/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/bf00dd3f-4917-4d0f-b46c-ad021f0facc0/ajb.jpg)
ডিজিটেল সংবাদ, বেকাজান: যোৰহাট মহবন্ধাৰ চাওলুং চুকাফা ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহৰ দেওবাৰে সফল সামৰণি পৰে। আজি সমাৰোহৰ তৃতীয় দিনা অসমৰ বিভিন্ন জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই।
অসমৰ বিচিত্র বৰ্ণময় সংস্কৃতি প্ৰতিফলিত হোৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াই। উদ্বোধনী ভাষণত তেওঁ কয় "অসম জাতীয় বিদ্যালয়ৰ যি লক্ষ্য -উদ্দেশ্য তাক মই ভাল পাওঁ । এই জাতীয় বিদ্যালয়ৰ আন্দোলনক যিসকলে গতি দিছে তেখেতসকলক ধন্যবাদ জনাইছো । মই খুব আশাহত হৈছিলো যে অসমীয়া জাতিটো এদিন হেৰাই যাব নেকি । কাৰণ অসমীয়া ভাষাৰ ওপৰত যি আগ্ৰাসন চলিছে তাক লৈ মই বৰ শংকিত হৈছিলো কিন্তু জাতীয় বিদ্যালয়ে মাতৃভাষাৰ ৰক্ষাৰ বাবে আন্দোলন গঢ়ি তুলিছে তাৰ বাবে মই আশাবাদী হৈ পৰিছো । মৰাৰ আগতে আশাবাদী হৈ গৈছো ভগৱানৰ তাত গৈ চাই থাকিম যাতে জাতীয় জীৱনৰ প্ৰতিটো আশা পূৰণ হয়। মই নতুন শিশুসকলৰ মাজত আশা-উদ্দীপনা দেখা পাইছো। জাতীয় বিদ্যালয়ে আমাৰ ভাষা সংস্কৃতিক নতুন প্ৰজন্মক পৰিচয় কৰাই দিছে। এনেকুৱা কামেৰে অসমীয়া সংস্কৃতি জীয়াই থাকিব। তাক কোনেও মাৰিব নোৱাৰে । গতিকে জাতীয় বিদ্যালয়ৰ আন্দোলনক লৈ মই খুবেই আশাবাদী। "
ইয়াৰ পাছতে দুপৰীয়া দুই বজাত মুকলি সভা অনুষ্ঠিত হয়। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ কাৰ্যকৰী সভাপতি দিলীপ দত্তচৌধুৰী সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত আদৰণি ভাষণ প্ৰদান কৰে আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ বৰাই । আনহাতে এজবেকৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই তেওঁৰ অভিভাষণত কয় আজিৰ পৰা প্ৰায় ৩০টা বছৰ আগতে অসম জাতীয় বিদ্যালয় নামেৰে আৰম্ভ হোৱা, মাতৃভাষা মাধ্যমত শিক্ষাদানৰ এক বিজ্ঞানসন্মত শৈক্ষিক যাত্ৰাৰ সফলতাৰ ই এক মূর্তিমান প্রতীকত পৰিণত হৈছে।
১৯৯৪ চনত আমাৰ বাবে অসম জাতীয় বিদ্যালয় আছিল এক সপোন , এক সংকল্প ,এক প্রতিশ্রুতি আৰু এক জাতীয় দায়বদ্ধতা। এই সপোন, সংকল্প, প্রতিশ্রুতি আৰু দায়বদ্ধতাৰে ১৯৯৪ চনৰ ১ জানুৱাৰীত গুৱাহাটীত আৰম্ভ হৈছিল জাতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাৰ বৰ্ণিল যাত্রা। জাতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাৰে বিজ্ঞানসম্মত পৰিকল্পনাৰ মূল আধাৰটো আছিল বিদ্যালয় পৰ্যায়ত মাতৃভাষাত শিক্ষাদান।
তাৰ লগত অন্যতম গুৰুত্বপূর্ণ দিশবোৰ আছিল এক বোজামুক্ত ব্যৱস্থাৰ শিশুসকলৰ বাবে আনন্দদায়ক শিক্ষাৰ সুযোগ দিয়া হ'মৱৰ্ক-স্কুলবোৰ বোজাত কোঙা হৈ পৰা আৰু সৃষ্টিশীল শিক্ষণ প্ৰণালীৰ পৰা বঞ্চিত হোৱা কোমল বয়সৰ শিশুসকলক । আনুষ্ঠানিক শিক্ষাৰ কঠোৰ নিয়ন্ত্ৰণৰ মাজত নাৰাখি খেল-ধেমালি আৰু ক্ৰিয়া-কলাপৰ মাধ্যমত, উমলি-জামলি শিকিব পৰা প্ৰকৃত প্রাক্-বিদ্যালয় শিক্ষাৰ মাজেৰে জীৱনৰ প্ৰথমটো ভেটি নিৰ্মাণৰ সুযোগ দিয়া।
