লখিমপুৰৰ ৪২খন বিদ্যালয় একত্রিকৰণৰ নিৰ্দেশ...

লখিমপুৰৰ ৪২খন বিদ্যালয় একত্রিকৰণৰ নিৰ্দেশ...

author-image
Asomiya Pratidin
New Update
লখিমপুৰৰ ৪২খন বিদ্যালয় একত্রিকৰণৰ নিৰ্দেশ...

লখিমপুৰৰ ৪২খন বিদ্যালয় একত্রিতকৰণৰ নিৰ্দেশ...

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ এক নিৰ্দেশনা অনুসৰি লখিমপুৰ জিলাৰ মুঠ ৪০খন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠানৰ সৈতে ৪২ খন উচ্চ মাধ্যমিক, মজলীয়া আৰু প্ৰাথমিক বিদ্যালয়ৰ একত্রিতকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰিছে। উচ্চ শিক্ষা সঞ্চালকৰ ১৭ জুনত জাৰি হোৱা ডি এছ ই /জি ই এছ/এমাল/ ২৭৬/২০২২/৫১ নম্বৰৰ এক নিৰ্দেশনা যোগে জিলাখনৰ ৪০খন আধাৰ বিদ্যালয়ৰ (বেচ স্কুল)লগত অন্য সমীপৱৰ্তী ৪২ খন বিদ্যালয় একত্ৰিতকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰিছে "শিক্ষা ক্ষেত্ৰ" আঁচনিৰ জৰিয়তে ।

সেই অনুক্ৰমে ঢকুৱাখনা মহকুমাৰ বাসুদেৱ থান শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে বালিজান কৈৱৰ্ত মধ্য ইংৰাজী বিদ্যালয়ক, অৱনৰী ৰোৱাদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে কলাবাৰী এম ভি স্কুল,  পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে মহাত্মা গান্ধী এম ই স্কুলক একত্ৰিকৰণ কৰা হৈছে।

একেদৰে ঘিলামৰা নগৰ হাইস্কুলৰ সৈতে ঘিলামৰা পাব্লিক হাইস্কুল, অল আসাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত কাৰ্পূমপুলি হাইস্কুল, দাংধৰা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত নাহৰবাৰী এল পি স্কুল টামাৰগাঁও ট্ৰাইবেল হাইস্কুলৰ লগত ন-ভঙা হাইস্কুল , পতিয়া চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত পতিয়া চাপৰি প্ৰাথমিক বিদ্যালয়, কৃষ্ণপুৰ জনজাতি হাইস্কুলৰ লগত কৃষ্ণপুৰ জনজাতি এম ই স্কুল, সৰ্বোদয় হাইস্কুলৰ লগত অসম এছ চি ৰেছিডেন্সীয়েল হাইস্কুলক একত্ৰিকৰণ কৰা হৈছে।

হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত পূব ঢকুৱাখনা হাইস্কুল, সোনাৰী চাপৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত মুহি চন্দ্ৰ মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ক একত্ৰিতকৰণ কৰি "শিক্ষা ক্ষেত্ৰ" আচঁনিখন কাৰ্যকৰী কৰিছে।

উল্লেখ্য যে, মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই স্বাক্ষৰিত নিৰ্দেশনাটোৰ আধাৰত এই বিদ্যালয় সংলগ্নকৰণ আঁচনিৰ জৰিয়তে জিলাখনৰ মুঠ ৪২ খন প্ৰাথমিক ,মজলীয়া আৰু হাইস্কুলৰ স্থায়ী পৰিচয় অনাদি অনন্ত কাললৈ বিলুপ্তি পাব ।

Also Read: এন আৰ এলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত বাগৰি বাগৰি প্ৰতিবাদ শ্ৰমিকৰ...

শিক্ষা বিভাগ