এন আৰ এলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত বাগৰি বাগৰি প্ৰতিবাদ শ্ৰমিকৰ...

এন আৰ এলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত বাগৰি বাগৰি প্ৰতিবাদ শ্ৰমিকৰ...
এন আৰ এলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত বাগৰি বাগৰি প্ৰতিবাদ শ্ৰমিকৰ...

ডিজিটেল সংবাদ নুমলীগড়ঃ নুমলীগড় শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত আজি শ্ৰমিকে বাগৰি বাগৰি প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি এন আৰ এল কৰ্তৃপক্ষই শ্ৰমিকক বকেয়া ধন আদায় দিয়াত গাফিলতি কৰিছে।

তিনিমাহ দিন মূৰৰ ঘাম মাটিত পেলাই কাম কৰা নুমলীগড় শোধনাগাৰৰ শ্ৰমিকে আজিও পোৱা নাই প্ৰাপ্য মজুৰি। ফলত নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰৰ সন্মুখত বাগৰি কৰযোৰে প্ৰাপ্য হাজিৰা বিচাৰি প্ৰতিবাদ কৰে।

উল্লেখ্য যে ২০২৩ ৰ শ্বাটডাউনত কৰ্মৰত শ্ৰমিকক বৰ্তমানলৈকে ঠিকাদাৰী প্ৰতিষ্ঠানে দিয়া নাই প্ৰাপ্য মজুৰি। ডেৰমাহে শ্বাত ডাউনত কৰ্মৰত হৈ তিনিমাহৰ পাছতো নিজৰ প্ৰাপ্য মজুৰি আদায় নোপোৱাত শ্ৰমিকসকলে এনেদৰে সাব্যস্ত কৰিছে প্ৰতিবাদ।

শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদত নুমলীগড় শোধনাগাৰৰ বিষয়া মিন্টু কুমাৰ সন্দিকৈ, জগদীশ শৰ্মা আৰু প্ৰদীপ কুমাৰ হালৈয়ে নুমলীগড় আৰক্ষী থানাত উপস্থিত হৈ আলোচনা কৰিবলৈ বাধ্য হয়। এতিয়া লক্ষ্যনীয় হ'ব শ্ৰমিকৰ এই প্ৰতিবাদে প্ৰাপ্য মজুৰি আদায়ত কিদৰে সহায় কৰে। এই ক্ষেত্ৰত এন আৰ এল কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষ্যণীয় হ'ব।

এন আৰ এলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত বাগৰি বাগৰি প্ৰতিবাদ শ্ৰমিকৰ...
অলিম্পিকত অসমীয়াঃ ৫ গৰাকীৰ এগৰাকীহে সফল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in