বিশ্বনাথ অসামৰিক চিকিৎসালয় উপস্থিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মী ডা: দিব্যজ্যোতি শইকীয়া

বিশ্বনাথ অসামৰিক চিকিৎসালয় উপস্থিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মী ডা: দিব্যজ্যোতি শইকীয়া

ডিজিটেল সংবাদ, বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডা: দিব্যজ্যোতি শইকীয়া উপস্থিত হৈ মহকুমা চিকিৎসালয়ৰ অধ্যক্ষা জোনালী গগৈৰ সৈতে আলোচনাত মিলিত হয়।

সমগ্ৰ ৰাজ্যৰ অসামৰিক চিকিৎসালয়সমূহত সৰ্প দংশন আৰু হৃদ ৰোগৰ সু চিকিৎসা ব্যৱস্থা আছে নে নাই সেই বিষয়ত পৰ্যালোচনা কৰে মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডা: দিব্যজ্যোতি শইকীয়াই। তেওঁ জানিবলৈ দিয়ে যে, চিকিৎসকৰ অভাৱৰ বাবে জনসাধাৰণৰ মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উলংঘন হৈছে।

এই সমস্যা নিষ্পত্তি কৰাৰ বাবে তাৎক্ষণিক ভাবে এই সৰ্প দংশন আৰু হৃদৰোগৰ দৰে চিকিৎসা ব্যৱস্থা কৰিবৰ বাবে প্ৰয়োজনীয় সকলো অসম্পূৰ্ণ কাম কৰি দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনাই মানৱ অধিকাৰ কৰ্মী ডা: দিব্যজ্যোতি শইকীয়ায় ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in