বিশ্ববিদ্যালয়লৈ উন্নীত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত আৱতৰীয়া বিহু-দেৱালী

বিশ্ববিদ্যালয়লৈ উন্নীত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত আৱতৰীয়া বিহু-দেৱালী

ডিজিটেল সংবাদ, লখিমপুৰঃ উচ্চ শিক্ষাৰে সত্তৰ বছৰীয়া স্বৰ্ণিল গৌৰৱোজ্বল যাত্ৰা অব্যাহত ৰখা উত্তৰ পাৰৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান নৰ্থ লখিমপুৰ মহাবিদ্যালয় বিশ্ববিদ্যিলয়লৈ উন্নীত হোৱাত উৎফুল্লিত লখিমপুৰবাসী ৷ অসম বিধান সভাত বৃহস্পতিবাৰে বিয়লি নৰ্থ লখিমপুৰ বিশ্ব বিদ্যালয় বিধেয়ক গৃহিত হোৱাৰ লগে লগে এক আনন্দ উৎসৱ প্ৰমুখ পৰিবেশে বিৰাজ কৰে লখিমপুৰত৷ মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী, ছাত্ৰ একতা সভা আৰু শিক্ষক গোটৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধিয়া এক আবতৰীয়া বিহু আৰু দীপাৱলীৰ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হয়৷

শুভ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলেও ভিৰ কৰে ৷ মহাবিদ্যালৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াক শুভেচ্ছাৰে উপচাই দিয়ে বিভিন্নজনে ৷ জিলা আয়ুক্ত সুমিত সাত্তাৱন মহাবিদ্যালয়খনত উপস্থিত হৈ সকলোকে শুভেচ্ছা বাৰ্তা প্ৰদান কৰে৷ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াই অসম চৰকাৰৰ এই ঐতিহাসিক সিদ্ধান্তৰ বাবে চৰকাৰৰ লগতে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ক্ৰমে শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগু আৰু বিধায়ক মানৱ ডেকাক ধন্যবাদ জনায়৷ তেখেতসকলৰ প্ৰচেষ্টাতেই নৰ্থ লখিমপুৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীত হ’ল বুলি মত পোষণ কৰে৷

আনহাতে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ অধ্যক্ষ শিক্ষাবিদ ড° মুকুন্দ ৰাজবংশীয়ে এইখন বিশ্ববিদ্যালয় দেশৰ ভিতৰতে উৎকৃষ্ট বিশ্ববিদ্যালয় হোৱাৰ আশা ব্যক্ত কৰে৷ লখিমপুৰ বিশিষ্ট সমাজ কৰ্মী উদয় শংকৰ হাজৰিকাই নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় এক আন্তঃৰাষ্ট্ৰীয় মানৰ বিশ্ববিদ্যালয় হ’ব বুলি আশা প্ৰকাশ কৰে ৷

স্মৰ্তব্য যে, প্ৰতিষ্ঠাৰ সত্তৰ বছৰ অতিক্ৰম কৰা মহাবিদ্যালয় খনে ২০১৩ চনৰ পৰা স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছিল৷ সম্প্ৰতি মহাবিদ্যালয়খনে ২২ টা বিভাগত ২১ টা স্নাতকোত্তৰ পাঠ্যক্ৰম আৰু পাঁচ টা বিষয়ত পি এইচ ডি পাঠ্যক্ৰমৰ যোগেদি বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছে৷ পূৰ্ণপৰ্যায়ৰ বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰা এই বিশ্ববিদ্যালয়ত প্ৰাক-স্নাতক পাঠ্যক্ৰমো উপলৱদ্ধ হ’ব নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত৷

বিশ্ববিদ্যালয়লৈ উন্নীত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত আৱতৰীয়া বিহু-দেৱালী
নগাঁও কলেজ (অট’নমাচ)ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ বিধেয়ক বিধান সভাত উত্থাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in