Advertisment

ঢকুৱাখনাত চিকিৎসালয়ৰ ভূমি বেদখলকাৰী ৰূপত সোনাৰী চাপৰি গাঁও পঞ্চায়তৰ সভাপতি

ঢকুৱাখনাত চিকিৎসালয়ৰ ভূমি বেদখলকাৰী ৰূপত সোনাৰী চাপৰি গাঁও পঞ্চায়তৰ সভাপতি

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত  চিকিৎসালয়ৰ ভূমি বেদখলকাৰী ৰূপত সোনাৰী চাপৰি গাঁও পঞ্চায়তৰ সভাপতি

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাত এচাম ভণ্ড গেৰুৱা নেতাৰ ভূমি বেদখলৰ খকে জনজীৱন বিপৰ্যস্ত কৰি তুলিছে । শাসকীয় ৰাজনৈতিক শক্তিৰ অপব্যৱহাৰ কৰি চৰকাৰী ভূমিক পৈতৃক সম্পত্তি গণ্য কৰি কুক্ষীগত কৰাৰ নিকৃষ্ট চেষ্টা চলোৱা প্ৰথমজন গেৰুৱা নেতা হল ৰাজীৱ দাস।

Advertisment

ঢকুৱাখনা পৌৰপতিৰ গাদীত বহি আৱাদী চৰকাৰী ভূমি দেখিলেই স্তাবক বাহিনী লগাই ৰাজীৱ দাসে দখল কৰাৰ নির্লজ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পাছত এইবাৰ এই দুষ্কাৰ্যত নমাৰ অভিযোগ উঠিছে সোনাৰী চাপৰি গাঁও পঞ্চায়ত সভাপতি মঞ্জিত সোণোৱালৰ বিৰুদ্ধে। বিধায়ক নৱ দলেৰ বৰ ঘৰৰ সদস্য পৌৰপতি ৰাজীৱ দাসৰ ভূমি বেদখলকাৰী নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছত পঞ্চায়ত সভাপতি গৰাকীও এই কাণ্ডত জড়িত হোৱাৰ তথ্য পোহৰলৈ অহাত ব্যাপক প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটিছে ।

শেহতীয়া ভাবে ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত সোনাৰী চাপৰি গাঁও পঞ্চায়তৰ সভাপতি মঞ্জিত সোণোৱালৰ বিৰুদ্ধে উত্থাপিত হৈছে সোনাৰী চাপৰি চিকিৎসালয়ৰ ভূমি বেদখলৰ গুৰুতৰ অভিযোগ । সোনোৱালে সোনাৰী চাপৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ বহু পৰিমাণৰ মাটি বেদখল কৰাৰ অভিযোগে তোলপাৰ লগাইছে সোনাৰী চাপৰিত। উত্থাপিত অভিযোগত প্ৰকাশ কৰা হৈছে যে, চিকিৎসালয়খনৰ নামত আবন্তিত চৰকাৰী ভূমি বেদখল কৰি তাত স্থায়ী ঘৰ সাজি চৰকাৰী সম্পত্তি কুক্ষীগত কৰাত নামিছে সভাপতি সোণোৱাল ।

ৰাইজৰ সহযোগত অঞ্চলটোৰ সমাজ সচেতক কেশৱ নাথে সংবাদ মাধ্যমক প্ৰামানিক তথ্য প্ৰদৰ্শনেৰে এই অভিযোগ উত্থাপন কৰি কয় যে, সোৱণশিৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সূত্ৰই যোৱা ২০০৮ চনৰ ৬ফেব্ৰুৱাৰীত এছ চি ২৯/২০০৮-৭৫১ নং প্ৰমাণ পত্ৰ যোগে চিকিৎসালয় কৰ্তৃপক্ষক চৰকাৰী নথি অনুসৰি চিকিৎসালয়খনৰ মুঠ মাটি কালিৰ পৰিমাণ ১৭বিঘা ১কঠা ১২লোছা বুলি স্পষ্ট ভাবে উল্লেখ কৰিছে। সেই অনুসৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ গোহাঁই মৌজাৰ সোনাৰী চাপৰি মেপৰ ৩৯ নং দাগৰ ১২বিঘা ৪কঠা ১৫ লোছা আৰু ১৬৭ নং দাগৰ ৪ বিঘা ১ কঠা ১৭ লোছা ভূমি চিকিৎসালয়খনৰ নামত আবন্তিত হোৱাটো চৰকাৰী নথিত লিপিবদ্ধ। চৰকাৰী ভাবে এই তথ্য উপলব্ধ হোৱাৰ পাছত একেটা কাৰ্য্যালয়ৰ পৰা প্ৰদান কৰা হৈছে পৃথক তথ্য।

২০২৩ চনৰ ১৮ আগষ্টত কাৰ্য্যালয় কৰ্তৃপক্ষই বেদখল জাননী (গোচৰ নং ১৩/২০২৩) এছ আৰ চি/১১ অংশ/২০২৩-৬৮৮ ত প্ৰকাশ কৰা তথ্য মতে মুঠ ১২ বিঘা ৪ কঠা ২৫ লেছা মাটি উপলব্ধ আছে চিকিৎসালয়খনৰ নামত। এই শেহতীয়া চৰকাৰী তথ্য মতে যোৱা ১৫ বছৰত প্ৰায় ৫ বিঘা চৰকাৰী মাটি ৰহস্যজনকভাৱে হৰলুকী হৈছে । কিন্তু কলৈ গ'ল এখন চৰকাৰী চিকিৎসালয়ৰ নামত আবন্তিত বৃহৎ ভূখণ্ড।

