/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/74d49a76-077b-49aa-a78d-a4f3d9fc5917/4.jpg)
ডিজিটেল সংবাদ,লখিমপুৰঃ লখিমপুৰত একাংশ ঠিকাদাৰে জলজীৱন আঁচনি ৰূপায়নৰ নামত হেমাহী কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ কোটি-কোটি টকীয়া আঁচনি ৰূপায়নত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰা বুলিও অভিযন্তাক অভিযোগ কৰে একাংশই।
বিশেষকৈ হাৰমতী চাহ বাগিছাৰ ২ নং লাইনত আধৰুৱা হৈ থকা খেদীয়া লাইন, চিয়াজুলি নতুন লাইন, চিয়াজুলি বাঁহবাৰী লাইনত নিৰ্মাণ কৰিবলৈ লোৱা আঁচনি সমূহত নিম্নমানৰ কাম হোৱাৰ অভিযোগ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/62532a86-3b3f-426b-9e6a-eee528d42138/337f76cf-abb4-4466-997e-5fc47c3b925d.jpg)
চিনাতলীয়া নতুন লাইনত এই পৰ্যন্ত পানী টেংকী নিৰ্মাণ নকৰা, চিনাতলীয়া পুৰণা লাইনত এই পৰ্যন্ত পাইপ সংযোগ নকৰা, চিনাতলীয়া ৰাজগড় লাইনত কাম আধৰুৱা হৈ থকা কৈলামাৰী ১৪ নং লাইনত আঁচনি সম্পূৰ্ণ নোহোৱা, জহিং আমগুৰি লাইনত অতি নিম্ন মানৰ আঁচনি ৰূপায়ণ কৰাৰো অভিযোগ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/dc3ea81f-c8c3-4d1d-ba86-fb0b6fccdbe6/025e20be-478f-45ae-be7c-8ce4cc6ef820.jpg)
ইয়াৰোপৰি, টুনিজানত কাম আধৰুৱা হৈ থকা,চিলনীবাৰী চিলা লাইনত কেৱল এটা সময়তহে পানী যোগান ধৰা ডিজু জ্জ নং লাইনত আঁচনি ৰূপায়ণত অনিয়ম সংঘটিত কৰা বুলি লখিমপুৰৰ কাৰ্যবাহী অভিযন্তা কুমুদ ৰঞ্জন হাজৰিকাই অভিযোগ লাভ কৰিছে ৷
ইফালে একাংশ ঠিকাদাৰৰ কামত হেমাহী কৰা প্ৰায় ২৮ জন ঠিকাদাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে বিভাগটোৰ লখিমপুৰৰ কাৰ্যবাহী অভিযন্তাই।২৮ জন ঠিকাদাৰে মুঠ ৯৫ খন আঁচনি আধাৰুৱা কৰি ৰখা বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8f27de83-960e-4064-94ca-e82ed32fa784/3af94f01-4b66-43bc-a401-99892d52539c.jpg)
যি সময়ত ৰাইজে ঘৰে ঘৰে পানী যোগান লাভ কৰিব লাগিছিল সেই সময়ত ৰাজনৈতিক হস্তক্ষেপত ঠিকা লাভ কৰা সংশ্লিষ্ট ঠিকাদাৰে সঠিকভাৱে আঁচনি ৰূপায়ণ কৰি বিভাগক আঁচনি চমজাই দিব নোৱৰাৰ বাবে এই পৰ্যন্ত শ শ পৰিয়াল খোৱাপানী লাভৰ পৰা বঞ্চিত হৈছে৷ একপ্ৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনি ৰূপায়নত ঠিকাদাৰে গাফিলতি কৰি অহা পিছতো উদ্ধৰ্তম কৰ্তৃপক্ষই এইসকল ঠিকাদাৰৰ বিৰুদ্ধে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈছিল৷