/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/47a6f438-2b52-4a54-998e-94f2204559e8/sangbadik1.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : লখিমপুৰ জিলাৰ মুঠ ১২ টা প্ৰেছ ক্লাৱ ,প্ৰেছ গীল্ড আৰু সাংবাদিক সংগঠনৰ যৌথ সাংগঠনিক মঞ্চ লখিমপুৰ জিলা সাংবাদিক সংস্থা । ৰাজ্যখনৰ পৰা প্ৰকাশিত বিভিন্ন বাতৰিকাকত আৰু বৈদ্যুতিন সংবাদগোষ্ঠীৰ হৈ জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা জনদায়বদ্ধ সংবাদসেৱা আগবঢ়াই অহা সাংবাদিকসকলৰ নেতৃত্ববাহী জিলা সাংবাদিক সংস্থাৰ দ্বিবাৰ্ষিক অধিবেশনখন দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে নাওবৈচাত অনুষ্ঠিত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/0870c85b-bec3-45ad-9aaf-af629be27823/d7a72268_dd51_49e3_bbd5_89969a5eac71.jpg)
নাওবৈচা প্ৰেছ ক্লাৱৰ আতিথ্যত অনুষ্ঠিত জিলা অধিবেশনৰ পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা সভাপতি কুমুদ বৰুৱাই। ইয়াৰ পাছতেই স্মৃতি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা সংস্থাৰ সাধাৰণ সম্পাদক মনোজ বৰপাত্ৰ গোঁহাইয়ে ।
নাওবৈচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অধিবেশনৰ পৰৱৰ্তী কাৰ্যসূচী প্ৰতিনিধি ও বিষয় বাচনি সভা উদ্বোধন কৰে জিলা সংস্থাৰ প্ৰাক্তন সভাপতি সুৰজিত ভূঞাই । অসম বার্তাজীৱী সংঘৰ সাংগঠনিক সম্পাদক কিশোৰ জ্যোতি শৰ্মা পৰ্যবেশক হিচাবে উপস্থিত থকা বিষয় বাচনি সভাত অনাগত ২০২৩-২০২৫ বৰ্ষৰ কাৰ্যকালৰ বাবে সুৰজিত ভূঞাক মুখ্য উপদেষ্টা, শৈলেন বৰুৱাক সভাপতি , কুমুদ বৰুৱাক কাৰ্যকৰী সভাপতি , চিত্ৰ নাথ গগৈ ,দিগন্ত সোণোৱাল, জগত বৰাক উপসভাপতি, মুকুল ভূঞাক সাধাৰণ সম্পাদক , ৰাজীৱ বৰুৱা ,মাধুৰ্য দাস ,নিতুল বৰাক মণ্ডল সম্পাদক, কৰুণা কৃষ্ণ নাথক সাংগঠনিক সম্পাদক , প্ৰশান্ত মোদকক কাৰ্য্যালয় সম্পাদক , মনোজ বৰপাত্ৰ গোঁহাই আৰু জগত গগৈক পত্ৰিকা সম্পাদক আৰু নৱজ্যোতি শৰ্মাক কোষাধ্যক্ষ হিচাবে লৈ ২০২৩-২০২৫ বর্ষৰ বাবে এখন সৰ্বসন্মত শক্তিশালী পূৰ্ণাংগ জিলা সমিতিখন গঠন কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f731cb73-dd8a-4622-975b-d061cf8d95fb/b3f1ac35_ec3a_4c23_a9ec_ba4204b9c785.jpg)
অধিবেশন উপলক্ষত অনুষ্ঠিত প্ৰতিনিধি সভাই সাংবাদিকৰ পেঞ্চন পুঁজি ২ হাজাৰ টকাৰ পৰা বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱ তৎকালে কাৰ্যকৰী কৰাৰ বাবে দাবী জনোৱা, ৰাজ্যখনৰ সাংবাদিকসকলৰ জীৱন বীমা আঁচনিখন ফলপ্ৰসূ ৰূপায়নৰ বাবে চৰকাৰক দাবী জনোৱা, প্ৰতি বছৰে অৱসৰ গ্ৰহণ কৰা সাংবাদিক সকলক পেঞ্চন দিয়াৰ ব্যবস্থা গ্ৰহণ কৰা,সকলো মফচলিয়া সাংবাদিকক মজুৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সংবাদ গোষ্ঠী আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰে উদ্যোগ গ্ৰহণ কৰিবলৈ চৰকাৰক হেঁচা প্ৰদান কৰা, মজুৰি সংহিতা-২০১৯ সম্পৰ্কত জিলাজুৰি ব্যাপক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা, লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ "অক্ষয় পুঁজি"( কৰপাছ ফাণ্ড) শক্তিশালী কৰাকে প্ৰমুখ্য কৰি মুঠ ৯ টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
ইয়াৰ পাছতেই অনুষ্ঠিত হয় মুকলি সভা । মুকলি সভাৰ উদ্ধোধনী বক্তব্য আগবঢ়াই নাওবৈচা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ গুণীন্দ্ৰ নাথ শৰ্মাই । জিলা সংস্থাৰ সভাপতি কুমুদ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত জিলাখনৰ গৰিষ্ঠ সংখ্যক সাংবাদিক আৰু সমাজহিতৈষী ব্যক্তি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
মুকলি সভাত নিৰ্দ্দিষ্ট বক্তা হিচাবে অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দন , আমন্ত্ৰিত বিশেষ অতিথি হিচাবে অসম বার্তাজীৱী সংঘৰ প্ৰাক্তন সভাপতি কেশৱ কলিতা , সংঘৰ সভাপতি টুটুমণি ফুকন , সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মা আদি কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়াই।
মুকলি সভাতেই জিলা সংস্থাৰ মুখপত্ৰ "বেদনিধি" উন্মোচন কৰে লখিমপুৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়াই আৰু অসম বার্তাজীৱী সংঘৰ প্ৰাক্তন সভাপতি কেশৱ কলিতা ৰচিত" সাংবাদিক-অসাংবাদিক"ৰ দ্বিতীয় খণ্ড উন্মোচন কৰে শৈলেন বৰুৱাই। জিলা অধিবেশনখন সৰ্বতো প্ৰকাৰে সাফল্য মণ্ডিত কৰাৰ বাবে আদৰণি সমিতিয়ে সমূহ শুভাকাংক্ষী ৰাইজ আৰু সংগঠনৰ শলাগ লয়।
Also Read: সামৰণি পৰিল জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহৰ