মহিলা সংৰক্ষণ বিধেয়কক 'দিল্লীকা লাড্ডু' আখ্যা অখিল গগৈৰ

মহিলা সংৰক্ষণ বিধেয়কক 'দিল্লীকা লাড্ডু' আখ্যা অখিল গগৈৰ

author-image
Asomiya Pratidin
New Update
মহিলা সংৰক্ষণ বিধেয়কক 'দিল্লীকা লাড্ডু' আখ্যা অখিল গগৈৰ

ডিজিটেল সংবাদ, সৰুপথাৰঃ সৰুপথাৰৰ টেঙানিত উপস্থিত হয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। টেঙানিত উপস্থিত হৈ মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া প্ৰদান কৰে।

মহিলা সংৰক্ষণ বিধেয়কখনক 'দিল্লীকা লাড্ডু' বুলি অভিহিত কৰি শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে। বিজেপিয়ে ২০২৪ ৰ নিৰ্বাচনত মহিলাৰ ভোট ল'বৰ বাবেহে বিলখন উত্থাপন কৰিছে কিন্তু কাৰ্যকৰী কৰাত কোনো আন্তৰিকতা নাই বুলি অভিযোগ কৰে বিধায়কগৰাকীয়ে।

লগতে বিজেপিয়ে উত্থাপন কৰা মহিলা সংৰক্ষণ বিলখন ২০৩৪ চনত নাইবা ২০৩৯ চনতহে কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে অখিল গগৈয়ে। সৰুপথাৰ সমষ্টিৰ টেঙানিলৈকে দুদিনীয়া কাৰ্যসূচীৰে আহিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। টেঙানি অঞ্চলৰ কেইটামান উন্নয়নমূলক কাম কৰি দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে অখিল গগৈয়ে।

Also Read: কৃষি পাম সমবায়ত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

women reservation bill akhil gogoi