এখন শাৰী আৰু IPS, IRS হোৱা দুই কন্যাৰ 'লাকী মা'...

এখন শাৰী আৰু IPS, IRS হোৱা দুই কন্যাৰ 'লাকী মা'...
এখন শাৰী আৰু IPS, IRS হোৱা দুই কন্যাৰ 'লাকী মা'...
মাতৃয়ে গঢ়ে সন্তানক। মাতৃৰ চূড়ান্ত ত্যাগ আৰু আন্তৰিকতাই সন্তানৰ মূল্যবোধৰ আধাৰ তৈয়াৰ কৰে। তেওঁৰ আছিল দুজনী কন্যা সন্তান। ডাঙৰজনীৰ নাম বিপাশা আৰু সৰুজনীৰ নাম বিদিশা। দুয়ো এতিয়া সুপ্ৰতিষ্ঠিত। বিপাশাই ২০১৮ ত ভাৰতীয় ৰাজহ সেৱা আৰু বিদিশাই ভাৰতীয় আৰক্ষী সেৱাত বিষয়া ৰূপে কৰ্মৰত। এই দুই জীয়ৰীৰ মাতৃ ৰূপৰেখা কলিতাৰ মনৰ কথাৰে মৃদুল কুমাৰ সন্দিকৈৰ আজিৰ এই বিশেষ প্ৰতিবেদন।

মাক দুয়োৰে বাবে লাকী। সৌভাগ্যৰ প্ৰতীক। আজি দুয়ো নিজ নিজ ক্ষেত্ৰত সুপ্ৰতিষ্ঠিত। কিন্তু এতিয়াও তেওঁলোকৰ বাবে মাক মানেই সকলো। মাকৰ ওচৰত দুয়ো সেই স্কুলীয়া দিনৰ অবোধ শিশু।

এগৰাকী সফল মাতৃৰ কাহিনী এয়া। দুই কন্যাক মানুহ ৰূপে গঢ়ি তোলাত তেওঁৰ কষ্ট আৰু ধৈৰ্যৰ আছে অসীম ভূমিকা। ডাঙৰজনী ছোৱালীৰ নাম বিপাশা কলিতা। ভাৰতীয় ৰাজহ সেৱালৈ তেওঁ নিৰ্বাচিত হৈছিল ২০১৮ চনত।

সৰ্বভাৰতীয় পৰীক্ষাত তেওঁৰ ৰেংক আছিল ৪১। ইচ্ছা কৰা হ'লে ভাৰতীয় প্ৰশাসনিক সেৱাতো যোগ দিব পাৰিলেহেতেন তেওঁ। বৰ্তমান ডাঙৰ ছোৱালী বিপাশা দিল্লীৰ আয়কৰ বিভাগত উপ-আয়ুক্ত হিচাপে কৰ্মৰত।

সৰু ছোৱালী বিদিশাই ২০১৬ চনত ইউ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। ২১০ নম্বৰ ৰেংকেৰে ভাৰতীয় আৰক্ষী সেৱালৈ নিৰ্বাচিত হোৱা বিদিশা এতিয়া চুবুৰীয়া ৰাজ্য পশ্চিমবংগত কৰ্মৰত।

যাদৱপুৰত আৰক্ষী অধীক্ষক পৰ্যায়ৰ পদত (ডেপুটি কমিশ্যনাৰ) নিয়োজিত সৰু জীয়ৰী বিদিশা আৰু বিপাশাক লৈ অত্যন্ত সুখী মাত্ৰী ৰূপৰেখা কলিতা। মাতৃ দিৱসৰ দিনা এইগৰাকী মাতৃয়ে অতীতৰ কিছু স্মৃতি সোঁৱৰণ কৰি নষ্টালজিক হৈ পৰিল।

স্কুলত দুই কন্যা পঢ়ি থাকোতে তেওঁ আন সকলো কাম বাদ দি কেৱল সময় দিছি ছোৱালী দুজনীক। দুয়ো পঢ়িছিল মহানগৰীৰ হলি চাইল্ডত। অসম অসামৰিক সেৱাৰ বিষয়া আছিল বিদিশা, বিপাশাৰ দেউতাক। নাম ফণীধৰ কলিতা।

