সোণাৰী চাপৰিত ৰাষ্ট্ৰীয় হস্ততাঁত বিকাশ নিগমৰ সূতা ভঁৰাল উদ্বোধন

সোণাৰী চাপৰিত ৰাষ্ট্ৰীয় হস্ততাঁত বিকাশ নিগমৰ সূতা ভঁৰাল উদ্বোধন

ডিজিটেল সংবাদ,ঢকুৱাখনা : উত্তৰ অসমৰ প্ৰথমটো বিশুদ্ধ সূতাৰ ভঁৰাল শুক্ৰবাৰে ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰিত শুভ উদ্ধোধন কৰা হয় । বয়ন শিল্পৰ লগতে সোণালী সূতাৰ প্ৰাচুৰ্য ক্ষেত্ৰ ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰি মূল কেন্দ্ৰত শুক্ৰবাৰে বিয়লি এই নিভাঁজ সূতাৰ ভঁৰালটো শুভ উদ্ধোধন কৰে এন এইচ ডি চিৰ সহকাৰী প্ৰৱন্ধক এম ইছলামে ।

ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ কেঁচা সামগ্ৰী যোগান আঁচনিৰ অধীনত আবন্টন দিয়া এই সূতা ভঁৰাল উদ্ধোধন উপলক্ষত অনুষ্ঠিত উদ্বোধনী সভাত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ,সমাজহিতৈষী ৰাজেন টাকুৱে। সোনাৰী চাপৰি সদৰৰ "চাৰিকড়ীয়া সূতা ভঁৰাল কেন্দ্ৰ" প্ৰাঙ্গনত অনুষ্ঠিত জনাকীৰ্ণ উদ্বোধনী সভাত কেন্দ্ৰটোৰ শুভ উদ্ধোধনী কৰি এই সূতা ভঁৰালৰ জৰিয়তে থলুৱা শিপিনীসকলে ১৫ শতাংশ সুলভ মূল্যত উন্নত আৰু বিশুদ্ধ মানৰ সূতা ক্ৰয় কৰি স্বাৱলম্বনৰ দিশত অগ্ৰগামী ভূমিকা ল'ব পাৰিব বুলি ব্যক্ত কৰে উদ্ধোধক এন এইচ ডি চিৰ সহকাৰী প্ৰৱন্ধক এম ইছলামে ।

ভঁৰালৰ উদ্বোধক সহকাৰী প্ৰৱন্ধক ইছলামে ভাষণ প্ৰসংগত এই সূতাৰ পৰিবহন ব্যয় ভাৰত চৰকাৰে বহন কৰি উৎপাদন মূল্যত শিপিনীসকলক আৰ্থিকভাৱে লাভান্বিত কৰিবলৈ এই সূতা ভঁৰাল স্থাপন কৰা বুলি উল্লেখ কৰে। তেওঁ থলুৱা শিপিনী আৰু বয়ন শিল্পৰ সতে জড়িতসকলক এই চৰকাৰী আঁচনিৰ জৰিয়তে উপকৃত হ'বলৈ আহ্বান জনায়।

এন এইচ ডি চিৰ অনুমোদন প্ৰাপ্ত চাৰিকড়ীয়া সূতা ভঁৰালৰ স্বত্বাধিকাৰী চাৰিকঢ়িয়া বোৱা-কটা সমবায় সমিতিৰ সম্পাদিকা বিদ্যা (অনু )দিহিঙীয়াই উদ্দেশ্য ব্যাখ্যা কৰা উদ্বোধনী অনুষ্ঠানত লখিমপুৰ জিলা হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক হৰেন শইকীয়া  আৰু এন এইচ ডি চি ধেমাজি শাখাৰ জ্যেষ্ঠ অধিকাৰী ধ্ৰুৱ জ্যোতি শৰ্মা, বিশিষ্ট শিক্ষাব্ৰতী, সমাজপ্ৰাণ উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তোলেন চুতীয়া , জ্যেষ্ঠ নাগৰিক পদ্মেশ্বৰ বৰগোঁহাই , শিক্ষাব্ৰতী থানেশ্বৰ বৰুৱা আদি বহু সংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে।

