ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত পালনাম

ৰাজ্যবাসীৰ ধৰ্মপ্ৰাণ ৰাইজৰ লগতে দেশ বিদেশৰ ভক্তপ্ৰাণ ৰাইজৰ অন্যতম বৈষ্ণৱ উপাস্য ক্ষেত্ৰ ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত পালনাম

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাজ্যবাসীৰ  ধৰ্মপ্ৰাণ ৰাইজৰ লগতে দেশ বিদেশৰ ভক্তপ্ৰাণ ৰাইজৰ অন্যতম বৈষ্ণৱ উপাস্য ক্ষেত্ৰ ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ ।

Advertisment

উত্তৰ পূব ভাৰতৰ শ্ৰেষ্ঠতম বৈষ্ণৱপীঠ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত ২৪ জানুৱাৰীৰ পৰা শুভাৰম্ভ হৈছে মহা পালনাম মহোৎসৱ । বিগত ৬৭ বছৰ গৰকা এই মহা পালনাম মহোৎসৱ ভাগি বুধবাৰে শুভাৰম্ভ হোৱাৰ পাছত অহা ২৬ জানুৱাৰী শুক্ৰবাৰ পৰ্যন্ত তিনিদিনীয়া আধ্যাত্মিক কাৰ্যসূচীৰে অব্যাহত থাকিব ।

বুধবাৰে ভাতিবেলা শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ পবিত্ৰ নামঘৰ প্ৰাঙ্গনত সত্ৰৰ ডেকা সত্ৰাধিকাৰ ভোগেন্দ্ৰ দেৱ গোস্বামীৰ বন্তি প্ৰজ্বলনৰ পাছতেই মহা পালনাম মহোৎসৱৰ শুভাৰম্ভ কৰে  সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে।  নগাঁৱৰ বালিসত্ৰৰ ডেকা সত্ৰীয়া ৰাজু দেৱ গোস্বামীয়ে নামাচাৰ্য, নগাঁৱৰ চামুগুৰি সত্ৰৰ ডেকা সত্ৰীয়া কমল মহন্তই দোহাচাৰ্য কৰাৰ লগতে কেইবাখনো সত্ৰৰ কেইবাগৰাকী জ্যেষ্ঠ পাঠাচাৰ্যই প্ৰথম দিনৰ পালনাম ভাগীত  অংশ গ্ৰহণ কৰে। দ্বিতীয় দিনা বৃহস্পতিবাৰে আইসকলৰ নাম ,সমূহীয়া নাম ,ভাগৱতৰ শ্ৰৱণ কীৰ্তন ,ঘোষা পাঠ আদি বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে নৰোৱা সত্ৰ প্ৰাঙ্গন মুখৰ হৈ পৰে ।

ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ অগণন ভকত বৈষ্ণৱ, দর্শনাৰ্থীৰ স্বতঃস্ফূৰ্ত আগমন আৰু পালনামত অংশগ্ৰহনেৰে বৈকুণ্ঠ পুৰীৰ ৰূপ লোৱা নৰোৱা থান চৌহদৰ মহা পালনাম ভাগি শুকুৰবাৰে বিয়লি সফল পৰিসমাপ্তি ঘটিব । গুৰুজনাৰ পবিত্ৰ সৃষ্টিশীলতাৰ বন্দনাৰ লগতে গায়ন বায়ন ,খোল ভোৰ তালৰ ছন্দোময়তাত বিধৌত হোৱা মহা পাল নামৰ সত্ৰৰ উৎসৱ উপ সমিতিৰ সভাপতি  যজ্ঞশ্বৰ চুতীয়া আৰু সম্পাদক অভিজিৎ দেৱ গোস্বামীযে মহা পালনামৰ  শুক্ৰবাৰৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যবাসী ভকত বৈষ্ণব , বাপ বান্ধৱ সকললৈ সকাতৰে নিমন্ত্ৰণ জনাইছে ।

Also Read: দেশৰ ক্ৰীড়াৰ হটস্পত অসমঃ ফেব্ৰুৱাৰীত খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া...

dhakuakhana basudev naruwa than