কৰ্মসূত্ৰে তেওঁ বিভিন্ন দায়িত্বত ঘূৰি ফুৰিবলগীয়া হৈছিল। পিতৃৰ অনুপস্থিতিৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল মাতৃয়ে দুয়োকে। এখন স্কুটি কিনি লৈছিল মাতৃ ৰূপৰেখা কলিতাই। স্কুটিখনতেই দুয়োকে বহুৱাই স্কুললৈ নিয়া আৰু অনাৰ কাম তেওঁ নিজেই কৰিছিল।

স্কুলৰ পৰা দুয়োকে আনি খাবলৈ দি বিচনাত দুফালে দুজনীক শুৱাই তেওঁ নিজেও অলপসময় বিশ্ৰাম লৈছিল। তাৰ পাছত সন্ধিয়া দুয়োকে উঠাই ডাইনিং টেবুলত মাজত নিজেই বহি দুয়ো কন্যাক হোমৱৰ্ক আৰু আন যাৱতীয়া পঢ়াশুনাত সহায় কৰি দিছিল।

তেওঁ নিজেই আছিল বিজ্ঞান শাখাৰ স্নাতক। ইচ্ছা কৰা হ'লে বিডজ্ঞানৰ শিক্ষক হিচাপে চাকৰি এটা সহজতেই পালে হয়। কিন্তু এবাৰো তেওঁ চাকৰি কৰাৰ কথা নাভাবিলে। দুয়োজনী ছোৱালীক কেৱল মানুহ কৰাৰ লক্ষ্যৰে সকলো কষ্ট পাহৰি তেওঁলোকৰ বাবেই সৰ্বস্ব ত্যাগ কৰিছিল।

তেওঁৰ মতে মাতৃৰ সাৰ্থকতা তাতেই। মাতৃ হিচাপে তেওঁ মানৱীয় মূল্যবোধেৰে দুয়োজনীক ছোৱালীক গঢ়ি তোলাৰ ক্ষেত্ৰত কোনো কৃপণালী কৰা নাছিল। এতিয়া তেওঁ লক্ষ্য কৰে ইমান দায়িত্বশীল পদত থাকি সিহঁতে বাৰু সেই মূল্যবোধক এৰিছে নেকি?

দুয়োজনী কন্যাৰ কাষলৈ যাওতে তলৰ বিষয়া স্থানীয় লোক আদিয়ে তেওঁলোকৰ সন্দৰ্ভত কৰা মন্তব্য আৰু দুই কন্যাৰ মাত-কথা, আচাৰ- ব্যৱহাৰত তেওঁ নিশ্চিত যে, তেওঁ গঢ়া ছোৱালী দুজনী একেই আছে। মাক বুলিলে দুয়োৱে একো কবই নোৱাৰা হয়।

সকলো ক্ষেত্ৰতে মাকক লাগে। মাক হেনো দুয়োৰ বাবে বৰ লাকী। দিল্লীত কোচিং কৰিবলৈ যোৱাৰ পৰা ইউ পি এছ চিৰ প্ৰলিমিনাৰী, মেইনছ আৰু ভাইভা দিয়ালৈকে দুয়োগৰাকী কন্যাকে সংগ দিবলগীয়া হৈছিল তেওঁ।

মনত পেলালে তেওঁ দিল্লীৰ সেই গৰমত ইউ পি এছ চিৰ পৰীক্ষাৰ সময়ত ৩ ঘণ্টা লৈকে বাহিৰত কন্যাৰ পৰীক্ষা দিবলৈ সোমোৱাৰ পাছত অপেক্ষা কৰি আছিল। আনকি পৰীক্ষা আৰু ইণ্টাৰভিউ দিবলৈ যোৱা শাৰীখনো গুৱাহাটীৰ পৰা মাকে কিনি নিবলগীয়া হৈছিল।

