অসমৰ সংবাদ জগতত "চাণক্য"ৰ আত্মপ্ৰকাশ

লখিমপুৰত শুভ উন্মোচন
অসমৰ সংবাদ জগতত "চাণক্য"ৰ আত্মপ্ৰকাশ
অসমৰ সংবাদ জগতত "চাণক্য"ৰ আত্মপ্ৰকাশ

ডিজিটেল সংবাদ,ঢকুৱাখনা : ডেৰশ বছৰীয়া বৰ্ণিল ইতিহাস সমৃদ্ধ অসমৰ সংবাদ ক্ষেত্ৰখনত নতুনকৈ সংযোজিত হ'ল সাপ্তাহিক কাকত "চাণক্য"। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ প্ৰাক্তন সভাপতি ধৰ্মকান্ত গগৈৰ সম্পাদনাত লখিমপুৰৰ পৰা প্ৰকাশ হোৱা সাপ্তাহিক "চাণক্য" কাকতখন বুধবাৰে দুপৰীয়া নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত শুভ উন্মোচন কৰা হয়।

গৰিষ্ঠ সংখ্যক সাংবাদিক ,সংবাদকৰ্মী, শিক্ষাবিদৰ লগতে অসমীয়া যুৱ মঞ্চৰ নেতা অনুপম শইকীয়া, দিপাংক নাথ, চিৰঞ্জিত বৰদলৈ আদিৰ উপস্থিতিত বিশিষ্ট সাংবাদিক জীৱন গোস্বামীয়ে এক মঙ্গলময় আৰু জনাকীৰ্ণ পৰিৱেশত সাপ্তাহিক কাকতখন শুভ উন্মোচন কৰে। নৱ প্রকাশিত সংবাদপত্ৰ খনৰ সম্পাদক ধৰ্মকান্ত গগৈয়ে উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰি দুৰ্নীতি, অনিয়মৰ বিৰুদ্ধে দীর্ঘদিন ধৰি এটা সংগঠনৰ বেনাৰত গণতান্ত্ৰিক যুঁজ দি অহাৰ পৰৱৰ্তী সময়ত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে দুৰ্নীতি অনিয়ম আৰু ভ্ৰূষ্টাচাৰৰ বিৰুদ্ধে যুঁজ চলাই যোৱাৰ অংগীকাৰ গ্ৰহণ কৰা বুলি মন্তব্য কৰে।

সম্পাদকগৰাকীয়ে নিজৰ বক্তব্যত সাপ্তাহিক চাণক্যৰ জৰিয়তে অসমৰ সমাজ জীৱনৰ জ্বলন্ত সমস্যাসমূহ উত্থাপন কৰাৰ লগতে সামগ্রীকভাৱে বৌদ্ধিক নেতৃত্ব দিয়াৰ নিৰন্তৰ প্ৰয়াস কৰি যাব বুলি কয় । প্ৰাচীন ভাৰতৰ দক্ষ কূটনীতিবিদ চাণক্য'ৰ দৰেই সাপ্তাহিক চাণক্যয়ো  সাম্প্ৰতিক সমাজ জীৱনৰ সবল নেতৃত্ব দি আগুৱাই নিয়াৰ প্ৰয়াস কৰিব বুলি গগৈয়ে মন্তব্য কৰে।

সংবাদপত্ৰখনৰ উন্মোচক জীৱন গোস্বামীয়েও সংবাদপত্ৰৰ স্বৰ্ণিল ইতিহাস সমৃদ্ধ লখিমপুৰ জিলাৰ অতীত মাধুৰি ৰোমন্থন কৰে। উন্মোচনী অনুষ্ঠানতে কাকতখনৰ জন্মৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে দুটাকৈ কে'ক কাটি শুভেচ্ছা জ্ঞাপন কৰে। আয়তীৰ উৰুলি মঙ্গলধ্বনিৰ মাজত কে'ক দুটা কাটে লখিমপুৰৰ আজাদস্থিত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্রৰ অধ্যক্ষ চৰণ কুমাৰ দৈমাৰী আৰু অনুসূচীত জাতিৰ নেতা মনোৰঞ্জন দাসে ।

কাকতখনৰ কাৰ্যবাহী সম্পাদক ৰাস্নামনি গগৈয়ো উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠানত উপস্থিত অভ্যাগতসকলে ধৰ্মকান্ত গগৈৰ এই প্ৰয়াসৰ একেমুখে শলাগ লৈ কাকতখনৰ সমুজ্জ্বল ভৱিষ্যত কামনা কৰে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in