সভাত বিশিষ্ট বক্তাসকলে উত্তৰ অসমৰ প্ৰথমটো সূতা ভঁৰাল উদ্বোধন সোনাৰী চাপৰিত স্থাপন কৰাৰ বাবে সমগ্ৰ ঢকুৱাখনা মহকুমাৰ লগতে বয়ন শিল্পৰ সৈতে জড়িত গ্রামাঞ্চলৰ কষ্টসহিষ্ণু মহিলাসকলে অতি কম দামত বিশুদ্ধ , নিভাঁজ সূতা ক্ৰয় কৰি এখন পৰিশুদ্ধ বয়ন শিল্পৰ বজাৰ গঢ়ি তুলিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে । সভাত ২০০৬ চনৰ পৰাই এই বোৱা কটা সমবায় সমিতিৰ সতে জড়িত হৈ সমবায় সমিতিখনৰ সম্পাদিকা, উদ্যমী বয়ন শিল্পী বিদ্যা (অনু) দিহিঙীয়াই আজি উদ্বোধন হোৱা এই সূতা ঘৰৰ জৰিয়তে বয়ন শিল্পৰ সৈতে জড়িত প্ৰতিগৰাকী বয়ন শিল্পীয়ে বজাৰ দৰতকৈ অতি কম দৰত চৰকাৰী ৰাজসাহায্যযুক্ত ১০০ শতাংশ বিশুদ্ধ আৰু নিভাঁজ সূতা ক্ৰয় কৰি লাভান্বিত হ'ব পাৰিব বুলি উপস্থিত ৰাইজ আৰু শিপিনীসকলক জানিবলৈ দিয়ে ।

হস্ত তাঁত বস্ত্ৰ বিভাগৰ স্বীকৃতি প্ৰাপ্ত চাৰিকঢ়িয়া ব্লক পৰ্য্যায়ৰ ক্লাছটাৰৰ ১০০ গৰাকী সদস্যাৰ লগতে ৯৫৪ গৰাকী শিপিনী জড়িত হৈ থকা এই অনুষ্ঠানটোৰে সম্পৃক্ত এই সূতা ঘৰৰ জৰিয়তে সমগ্ৰ উত্তৰ অসমৰ বয়ন শিল্পৰ সৈতে জড়িত কৰ্মোদ্যমীসকলে অধিক মুনাফা অর্জন অর্জনৰ পথ প্ৰশস্ত হ'ব বুলি মন্তব্য কৰে স্বত্বাধিকাৰী বিদ্যা (অনু) দিহিঙীয়াই । সচৰাচৰ বজাৰত উপলব্ধ ভেজাল , সূতাৰ বিপৰীতে সম্পূৰ্ণ পৰিশুদ্ধ , নিৰ্ভেজাল সূতা বজাৰ দৰতকৈ অধিক কম দামত চাৰিকড়ীয়া সূতা ভঁৰালৰ পৰা ক্ৰয় কৰি থলুৱা শিপিনীসকল আৰ্থিকভাৱে অধিক লাভান্বিত হ'ব পাৰিব বুলি নিশ্চয়তা প্ৰদান কৰে।

চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এই ভঁৰালটোৰ ৯৬৭৮২ ০৭৯৪২ আৰু ৯১০১২ ৯০৩৬৬ নম্বৰত সকলো আগ্ৰহী শিপিনীয়ে যোগাযোগ কৰি শিপিনীসকলে ঘৰতে চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত নিভাঁজ সকলো ধৰণৰ সূতা লাভ কৰিব বুলি সভাত ব্যক্ত কৰে । বয়নশিল্পৰ এক স্বকীয় গৰিমা বিশিষ্ট ঢকুৱাখনাৰ অন্যতম প্ৰাণ কেন্দ্ৰত চৰকাৰীভাৱে অনুমোদিত আৰু স্বীকৃতিপ্ৰাপ্ত উত্তৰ অসমৰ একমাত্ৰ নিভাঁজ ,বিশুদ্ধ আৰু পৰিশুদ্ধ সকলো ধৰণৰ সূতাৰ মুকলি বিপনি এই সূতা ভঁৰালৰ জৰিয়তে বয়ন শিল্পৰ সৈতে জড়িতসকল বহুলাংশে উপকৃত হোৱাৰ সম্পূৰ্ণ নিশ্চয়তা প্ৰদান কৰে এন এইচ ডি চি কৰ্তৃপক্ষই ।

সোণালী সূতাৰ প্ৰাণ কেন্দ্ৰ ঢকুৱাখনাত নব্য বয়ন শিল্পৰ ধাৰা সৃষ্টি কাৰক এই সূতা ভঁৰালটোৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা বয়ন শিল্পীসকলে প্ৰথম দিনাই কেইবা সহস্ৰাধিক মূল্যৰ বিশুদ্ধ সূতা ক্ৰয় কৰি মহৎ চৰকাৰী প্ৰয়াসত নতুন মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হ'ল ।

সোণাৰী চাপৰিত ৰাষ্ট্ৰীয় হস্ততাঁত বিকাশ নিগমৰ সূতা ভঁৰাল উদ্বোধন
সোণ-ৰূপক লৈ বটদ্ৰবা থান পৰিচালনা সমিতিৰ ৰাজপথত কাজিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in