সেই স্মৃতি তেওঁ মনত সদায় সজীৱ হৈ থাকিব। প্ৰথমে সৰু কন্যা বিদিশাই মাকে কিনি দিয়া শাৰীখন পিন্ধিয়েই আই পি এছ লাভ কৰিছিল। সেই একেখন শাৰীয়েই পিন্ধি ২০১৮ ত আই আৰ এছ পাইছিল ডাঙৰ কন্যা বিপাশাই।

মাক ৰূপৰেখা কলিতাৰ মতে-''দুয়োৱে মোক লাকী বুলি ভাৱে। সৰুজনীয়ে যিখন শাৰী পিন্ধি আই পি এছ পাইছিল, ডাঙৰজনীয়েও একেখন শাৰী পিন্ধি পৰীক্ষা দিবলৈ গৈছিল। মই সিহঁতক মাজে মাজে কওঁ তহঁতৰ এইটো মেনিয়া।''

মাকক দুয়ো এনেকৈ ভাল পাই যে, কেৱল মাকৰ ওচৰত আবদাৰ- মা তুমি গুছি আহানা। গুৱাহাটীৰ পৰা গৈ কেতিয়াবা বিপাশা কেতিয়াবা বিদিশাৰ কাষত থাকেগৈ। ডাঙৰ ছোৱালী বিপাশাৰ এজনী ছোৱালী আছে। ৰূপৰেখা কলিতাৰ নাতি, নাম তৰা।

সৰু ছোৱালী বিদিশাও এবছৰৰ আগতে মাতৃ হৈছে। সন্তানৰ নাম ৰাখিছে গুণগুণ। বিদিশা আৰু বিপাশাক মাকে কয়, তহঁতিও এতিয়া মাক হলি নহয়, অকল মোৰ পাছত কিমান লাগি থাক? মোক অলপ ফ্ৰী কৰি দে।

মাতৃ হিচাপে তেওঁ কিমান সফল নাজানে। সেই অনুমান কৰা নাই। কিন্তু দুই কন্যাক লৈ এই প্ৰত্যয় জন্ম হয় যে, সিহঁতে মানুহৰ অন্যায় কৰিব নোৱাৰে। দুয়ো কন্যা ঘৰত থকা সময়খিনি তেওঁ অত্যন্ত প্ৰিয় আছিল।

উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়াৰ সময়ত খুব ঘনিষ্ঠ ভাৱে সিহঁতৰ সৈতে সময় কটাইছিল। এজন অভিভাৱকৰ বাবে এই সময়খিনি এক সোণোলী সময় বুলি ভাবে। দুয়ো কন্যাক এনেদৰে সময় দি এক 'ক্ল'জ বণ্ডিং' গঢ় লৈ উঠিছিল।

পিতৃ ফণীধৰ কলিতাই অৱসৰ গ্ৰহণ কৰিছে। পিতৃও অত্যন্ত সুখী দুই কন্যাক লৈ। কেৱল দুজনী ছোৱালীৰ পিতৃ-মাতৃ হোৱাৰ বাবে বহুতে তেওঁলোকক হাঁহিছিল। কিন্তু এতিয়া তেওঁলোকে বুজি উঠিছে কন্যা-পুত্ৰৰ মাজত কোনো প্ৰাৰ্থক্য নাই।

দেউতাকৰ পৰাও চাকৰি জীৱনত ল'বলগীয়া গুৰুত্বপূৰ্ণ সিদ্ধান্ত সন্দৰ্ভত উপদে বিচাৰে। বাকীসময়খিনিত কেৱল মাক আৰু মাক। বিদিশা আৰু বিপাশাৰ মাতৃ ৰূপৰেখা কলিতা মাতৃৰ মমতা ত্যাগৰ এক সফল উদাহৰণ।

তথাপিও তেওঁৰ মনত কোনোদিনেই নাই দুই কন্যাক এনেদৰে প্ৰতিষ্ঠা কৰাৰ পাছতো সফল বুলি ক'ব পৰাৰ অহংকাৰ। সাধাৰণ ভাবেই তেওঁ ভাৱে তেওঁ গৰাকী মাতৃ। তেওঁৰ বাবে দুই কন্যা আজিও সৰু কালৰ দুজনী পৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in