লগতে তেওঁ কয় "অসম জাতীয় বিদ্যালয়ৰ জন্মলগ্নৰ প্ৰায় তিনিটা দশকৰ পাছত আমি আজি গৌৰৱেৰে এই কথা ক'বলৈ পাই আনন্দিত হৈছোঁ যে জাতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাৰ মূল নীতি বা আত্মা স্বৰূপ অন্যতম দুটা মূল কথা মাতৃভাষা মাধ্যমত শিক্ষাদান আৰু আনন্দদায়ক প্রাক্ -বিদ্যালয় শিক্ষা এই দুয়োটা নীতিকেই দেশজুৰি কাৰ্য্যকৰীকৰণৰ বাবে ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সজোরে, যুক্তিনিষ্ঠভাৱে আৰু অতি গুৰুত্বসহকাৰে পৰামৰ্শ আগবঢ়াইছে। যি নীতি, আদর্শ, বিশ্বাস আৰু প্রত্যয়ে জাতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাৰ বীজ ৰোপণ কৰা হৈছিল, সেয়া যে সম্পূর্ণ বিজ্ঞানসম্মত: শিক্ষাতত্ত্বৰ ফালৰ পৰা সম্পূৰ্ণ শুদ্ধ,সৃষ্টিশীল এক নতুন প্রজন্ম গঢ়ি প্রকৃত শিক্ষা, ভাষা, সাহিত্য, ইতিহাস, সংস্কৃতিৰ সমৃদ্ধিৰে জাতি আৰু দেশ নিৰ্মাণৰ বাবে অপৰিহাৰ্য্য সেই কথা ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দ্বিধাহীনভাৱে প্ৰতিপন্ন কৰিছে।"
লগতে উল্লেখ কৰে যে জাতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাৰ বাবে ই এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি বুলি আমি নিশ্চয় বিনম্রভাবে বিবেচনা কৰিব পাৰোঁ। মাতৃভাষা মাধ্যমত শিক্ষাদান কৰিও বৰ্তমানৰ প্ৰতিযোগিতামূলক আধুনিক পৃথিৱীখনত ইংৰাজী ভাষাৰ গুৰুত্ব আৰু অপৰিহাৰ্য্যতাৰ কথা আমি অসম জাতীয় বিদ্যালয়ৰ জন্মলগ্ন পৰাই এক অন্যতম নীতি হিচাপে গ্ৰহণ কৰি আহিছোঁ।
ইংৰাজী ভাষাৰ উন্নত চৰ্চাৰ বাবে জাতীয় বিদ্যালয়সমূহত বিশেষ পৰিকল্পনাৰে যুগুতোৱা পাঠ্যক্ৰমৰ আধাৰত সম্ভৱপৰ ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। উল্লেখযোগ্য যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়েও মাতৃভাষাৰ মাধ্যমত শিক্ষাগ্ৰহণ কৰাৰ সমান্তৰালভাৱে ইংৰাজী ভাষাৰ চৰ্চা তথা প্রয়োজন সাপেক্ষে দ্বিভাষিক শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।
জাতীয় বিদ্যালয়ৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ বিত্ত,মহিলা আৰু শিশু বিকাশ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী অজন্তা নেওগে কয় যে জাতীয় বিদ্যালয়সমূহ স্থাপন হোৱাতো সময়ৰ আহবান আছিল। মানুহৰ সদিচ্ছাৰে গঠন হোৱা মাতৃভাষা মাধ্যমৰ এই জাতীয় বিদ্যালয়সমূহে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ সৈতে সহযোগিতাৰে আগবাঢ়ি যাব লাগিব।
তিনিদিনীয়া কাৰ্য্যসূচীৰে যোৰহাটৰ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত আয়োজিত জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ,২০২৩ ৰ আজি অন্তিম দিনাৰ মুকলি সভাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে শিক্ষা ব্যক্তিকেন্দ্ৰিক নহৈ সমাজকেন্দ্ৰিক হ'ব লাগে বুলি মত প্ৰকাশ কৰে।
