দেৱলীনা হত্যাকাণ্ডঃ স্বামী পৱনক পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ..

দেৱলীনা হত্যাকাণ্ডঃ স্বামী পৱনক পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ..

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ সমগ্ৰ অসম জোকাৰি যোৱা ঢকুৱাখনাৰ দেৱলীনা হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া অদ্যপি অব্যাহত আছে। এই জঘন্য ঘটনাৰ প্ৰধান নায়ক স্বামী পৱন বৰুৱাৰ বিৰুদ্ধে ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত হৈছে দুটাকৈ জামিনবিহীন ধাৰাৰ গোচৰ।

ঢকুৱাখনা সদৰ আৰক্ষী থানাত পঞ্জীভূত ৩১/২০২৪ নম্বৰ গোচৰৰ আচামী পৱন  বৰুৱাৰ বিৰুদ্ধে যৌতুক দাবীৰে হত্যা আৰু গ্ৰাহস্থ্য হিংসা আইনৰ ধাৰাত গোচৰ পঞ্জীয়ন হৈছে। তাৰেই ভিত্তিত গ্ৰেপ্তাৰ কৰা অভিযুক্ত স্বামী পৱন বৰুৱাক তদন্তকাৰী আৰক্ষী বিষয়া গৌৰৱ কৌস্তৱ মুনি ভূমিজে দুদিন ধৰি জেৰা অব্যাহত ৰাখিছিল।

বৃহস্পতিবাৰে বিয়লি অভিযুক্ত স্বামী পৱনক স্বাস্থ্য পৰীক্ষা কৰি মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পাছত ২১ মে'লৈ পুনৰ ৬ দিনৰ আৰক্ষীৰ জিম্মাত লোৱা হয়।উল্লেখযোগ্য যে, ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত কেঁকুৰী কছাৰী গাঁৱৰ কিশোৰী দেৱলীনা সোণোৱালক অমানুষিক শাৰীৰিক মানসিক নিৰ্যাতন চলাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি স্বামীৰ বিৰুদ্ধে উত্থাপিত হৈছিল অভিযোগ। মৃতকৰ দেহত স্পষ্ট হৈ আছিল শাৰীৰিক নিৰ্যাতনৰ চিন।দেৱলীনাৰ পিতৃ মাতৃয়ে  শাৰীৰিক নিৰ্যাতনৰ লগতে হত্যা কৰাৰ অভিযোগ ৰাজহুৱা কৰাৰ পাছত ঢকুৱাখনা, সোণাৰি চাপৰি উত্তাল হৈ পৰিছিল।

ঢকুৱাখনা থানাৰ তদন্তকাৰী আৰক্ষীয়ে দেৱলীনাৰ স্বামীৰ বিৰুদ্ধে সম্প্ৰতি ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮ (ক) আৰু ৩০৪ (খ) ধাৰাত গোচৰ পঞ্জীয়ন কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভৰ পাছত প্ৰতিবেদনৰ ভিত্তিত প্ৰয়োজন হ'লে আদালতত আবেদন জনাই অতিৰিক্তভাবে উক্ত ধাৰা সংযোগ কৰাৰ ব্যৱস্থা থাকিব।লক্ষনীয়ভাবে ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮ (ক) আৰু ৩০৪ (খ) ধাৰাৰ আচামী হোৱা নৰ পিশাচ পৱনৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হৈ থকাৰ সময়তে স্বামী পৱনৰ বিৰুদ্ধে উথাপিত হৈছে  বাল্য বিবাহ সম্পন্ন কৰাৰ অভিযোগ।

যোৱা ৭ মাৰ্চত এইগৰাকী কিশোৰী দেৱলীনাক পলুৱাই ঘৰলৈ অনা পৱনৰ পিতৃ-মাতৃয়ে নাবালিকা দেৱলীনাক বোৱাৰীৰ মৰ্যদা দি ঘৰতে ৰখা আদি আইন বিৰোধী দিশটো তদন্তৰ আওতালৈ অনাৰ প্ৰয়োজনীয়তা আহি পৰিছে। কন্যাৰ শোকত দগ্ধ পিতৃ প্ৰদীপ সোণোৱালে আবেগিক হৈ দাখিল কৰা এজাহাৰত প্ৰায় ১৮ বছৰ বুলি উল্লেখ কৰিছিল যদিও বাস্তৱিকতে দেৱলীনাৰ বয়স আছিল মাত্ৰ ১৬ বছৰ ৫ মাহ।

এই সন্দৰ্ভত দেৱলীনাৰ নথিপত্ৰ পৰীক্ষা কৰি নিশ্চিত হোৱাত ঘাটক পৱন বৰুৱাই বাল্য বিবাহ সম্পন্ন কৰা অভিযোগত অভিযুক্ত হোৱাৰ পথ প্ৰশস্ত হৈছে। এগৰাকী  ১৬ বছৰ ৫ মহীয়া কিশোৰীক পত্নী,বোৱাৰীৰ মৰ্যদা দিয়া বিষয়টো বৰ্তমানলৈকে তদন্তকাৰী আৰক্ষীয়ে আঁতৰাই ৰাখিছে।

তদন্তকাৰী আৰক্ষীয়ে বাল্য বিবাহ সম্পন্ন কৰাৰ কোনো ধাৰা পঞ্জীভূত গোচৰত সংযোগ কৰা নাই। অতি তাৎপৰ্যপূৰ্ণ কথা হ'ল নাৰায়ণপূৰ চাপৰি গাঁৱৰ গাঁও প্ৰধানৰ লগতে ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ জ্ঞাত হোৱাৰ পাছতো কোনো পক্ষই এই বাল্য বিবাহ সম্পন্ন কৰা যুৱকজনক আইনগত শাস্তি প্ৰদানত গুৰুত্ব নিদিলে। যাৰ পৰিণতিত এইগৰাকী নিৰ্দোষী ফুল কুমলীয়া ছোৱালীয়ে জীৱনৰ দুৱাৰ দলিতে তিল তিলকৈ অকথ্য নিৰ্যাতনত ভোগী ভোগী অকাল মৃত্যুক সাৱতি লবলৈ বাধ্য হবলগীয়া হ'ল।

"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ সংগৃহীত তথ্য মতে অদ্যপি হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰা নাই ধৃত পৱনে। আৰক্ষীয়ে তদন্তৰ গতি ক্ষীপ্ৰ কৰিবলৈ অতিৰিক্ত ৬ দিনৰ বাবে অৰ্থাৎ ২১ মে'লৈ পৱনক নিজ জিম্মাত লৈছে।পৰৱৰ্তী ২২ মে'ৰ দিনা পুনৰ আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আচামীক। এই সময়চোৱাত তদন্তই কি গতি লয় সেয়া লক্ষণীয় হ'ব।

দেৱলীনা হত্যাকাণ্ডঃ স্বামী পৱনক পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ..
লখিমপুৰত ৯৫ খন চৰকাৰী আঁচনি আধৰুৱাঃ ঠিকাদাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in