ঢকুৱাখনাত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য: পথ সুৰক্ষা জন সচেতনতা কাৰ্যসূচী...

ঢকুৱাখনাত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য: পথ সুৰক্ষা জন সচেতনতা কাৰ্যসূচী...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য: পথ সুৰক্ষা জন সচেতনতা কাৰ্যসূচী...

ঢকুৱাখনাত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য: পথ সুৰক্ষা জন সচেতনতা কাৰ্যসূচী...

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্য চৰকাৰৰ পৰিবহন আৰু মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পথ সুৰক্ষা জন সচেতনতা কাৰ্যসূচীত অংশ লৈ শনিবাৰে সন্ধিয়া ৭ বজাত উপস্থিত হয় ঢকুৱাখনাত। নিজে এ এছ ০১ এফ টি ০১১০ নম্বৰৰ ৰয়েল এনফিল্ড বুলেট চলাই ৮০ কিলোমিটাৰ পথ অতিক্ৰম কৰি লখিমপুৰ জিলা সদৰৰ পৰা বিশাল কনভয় লৈ ঢকুৱাখনা সদৰৰ অতিৰিক্ত আবৰ্ত ভৱন প্ৰাঙ্গনত উপস্থিত হয়।

Advertisment

জিলা পৰিবহন বিভাগৰ দ্বাৰা আয়োজিত পথ সুৰক্ষা জন সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে উপস্থিত হোৱা মন্ত্ৰীগৰাকীক উষ্ণ অভিনন্দন জনোৱা হয়। ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতা, জিলা পৰিবহন বিষয়া সত্য কাম গগৈ আদি চৰকাৰী বিষয়া বৰ্গই ফুলাম গামোচাৰে উষ্ণ আদৰণি জনোৱা হয় মন্ত্ৰী শুক্লবৈদ্যক ।

যোৱা ১৯.নৱেম্বৰত শুভাৰম্ভ কৰা এই  সুৰক্ষা জন সচেতনতা যাত্ৰা মুঠ ১৮৫০ কিলোমিটাৰ অতিক্ৰম কৰি মন্ত্ৰীগৰাকীয়ে পথ সুৰক্ষা আৰু জীৱন সুৰক্ষাৰ বাবে প্ৰয়োজনীয় নিৰাপত্তামূলক কাৰ্যসূচীৰ মননশীল বক্তব্য আগবঢ়াই। জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱাৰ আদৰণি ভাষনেৰে শুভাৰম্ভ হোৱা সভাত বিশ্ব স্মৃতি দিৱসৰ  লগত  সংগতি ৰাখি অনুষ্ঠিত এই সজাগতা সভাত পথৰ সুৰক্ষিত কৰাৰ বাবে ৰাইজৰ সজাগতামূলক আন্দোলনত সকলোকে চামিল হোৱাৰ আহ্বান জনায়। 

কেৱল সুৰক্ষাত্মক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই বাইক আৰু গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ বহুজন ভাই ভগ্নী দাদাই অকালতে প্ৰাণ হেৰুৱাব লগা হোৱা বুলি কয়। মন্ত্রীগৰাকীয়ে প্ৰতিজন সচেতন নাগৰিকক পথ সুৰক্ষা সংগ্ৰামত অংশীদাৰ হোৱাৰ আহ্বান জনায়

Also Read: পুনৰ ২ ৰাজপত্ৰিত বিষয়াক চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ এছ আই টিৰ...

ঢকুৱাখনা পৰিমল শুক্লবৈদ্য