জাতীয় বিদ্যালয়সমূহে মাতৃভাষাৰ সৈতে ইংৰাজী ভাষাকো সমগুৰুত্ব প্ৰদান কৰাৰ বাবে শলাগ লৈ মন্ত্ৰীগৰাকীয়ে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ সৈতে জাতীয় বিদ্যালয়সমূহৰ যি সুস্থ প্ৰতিযোগিতা চলিছে সিয়ে শৈক্ষিক দিশৰ গুণগত মান বৃদ্ধি কৰাত সহায় কৰিছে বুলি উল্লেখ কৰে।
সভাত উপস্থিত থকা কৃষি বিশ্ববিদ্যালয়,অসমৰ উপাচাৰ্য্য ড০ বিদ্যুৎ চন্দন ডেকাই বৈজ্ঞানিকভাবে কৃষি কৰ্ম কৰি লাভৱান হোৱাৰ প্ৰসংগ উত্থাপন কৰি জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক কৃষিৰ প্ৰতি আগ্ৰহী হৈ নিজৰ বিদ্যালয়সমূহত থলুৱা ফল-মুলৰ বাগিচা পাতিবলৈ অনুৰোধ জনায়।
ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছায়ো সমাৰোহৰ মুকলি সভাত উপস্থিত থাকি মাতৃভাষাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ গুৰুত্বৰ কথা উল্লেখ কৰি অসমীয়া মাধ্যমত পঢ়া-শুনা কৰিও আকাশ চুব পাৰি বুলি মত প্ৰকাশ কৰে। এই অনুষ্ঠানতে জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ উপলক্ষে ড০ স্বপ্ন চুতীয়াৰ সম্পাদনাত প্ৰকাশিত শিপা নামৰ স্মৃতিগ্ৰন্থখনো উন্মোচন কৰে সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দ্ৰ ডেকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/405c8220-7cfa-4b45-9e93-6f29d6922403/9ecf5e6b_ab37_4f49_9ef3_d7150082370f.jpg)
এজবেকৰ সমন্বয়ক,অসম জাতীয় বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক অসীম কৃষ্ণ বৰুৱাই আঁত ধৰা সভাখনত সকলোৰে উদ্দেশ্যি আদৰণী ভাষণ দিয়ে জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহৰ আদৰণী সমিতিৰ সভাপতি ৰঞ্জিত বৰাই। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই আদৰণী সমিতিৰ সম্পাদক সৌৰভ বৰাই।
আনহাতে পুৱা সমাৰোহ উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ ২৬ খন জিলাৰ জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী,শিক্ষক শিক্ষয়িত্ৰীসকলে অসমৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰে। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি অসমৰ বিশিষ্ট অভিনয় শিল্পী বিষ্ণু খাৰঘৰীয়াই ।
অসমৰ ২৬ জিলাৰ প্ৰায় দহহাজাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে ক্ৰমে বাক্সা ,বাম্বোলপিতা নৃত্য , বিশ্বনাথৰ, দিহা নাম দলীয় সত্ৰীয়া নৃত্য, বঙাইগাঁওৰ গোৱালীনী নৃত্য, ধেমাজিৰ, সোণালী সূতা প্রকল্প, ধুবুৰীৰ বাঁহ নৃত্য, ডিব্ৰুগড়ৰ সোণোৱাল কছাৰীৰ হগ্রা নৃত্য, দেওধানী নৃত্য গোৱালপাৰাৰ ৰাভা নৃত্য , গোলাঘাটৰ জৈবিক ক্ষেত্র , যোৰহাটৰ গায়ন-বায়ন, কামৰূপ দক্ষিণ , নাও খেলৰ গীত , কামৰূপ উত্তৰ কামৰূপীয়া লোক-সংস্কৃতি , কাৰবি আংলং ৰংফাৰপী ৰংৱে প্ৰতিমূৰ্ত্তি প্ৰদৰ্শনৰে ৫কিলোমিটাৰ জোৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f8e0b664-8dde-4d38-a4c6-27bdcbbaab50/040cc5e8_9b56_4f10_b69e_de051952356c.jpg)
Also Read: কাজলগাঁৱত ৬ সংৰক্ষিত শ্ৰেণীৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক