ওপজা দিনত শিলঘাটত মা কামাখ্যাৰ চৰনত আশীষ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ওপজা দিনত শিলঘাটত মা কামাখ্যাৰ চৰনত আশীষ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ডিজিটেল সংবাদ,কলিয়াবৰ : ওপজা দিনৰ দিনাই কলিয়াবৰৰ শিলঘাটৰ কামাখ্যা দেৱালয়ত আশীষ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ দ্বিতীয় শক্তিপীঠ হিচাপে পৰিচিত শিলঘাটৰ কামাখ্যা দেৱালয়ত পূজা-অৰ্চনা-হোম যজ্ঞ আদি কৰি দেৱী মা চৰণত আশীষ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

বিগত সময়ত অসমবাসী ৰাইজে আগবঢ়োৱা মৰম-শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ভবিষ্যতে অধিক উদ্যমৰে কাম কৰি যাবৰ বাবে ৰাইজৰ আশীষ কামনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক সংগ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

শিলঘাটৰ কামাখ্যা দেৱালয়ৰে প্ৰাংগনতে কলিয়াবৰ প্ৰেছ ক্লাবকে ধৰি বিভিন্নজনে মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনায়। কামাখ্যা মন্দিৰ দৰ্শন কৰি মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ তথা অগপৰ যুৱ নেতা মণিমাধৱ মহন্তৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানতো ভাগ লয় মুখ্যমন্ত্ৰী শৰ্মাই।

আনহাতে, হেলিকাপ্তাৰৰে কলিয়াবৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীক হেলিপেডতে এখন নিজে অঁকা ছবিৰে শুভেচ্ছা জনায় জখলাবন্ধা শেনচোৱাৰ কেশৱ দাস নামৰ যুৱকজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in