ত্ৰিপুৰাত বুজন পৰিমাণৰ গাঞ্জা জব্দ

ত্ৰিপুৰাত বুজন পৰিমাণৰ গাঞ্জা জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই ধলাই আৰক্ষীয়ে বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত জিলা খনৰ শ্ৰীৰামপুৰ তালাচী চকীত অভিযান চলোৱাৰ সময়ত জব্দ কৰা হয় বুজন পৰিমাণৰ গাঞ্জা খিনি।

শুকুৰবাৰে এখন চাৰিচকীয়া বাহনত তালাচী চলাওতে বাহন খনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় ৩৩ গাঞ্জাৰ পেকেট। পেকেট কেইটাৰ পৰা মুঠ ২৭.৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে। ত্ৰিপুৰাৰ পৰা অসমৰ দিশে আহি থকা সময়ত বাহন খনৰ পৰা জব্দ কৰা হয় গাঞ্জা খিনি। গাঞ্জা সৰবৰাহৰ অভিযোগত বাহন খনৰ চালকক গ্ৰেপ্তাৰ কৰা হৈছে। এই সন্দৰ্ভত কমলপুৰ থানাত এন ডি পি এছ আইনৰ অধীনত এটি গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে।

ত্ৰিপুৰাত বুজন পৰিমাণৰ গাঞ্জা জব্দ
বৰবৰুৱাত নিচাযুক্ত সামগ্ৰীৰ লগতে চলিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in