'অমৃত বৃক্ষ' নহয়! মনজিতৰ প্ৰচেষ্টাৰে ব্ৰহ্মপুত্ৰৰ চাপৰিত গঢ়ি উঠিল এখন অৰণ্য..

'অমৃত বৃক্ষ' নহয়! মনজিতৰ প্ৰচেষ্টাৰে ব্ৰহ্মপুত্ৰৰ চাপৰিত গঢ়ি উঠিল এখন অৰণ্য..

ডিজিটেল সংবাদ, ঢকুৱাখনা:  বিগত ১১বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে প্ৰকৃতি সংৰক্ষণত ব্ৰতী হৈ আহিছে এগৰাকী প্ৰচাৰ বিমুখ প্ৰকৃতি সংৰক্ষক। কোনো চৰকাৰী অৰ্থসাহায্য  বা ৰাজসাহায্য লাভৰ  স্বাৰ্থ নোহোৱাকৈ কেৱল মাত্ৰ মানৱ জাতিৰ কল্যানৰ হকে আত্মনিয়োগ কৰি অহা এই গৰাকী  মানৱতাবাদী প্ৰকৃতি প্ৰেমী হৈছে মনজিৎ পাতিৰ।

ঢকুৱাখনা মহকুমাৰ বকুলগুৰিৰ নিবাসী মনজিৎ পাতিৰ। যিসময়ত বিদেশী ৰাষ্ট্ৰৰ  বিশাল অৰ্থসাহায্যৰে ৰাজ্যখনক সেউজীয়া কৰাৰ বাবে ৰজাঘৰীয়াই কাৰ্যসূচী গ্ৰহণ কৰিছে, তেনে সময়তে একক প্ৰচেষ্টাৰে কোনো চৰকাৰী সাহায্য নোলোৱাকৈ এইগৰাকী  নিঃস্ব প্ৰকৃতিৰ বান্ধবে গঢ়ি তুলিছে এখন বিশাল অৰণ্য।

প্ৰায় ২০০ পুৰা  ব্ৰহ্মপুত্ৰৰ বুকুৰ বলুকাৰ চাপৰিত পাতিৰে যোৱা ২০১২ চনৰ পৰা একক প্ৰয়াসৰ বিনিময়ত গঢ়ি তুলিবলৈ সমৰ্থ হৈছে এখন বিশাল অৰণ্য।  প্ৰথম অৱস্থাত ব্ৰহ্মপুত্ৰ চাপৰি বনানিকৰণ সমিতি গঠন কৰি  ব্ৰহ্মপুত্ৰৰ বুকুৰ মাদুৰি চাপৰি , জাৱৰচুকৰ বিশাল আৱাদী ভূখণ্ডত শিমলু , শিলিখা, বৰগছ, আঁহত আদি গছপুলি ৰুই পৰৱৰ্তী সময়ত প্ৰায় ২০০পূৰা চাপৰিৰ মাটিলৈ এই সেউজীয়াকৰণ কাৰ্যসূচী সম্প্ৰসাৰণ কৰে। 

নিজস্ব পুঁজি আৰু শ্ৰমৰ বিনিময়ত সমিতিৰ সকলো সদস্যৰ সহযোগিতাৰে সম্প্ৰতি এখন বিশাল অৰণ্যৰ গঢ় দিবলৈ সক্ষম হোৱা মনজিৎ পাতিৰৰ এনে নিঃস্বাৰ্থ পদক্ষেপ প্ৰতিগৰাকী নাগৰিকৰ বাবে অনুকৰনীয়। প্ৰকৃতি প্ৰাণীকুল আৰু পৰিৱেশৰ বাবে আত্মোৎসর্গা কৰা মনজিৎ পাতিৰহঁতে শেহতীয়াকৈ হাতত লৈছে "প্ৰকৃতিৰ বাবে গছ দান"  আৰু "চেভ  গ্ৰীণ ৱৰ্ল্ড মিছন" শীৰ্ষক দুই আদৰ্শনীয় আঁচনি। 

এই আঁচনি অনুসৰি প্ৰতিটো পৰিয়ালে নিজৰ স্বৰ্গগত আত্মীয়ৰ নামত নিজৰ বাৰীৰ  এজোপাকৈ গছ দান দিয়ে আৰু আজীৱন সেইজোপা গছৰ সুৰক্ষা দিয়াৰ দায়িত্ব উক্ত পৰিয়ালটোক প্ৰদান কৰা হয়। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে  স্বৰ্গগামী আত্মীয়ৰ নামত প্ৰকৃতিলৈ উৎসৰ্গা  কৰা এই বৃক্ষ সমূহত নাম ফলক লগাই দিয়াৰো ব্যৱস্থা কৰে "প্ৰকৃতিলৈ গছ দান" ৰ নেতৃত্ববাহী পাতিৰে।

তাৰোপৰি প্ৰকৃতি সংৰক্ষণৰ প্ৰয়োজনীয়তা, পাৰিপাৰ্শ্বিক পৰিৱেশ আৰু জীৱকুলৰ সংৰক্ষণৰ প্ৰাসংগিকতা সন্দৰ্ভত ধাৰাবাহিক সজাগতা সৃষ্টি কৰি অহা  প্ৰচাৰবিমুখ প্ৰকৃতি সংৰক্ষক মনজিৎ পাতিৰে জনোৱা মতে, কোনো ধৰণৰ চৰকাৰী অৰ্থসাহায্য কিম্বা বনানীকৰণ আঁচনিৰ ফুটা কড়ি এটাও নোলোৱাকৈ শুভাকাংক্ষী প্ৰকৃতি প্ৰেমীৰ সহযোগত বছৰ বছৰ ধৰি নিৰন্তৰ হাৰত চলাই গৈছে মানৱতাবাদী এই গোপন সংগ্ৰাম ।

নীৰৱ প্ৰকৃতি সংৰক্ষক পাতিৰৰ আহ্বান যদি কোনো মানৱদৰদী ব্যক্তিয়ে স্বৰ্গগামী আত্মীয়ৰ নামত বৃক্ষ উৎসৰ্গা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে তেন্তে পাতিৰৰ +91 91013 29927 মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব ।

'অমৃত বৃক্ষ' নহয়! মনজিতৰ প্ৰচেষ্টাৰে ব্ৰহ্মপুত্ৰৰ চাপৰিত গঢ়ি উঠিল এখন অৰণ্য..
মহিলা সংৰক্ষণ বিধেয়কক 'দিল্লীকা লাড্ডু' আখ্যা অখিল গগৈৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in