পৰ্টেল সাংবাদিকৰ পকেটত এছ পি-পুলিচ !

স্বতন্ত্ৰ সাংবাদিকতাৰ বাৰ্তা লৈ আহিছিল প'ৰ্টেল সাংবাদিকতা। কিন্তু ইয়াৰ অচিলাৰে প'ৰ্টেল সাংবাদিকতাত একাংশ অসাধু প্ৰকৃতিৰ লোকৰ অনুপ্ৰৱেশ ঘটিছে।
অভিযুক্ত পৰ্টেল সাংবাদিক
অভিযুক্ত পৰ্টেল সাংবাদিক

ডিজিটেল সংবাদ, গোৱালপাৰাঃ স্বতন্ত্ৰ সাংবাদিকতাৰ বাৰ্তা লৈ আহিছিল প'ৰ্টেল সাংবাদিকতা। কিন্তু ইয়াৰ অচিলাৰে প'ৰ্টেল সাংবাদিকতাত একাংশ অসাধু প্ৰকৃতিৰ লোকৰ অনুপ্ৰৱেশ ঘটিছে।

সাংবাদিকতাৰ নূন্যতম জ্ঞান নথকা একাংশই ফেচবুকত এটা পেজ খুলি নিশাটোৰ ভিতৰতে হৈ পৰিছে সাংবাদিক তথা 'সংবাদ প্ৰতিষ্ঠান'ৰ মালিক।

ইয়াৰ ফলত জন মানসত সাংবাদিকতাৰ গৰিমা বিনষ্ট কৰি তুলিছে একাংশই। গোৱালপাৰাৰ চুকে-কোনে একাংশ পাবত গজা প'ৰ্টেল সাংবাদিকৰ দৌৰাত্ম বৃদ্ধি পাইছে ।

শেহতীয়াকৈ গোৱালপাৰাৰ এটা প'ৰ্টেল সাংবাদিকৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। সাংবাদিকতাৰ দম্ভালিৰে নিজ ভাতৃ আৰু ভাতৃ বোৱাৰীক চলাইছে দীৰ্ঘদিনে নিৰ্যাতন।

এইসন্দৰ্ভত সোমবাৰে উপায়ন্তৰ হৈ খোদ নিজ ভাতৃয়ে প'ৰ্টেল সাংবাদিক জনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে। অভিযুক্ত প'ৰ্টেল সাংবাদিকজনৰ নাম হ'ল নেকিবুৰ জামান ওৰফে জিৎ জামান।

এজাহাৰ
এজাহাৰ

তেওঁৰ ভাতৃ ছাজিবুজ জামানে গোৱালপাৰা চহৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। অভিযোগ অনুসৰি প্ৰায় ১২ বছৰ পূৰ্বে জামান ভাতৃদ্বয়ৰ পিতৃ বিয়োগ ঘটাত ওৱাৰিছৰ মাজত পৈত্ৰিক সম্পত্তিৰ ভাগ বতৰা হয়।

কনিষ্ঠ ভাতৃ ছাজিবুজ জামানে তেওঁৰ অংশৰ মাটিত সোমবাৰে বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিব খোজোতেই জ্যেষ্ঠ ভাতৃ তথা 'মাই টি ভি আসাম'ৰ স্বয়ম্ভু প'ৰ্টেল সাংবাদিক জিৎ জামানে বাধা প্ৰদান কৰা বুলি এজাহাৰত উল্লেখ কৰিছে।

এজাহাৰখনত উল্লেখ কৰা মতে বহু দিনৰ পৰাই জিৎ জামানে কনিষ্ঠ ভাতৃ ছাজিবুজ জামান আৰু তেওঁৰ পত্নী মিনা চাংমা জামানক হাৰাশাস্তি কৰি আহিছে ।

প'ৰ্টেল সাংবাদিকৰ দোহাই দি জিৎ জামানে 'এছ পি-পুলিচ মোৰ পেকেটত, মই যি ইচ্ছা তাকে কৰিব পাৰোঁ' বুলি লম্ফ-জম্ফ কৰা বুলিও এজাহাৰখনত উল্লেখ কৰা হৈছে । কেৱল এয়াই নহয়, অভিযুক্ত ব্লেক মেইলাৰ জিৎ জামানে কনিষ্ঠ ভাতৃ বোৱাৰী মিনা চাংমা জামানক শাৰিৰীক ভাৱে মাৰপিট কৰাৰ লগতে শ্লীলতা হানি কৰা বুলিও গুৰুতৰ অভিযোগ কৰিছে ভাতৃয়ে।

আনকি ভাতৃ বোৱাৰীক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা বুলি এজাহাৰখনত উল্লেখ কৰা হৈছে । এনে অৱস্থাত ছাজিবুজ জামানে আৰক্ষীৰ দ্বাৰস্থহৈ ন্যায় প্ৰদানৰ দাবী জনাইছে।

উল্লেখ্য যে শেহতীয়াকৈ এইগৰাকী স্বয়ম্ভু প'ৰ্টেল সাংবাদিকে ধন‌ দাবী তথা ব্লেকমেইলিং কৰাৰ উদ্দেশ্যে একাংশ সাংবাদিকৰ বিৰুদ্ধে ফেচবুক পেজত ভূৱা আৰু মনে সজা বাতৰি কৰাত ব্লেকমেইলাৰগৰাকীৰ বিৰুদ্ধে মৰণৈ আৰক্ষী থানাত ৩১/২০২৩ নম্বৰত এটি গোচৰ ৰুজু হৈছে ।

লগতে এগৰাকী ইউটিউবাৰকো ব্লেকমেইলিঙ কৰাৰ উদ্দেশ্যে ১৫ লাখ টকা দাবী কৰা বুলি অভিযোগ উঠিছে। এতিয়া গোৱালপাৰা আৰক্ষীয়ে এজাহাৰ সংক্ৰান্তত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

অভিযুক্ত পৰ্টেল সাংবাদিক
মমতাই বংগত নিষিদ্ধ কৰিলে 'দ্যা কেৰালা ষ্টৰী'...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in