/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d2d28096-2c9f-44a4-99a0-6f2e320064fb/165.jpg)
ডিজিটেল সংবাদ,লখিমপুৰ : উত্তৰ অসমৰ ৰে’ল সেৱাত নতুনকৈ সংযোজন হ’ব দুখন যাত্ৰীবাহী ৰে’ল ৷ দিনৰ ভাগত গুৱাহাটীৰ সৈতে সংযোগ স্থাপন কৰিব পৰাকৈ এই নতুন ৰে’ল সেৱা প্ৰৱৰ্তন হ’ব ৷ কেৱল সেয়ে নহয় ৰাজধানী ৰে’লৰ চলাচল ডিব্ৰুগড়ৰ পৰা লখিমপুৰ হৈ সপ্তাহটোৰ চাৰিটা দিন চলোৱাৰ পোষকতা ৰে’ল বিভাগৰ ৷
শুকুৰবাৰে এই কথা লখিমপুৰত ব্যক্ত কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰী বাস্তৱে ৷ আজি লখিমপুৰৰ পৰা ডিব্ৰুগড়লৈ ৰে’ল সেৱা পৰিদৰ্শন কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৰ মহাপ্ৰৱন্ধকগৰাকীয়ে।
চেতন কুমাৰ শ্ৰীবাস্তৱ আজি পুৱা ৭-০০বজাত এক বিশেষ ৰে’লযোগে লখিমপুৰত উপস্থিত হয় ৷ ৰে’লপথ ,বৈদ্যুতিকৰণ ,চিকিৎসা সেৱা ,যাত্ৰীৰ আৰক্ষণ প্ৰণালী ,অনাময় আৰু খোৱা পানীৰ ব্যৱস্থাৰ পৰীক্ষণ কৰে এন এফ ৰে’লৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e0bc7d9d-db37-409c-8a42-753cd6b073fa/09547594_d7a3_46df_abb2_bb504769c8cb.jpg)
এক আছুতীয়া সাক্ষাৎকাৰত মহাপ্ৰৱন্ধকগৰাকীয়ে অসমীয়া প্ৰতিদিনক উত্তৰ অসমত অধিক যাত্ৰীবাহী ৰে’ল চলোৱাৰ আশ্বাস দিয়ে ৷ লগতে লখিমপুৰত আৰক্ষণ কোটা বৃদ্ধিৰ আশ্বাস দিয়ে ৷ ৰাজধানী ৰে’লৰ চলাচলৰ দিন বৃদ্ধিৰো আশ্বাস দিয়ে ৷ সপ্তাহত কমেও চাৰিদিন উত্তৰ অসম হৈ ৰাজধানী ৰে’ল চলাচলৰ প্ৰস্তাৱ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰনালয়লৈ প্ৰেৰণ কৰাৰ কথাও তেঁও জানিবলৈ দিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/f8ca0d8d-858d-4520-a9a9-c5227224a366/907eb5f4_4203_4331_81db_48191b51a6e8.jpg)
উল্লেখ্য যে লখিমপুৰৰ পৰা গুৱাহাটীলৈ দিনৰ ভাগত যাত্ৰীবাহী ৰে’ল চলাচল হোৱা নাই। সপ্তাহত দুদিন কামৰূপ এক্সপ্ৰেছ আৰু নিয়মীয়াকৈ লাচিত এক্সপ্ৰেছ মুৰ্কং চেলেকৰ পৰা গুৱাহাটীলৈ চলে ৷
আনহাতে লখিমপুৰত ৰে’লৰ টিকটত আৰক্ষণৰ ব্যৱস্থা নাই ৷ জোনাইৰ তেলেমৰ পৰা ৰিজাৰ্ভেচন কৰিব লাগে যাত্ৰীয়ে ৷ ফলত অধিক ৰে’ল ভাড়া যাত্ৰীসকলে ভৰিব লাগে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/bc758054-40b7-405d-b643-1dcfafe82d44/be698e57_3ecf_4532_bb88_d61e1a80a1a2.jpg)
আজিৰ ভ্ৰমণ কালত উত্তৰ-পূৱ ৰে’লৰ মুখ্য বিষয়াগৰাকীয়ে এই সমূহ সমস্যা সমাধান কৰি অনতিপলমে দুখন যাত্ৰীবাহী ৰে’ল চলোৱাৰ লগতে সপ্তাহত চাৰিদিন লখিমপুৰ হৈ তিনিচুকীয়াৰ পৰা ৰাজধানী ৰে’ল চলোৱাৰ পোষকতা কৰে ৷ স্মৰ্তব্য যে বগীবিল দলঙত ঘন্টাত ১১০ - ১২০ কিঃমিঃ লৈ ৰে’ল চলাচলৰ পৰীক্ষণ সম্পন্ন কৰে বিষয়াগৰাকীয়ে ৷
বিষয়াগৰাকীৰ ভ্ৰমণ কালত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আঞ্চলিক সমিতিয়ে যাত্ৰীৰ উপকাৰ্থে কেইবা দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে ৷
Also Read: নিৰ্মল হালৈ মহাবিদ্যালয়ত চিনে ক্লাৱ মুকলি পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