰ কনিষ্ঠ পুত্ৰই এইবেলি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ভাল ফলাফল দেখুওৱা জ্যোৰ্তিময় শৰ্মাই এইবাৰ উত্তীৰ্ণ হৈছে ৮৯শতাংশ নম্বৰ লৈ। কটন বিশ্ববিদ্যালয়ৰ কৃতী ছাত্ৰ জ্যোৰ্তিময়ে অসমীয়া, ইংৰাজী, ভূগোল, ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হোৱাৰ খবৰে গৌৱৰাম্বিত কৰিছে সাদিন-প্ৰতিদিন গোষ্ঠীক। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, অৰবিন্দ শৰ্মাৰ জ্যেষ্ঠ পুত্ৰও বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ।

অসমীয়া প্ৰতিদিনৰ আন এগৰাকী কৰ্মচাৰী মুকুট ডেকা। অসমীয়া প্ৰতিদিনৰ গাড়ীচালক মুকুট ডেকাৰ পুত্ৰ দিবাকৰ ডেকাই এইবেলি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৮২শতাংশ নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। কেমেষ্ট্ৰী, বায়ল’জী আৰু ইংৰাজী বিষয়ত লেটাৰ মাৰ্ক লাভ কৰা দিবাকৰ বাইহাটাৰ ৰামানুজন একাডেমীৰ ছাত্ৰ।

দিবাকৰ ডেকা
দিবাকৰ ডেকা

প্ৰতিদিনৰ কাৰ্যালয়ত ডি টি পি বিভাগৰ কৰ্মচাৰী বিনোদ বৈৰাগীৰ কন্যাও এইবেলি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে। গুৱাহাটী কৰ্মাচ কলেজৰ ছাত্ৰী সন্দিতা বৈৰাগীয়ে ৮৩.৮শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছে। ইংৰাজী, বিচনেছ ষ্টাডিছ আৰু ফাইনেন্স বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিছে সন্দিতাই।

সন্দিতা বৈৰাগী
সন্দিতা বৈৰাগী

চানমাৰীস্থিত অসমীয়া প্ৰতিদিনৰ মুখ্য কাৰ্যালয়ত সুৰক্ষাকৰ্মী হিচাপে নিয়োজিত দিলীপ ডেকাৰ কন্যাও সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।  দিলীপ ডেকাৰ কন্যা মানসী ডেকা ৰঙিয়া হায়াৰ ছেকেণ্ডাৰীৰ শিক্ষাৰ্থী। ৭২শতাংশ নম্বৰ লৈ অৰ্থনীতি বিজ্ঞান, শিক্ষা আৰু অসমীয়া বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিছে মানসীয়ে।

মানসী ডেকা
মানসী ডেকা

অসমীয়া প্ৰতিদিনৰ মুখ্য কাৰ্যালয়ৰ একাউন্স বিভাগৰ কৰ্মচাৰী ৰাজেশ শৰ্মাৰ পুত্ৰ সুৰজিত শৰ্মাই ৭৮শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছে। ঐচ্ছিক ইংৰাজী, কেমেষ্ট্ৰী, বায়ল’জী বিষয়ত লেটাৰ মাৰ্ক লাভ কৰা সুৰজিত মাৰ্কছ ইণ্ডিকেটত নামৰ এখন শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী।

সুৰজিত শৰ্মা
সুৰজিত শৰ্মা

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিনটোত অসমীয়া প্ৰতিদিনৰ এহাল পিতৃ-মাতৃৰ মুখত বিৰিঙিল প্ৰাপ্তিৰ হাঁহি। গাড়ীচালক বিজু গোস্বামী আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী চানু গোস্বামীৰ কন্যা ৰশ্মি গোস্বামী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। ৰশ্মিয়ে ৬২শতাংশ নম্বৰ লৈ এইবেলি পৰীক্ষাত উত্তীৰ্ণ হৈছে।

ৰশ্মি গোস্বামী
ৰশ্মি গোস্বামী

পোহৰসন্ধানী এই সফলতাৰ যাত্ৰাত খোজ দিয়া প্ৰতিগৰাকী কৃতীক অভিনন্দন আৰু শুভেচ্ছা জনাইছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ জীৱন আলোকময় হোৱাৰ লগতে এটি সুন্দৰ ভৱিষ্যতৰ বাবে আশীষো প্ৰদান কৰিছে বৰুৱাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in