উত্থাপিত অভিযোগ মতে পঞ্চায়তখনৰ সভাপতি মনজিৎ সোনোৱালে দীৰ্ঘদিন ধৰি এই চিকিৎসালয়খনৰ মাটি বেদখল কৰি বসবাস কৰি আহিছে। প্ৰথম অৱস্থাত অস্থায়ীভাৱে থাকি পাছত ঘৰে-বাৰীয়ে নিগাজিকৈ থিতাপি লৈ ৰাজনৈতিক শক্তি খটুৱাই পাছৰ সময়ত এই ভূমি নিজৰ স্থায়ী দখললৈ নিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে কেশৱ নাথে।

ৰাজনৈতিক শক্তিৰ অপব্যৱহাৰ কৰি চৰকাৰী ভূমিত ঘৰ সাজি স্থায়ীভাৱে বৃহৎ মাটি-কালি হস্তগত কৰাত নামি পৰা গেৰুৱা দলৰ নেতা সোণোৱালৰ এনে গুৰু গোঁসাই নমনা নীতিৰ বিৰূদ্ধে অচিৰেই গোচৰ তৰাৰ প্ৰস্তুতি চলাইছে ৰাইজে। কেৱল শাসক দলৰ নেতা আৰু বিধায়ক নৱ দলেৰ বুকুৰ কুটুম হোৱাৰ বাবে এই ভয়ংকৰ দুষ্কাৰ্য কৰিবলৈ ভূমি লোভী সোণোৱাল সক্ষম হোৱা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে সচেতন যুৱক কেশৱ নাথ আৰু ৰাইজে । এই ক্ষেত্ৰত চিকিৎসালয় পৰিচালনা সমিতিৰ দায়িত্ববোধ আৰু দক্ষতাৰ ওপৰতো সন্দেহ জন্মিছে অঞ্চলবাসীৰ। ৰাইজৰ মতে ভৱিষ্যতে যদি উন্নত পৰিসৰৰ চিকিৎসালয়লৈ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়খন উত্তৰণ ঘটে সেই সময়ত মাটিৰ ব্যাপক অভাৱ ঘটিব ।

চৰকাৰী চিকিৎসালয়খনৰ ভৱিষ্যতলৈ দৃষ্টি ৰাখি পূৰ্বৰ চৰকাৰী তথ্য মতে যিমান পৰিমাণৰ মাটি আবন্তিত আছিল সেই সকলো মাটি জৰীপ কৰি উলিয়াই তাত থকা সমস্ত বেদখল উচ্ছেদ কৰিবলৈকো ৰাইজে দাবী জনাইছে । তাৰোপৰি ৰাজহ চক্ৰ কাৰ্যালয়ে বচা বচা ব্যক্তিৰ ঘৰলৈ বেদখল উচ্ছেদ জাননী প্ৰেৰণ কৰি গেৰুৱা নেতাৰ দখলক সুৰক্ষিত কৰি পক্ষপাতী সিদ্ধান্ত নল'বলৈ সকীয়াই দিছে ।

যিসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ভূমিত থকা বেদখল উচ্ছেদ কৰিছে সেই সময়তে এখন চৰকাৰী চিকিৎসালয়ৰ ভূমি বেদখল কৰি গেৰুৱা নেতাই পকী গৃহ নিৰ্মাণ কৰা কাৰ্যই সুকীয়া তাৎপৰ্য বহন কৰিছে। অসম ভূমি আৰু ৰাজহ আইনৰ সমতা আৰু নিৰপেক্ষতা প্ৰতিপন্ন কৰি নাথ আৰু ন্যায়কামী ৰাইজে তৎকালে বেদখলকাৰী গেৰুৱা সভাপতি গৰাকীৰ ঘৰো উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্ত শোণিত সত্বাৱন , মহকুমাধিপতি কাৰ্ত্তিক কলিতা , সোৱণশিৰীৰ ৰহস্য চক্ৰৰ চক্ৰ বিষয়া লম্বিত হাজৰিকাৰ ওচৰত ৰাজহুৱা দাবী জনাইছে।

উত্থাপিত এই গুৰুতৰ অভিযোগ সন্দৰ্ভত পঞ্চায়ত সভাপতি সোণোৱালক যোগাযোগ কৰিব পৰা হোৱা নাই যদিও ঘনিষ্ঠ সূত্ৰই এনে অভিযোগৰ সত্যতা প্ৰকাশ্যে অস্বীকাৰ কৰিছে। এই জটিল আৰু গুৰুতৰ অভিযোগৰ সন্দৰ্ভত এক নিৰপেক্ষ তদন্তইহে প্ৰকৃত সত্যতা নিৰূপণ কৰিব ।

Also Read: বিশ্বনাথ অসামৰিক চিকিৎসালয় উপস্থিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মী ডা: দিব্যজ্যোতি শইকীয়া

dhakuakhana