গহপুৰত মুকলি "গহপুৰ মেডিকচ এণ্ড ফাৰ্মা ক্লিনিক"

গহপুৰত মুকলি "গহপুৰ মেডিকচ এণ্ড ফাৰ্মা ক্লিনিক"

ডিজিটেল সংবাদ, গহপুৰঃ ডুবিয়াৰ শিক্ষিত যুৱক তথা শিলচৰ মেডিকেল কলেজৰ পৰা ডি ফাৰ্মৰ যোগ্যতা প্ৰাপক, প্ৰতিদিন টাইমৰ গহপুৰৰ সাংবাদিক পৰাশ শইকীয়াৰ ঐকান্তিক প্ৰচেষ্টাত প্ৰাণ পাই উঠা গহপুৰৰ স্বাস্থ্য খণ্ডৰ নৱতম সংযোজন স্বাস্থ্য সেৱা প্ৰতিষ্ঠান(GMPC) খন সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে অতিৰিক্ত উপায়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰাই।

মাল্টি স্পেচিয়েলিটি অপিডি ক্লিনিক, জৰুৰীকালীন সেৱা, ফাৰ্মাচী,লেৱৰটৰী, ডেন্টেল ক্লিনিক, ইচিজি আদিৰ বিভিন্ন চিকিৎসা জনিত সুবিধা উপলব্ধ আছে ক্লিনিক খনত।

এই ক্লিনিক খনৰ জৰিয়তে দৰিদ্ৰ আৰু আৰ্তজনক তেনেই সীমিত খৰছত স্বাস্থ্য সেৱা আগবঢ়াবৰ বাবে সংকলবদ্ধ পৰাশ শইকীয়া।

সংবাদ সেৱাৰ সমান্তৰালকৈ স্বাস্থ্য সেৱাৰ জৰিয়তে স্বাবলম্বিতাৰ পথ বাছি লৈ আন দহজনকো কৰ্মসংস্থাপনৰ বাট মোকোলাই তোলা সাংবাদিক পৰাশ শইকীয়াৰ এই কৰ্মমুখী যাত্ৰাক আন্তৰিক অভিনন্দন আৰু শুভকামনা জনাইছে বৃহত্তৰ কলাবাৰী অঞ্চলৰ ৰাইজে।

গহপুৰত মুকলি "গহপুৰ মেডিকচ এণ্ড ফাৰ্মা ক্লিনিক"
দ্ৰুততম ১৩০০০ ৰাণঃ অভিলেখ সৃষ্টিকাৰী কোহলী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in