ধৰ্মপ্ৰাণ মহিলা সুমলা দত্তৰ বিয়োগ

ধৰ্মপ্ৰাণ মহিলা সুমলা দত্তৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
ধৰ্মপ্ৰাণ মহিলা সুমলা দত্তৰ বিয়োগ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা নগৰৰ আমকটীয়া গাঁও নিবাসী ধৰ্মপ্ৰাণ মহিলা, বৰ্ষীয়ান নাগৰিক সুমলা দত্ত(৭৭)ৰ মঙলবাৰে মহাপ্ৰয়ান  ঘটে। যোৱা কিছুদিন ধৰি  সাধাৰণ বাৰ্ধক্যজনিত ৰোগত ভুগি থকা দত্তই স্বাভাৱিক ভাবেই নৈশ আহাৰ গ্ৰহণ কৰি শেতেলিত পৰাৰ পাছত মঙলবাৰে পুৱতি নিশা প্ৰায় ৩-২৭ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

Advertisment

প্ৰবীণ সমাজহিতৈষী মহিলা গৰাকীৰ আকস্মিক বিয়োগত সমগ্ৰ মহকুমাটোত শোকৰ ছাঁ পৰিছে। দত্তৰ বিয়োগৰ খবৰ পাই অগণন গুণমুগ্ধৰ দত্তৰ বাসগৃহলৈ আগমন ঘটে আৰু শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদেহ আত্মাৰ স্বৰ্গসুখ প্ৰাপ্তি কামনা কৰে।

মৃত্যুৰ সময়ত দত্তই স্বামী যোগেন দত্ত, দুই পুত্ৰ ক্ৰমে তুলন দত্ত, দুলেন দত্ত এগৰাকী কন্যা আৰু অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত এৰি থৈ যায় । ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলন, ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদ আদি বিভিন্ন সংগঠনে সৰবৰহী মহিলা গৰাকীৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে আৰু শোকাহত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Also Read: গহপুৰত মুকলি "গহপুৰ মেডিকচ এণ্ড ফাৰ্মা ক্লিনিক"

dhakuakhana