নিৰ্মল হালৈ মহাবিদ্যালয়ত চিনে ক্লাৱ মুকলি পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ

নিৰ্মল হালৈ মহাবিদ্যালয়ত চিনে ক্লাৱ মুকলি পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ

‘আইৰন গাৰ্লছ’ চলচ্চিত্ৰত অভিনয়ৰ অভিজ্ঞতা সুৱঁৰি জীৱনৰ ভিন্ন অভিজ্ঞতাৰ বৰ্ণনা দিলে ভূঞাই

ডিজিটেল সংবাদ,পাটাছাৰকুছি : “ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰি গুৱাহাটীলৈ উভতি অহাৰ পিছত পৰিচালক ৰাজেন দাসে মোক নৈ নিৰ্মাণ কৰা “আইৰন গাৰ্লছ“ অলপতে গুৱাহাটীৰ চলচ্চিত্ৰ গৃহত দেখুৱালে ৷ সিদিনা ৰূপালী পৰ্দাত মই নিজক আৱিষ্কাৰ কৰি কান্দি উঠিছিলো ৷

অসমৰ লোকশিল্প ওজাপালি দেওধনীক জীয়াই ৰখাৰ বাবে মই জীৱনৰ এছোৱা সংগ্ৰামৰ মাজেৰে পাৰ কৰিছিলোঁ ৷ সেই সংগ্ৰাম মই “আইৰন গাৰ্লছ“ত নিজেই অভিনয় কৰি ৰাজেন দাসৰ পৰিচালিত চলচ্চিত্ৰখনৰ জৰিয়তে ক’বলৈ চেষ্টা কৰিছো ৷”-শুকুৰবাৰে নিৰ্মল হালৈ মহাবিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত এইদৰে বক্তব্য ৰাখি আৱেগিক হৈ পৰে শুকনানী ওজাপালি শিল্পৰ গুৰু পদ্মশ্ৰী দ্ৰোণ ভূঞা।

নিৰ্মল হালৈ মহাবিদ্যালয়ত আজি চিনে ক্লাৱৰ শুভ উদ্বোধন কৰি পদ্মশ্ৰী দ্ৰোণ ভূঞাই  উদ্বোধনী সভাত পুনৰ কয় -“ অসমৰ লোকশিল্পৰ শিপা বৰ মজবুত ৷ এই শিপাক আমি জীয়াই ৰাখিব লাগিব ৷ এই শিপাত আমাৰ জাতীয় জীবনৰ প্ৰাণ আছে ৷“

মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই বন্তি প্ৰজ্বলন কৰি সভাৰ আৰম্ভণিতে আদৰণি ভাষণ ৰাখি কয় যে চিনে ক্লাৱে আজিৰ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক বিশ্বৰ তথ্য প্ৰযুক্তিৰ দিশত বহুখিনি আগবঢ়াই লৈ যাব ৷ অধ্যক্ষগৰাকীয়ে চিনে ক্লাৱৰ সমন্বয়ক হিচাপে মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক তথা চলচ্চিত্ৰ পৰিচালক ৰাজেন দাসক দায়িত্ব অৰ্পণ কৰে ৷

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে সভাৰ শেষত ৰাজেন দাস পৰিচালিত চলচ্চিত্ৰ “লাইফ ইন এ পাপেট“ প্ৰদৰ্শন কৰা হয় ৷ সভাখনৰ আঁত ধৰে ৰাজেন দাসে আৰু শলাগৰ শৰাই আগবঢ়াই অসমীয়া বিভাগৰ মুৰব্বী ড° নৱনীতা কলিতাই ৷

সভালৈ সৌজন্য আৰু সহযোগ আগবঢ়াই নিৰ্মল হালৈ মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষ আৰু জীৱন বৃত্তি নিৰ্দেশনা আৰু পৰামৰ্শ কোষে ৷ সভাত পদ্মশ্ৰী দ্ৰোণ ভূঞাক নিৰ্মল হালৈ মহাবিদ্যালয় পৰিয়ালবৰ্গ,শিক্ষক গোট আৰু ছাত্ৰ একতা সভাই বিপুল সম্বৰ্দ্ধনা জনায় ৷

নিৰ্মল হালৈ মহাবিদ্যালয়ত চিনে ক্লাৱ মুকলি পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ
গ্ৰন্থ জালিয়াতিৰ অভিযোগত পাণবজাৰৰ গ্ৰন্থ বিপণীত এন চি ই আৰ টি-আৰক্ষীৰ অভিযান
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in