মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ ২৭টা গোচৰৰ এফ আই আৰ গ্ৰহণ চি বি আইৰ

মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ ২৭টা গোচৰৰ এফ আই আৰ গ্ৰহণ চি বি আইৰ

author-image
Asomiya Pratidin
New Update
মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ ২৭টা গোচৰৰ এফ আই আৰ গ্ৰহণ চি বি আইৰ

ডিজিটেল সংবাদ,বেকাজান : মণিপুৰত সংঘটিত হোৱা ভয়াৱহ গোষ্ঠী সংঘৰ্ষৰ সৈতে জড়িত ২৭ গোচৰৰ এফ আই আৰৰ তদন্তৰ দায়িত্ব চি বি আইয়ে গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ১৯টা গোচৰ।

Advertisment

বাকী ৮টা অস্ত্ৰভাণ্ডাৰ লুটপাত,হত্যা আৰু অপহৰণৰ গোচৰ। ৰাজ্যিক আৰক্ষীয়ে এই ২৭টা গোচৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ হাতত গতাই দিছে বুলি জানিব পৰা গৈছে । সংস্থাটোৱে এই গোচৰসমূহ পুনৰ পঞ্জীয়ন কৰিছে আৰু চিবিআইৰ দলসমূহে অপৰাধস্থলীসমূহ পৰিদৰ্শন কৰাৰ পিছত সন্দেহযুক্ত লোক আৰু ভুক্তভোগীক জেৰা আৰম্ভ কৰিছে বুলিও সূত্ৰই জানিবলৈ দিয়ে।

চি বি আইৰ শীৰ্ষ শাখাৰ বিভিন্ন ইউনিটৰ পৰা নিৰ্বাচিত ২৯ গৰাকী মহিলাকে ধৰি ৫৩ জনীয়া বিষয়াৰ এটা দলক সংগঠিত কৰি গোচৰসমূহৰ তদন্ত কৰিছে। ৩গৰাকী ডি আই জি- লাভলী কাটিয়াৰ, নিৰ্মলা দেৱী আৰু মোহিত গুপ্তাসহ আৰক্ষী অধীক্ষক ৰাজবীৰক অন্তৰ্ভুক্ত কৰা দলটোৱে সামগ্ৰিক তদন্তৰ কৰা দলটোৱে পিছত এজন যুটীয়া সঞ্চালকৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব।

চি বি আইৰ দলটোত অতিৰিক্ত দুজন আৰক্ষী অধীক্ষক আৰু ৬জন উপ-আৰক্ষী অধীক্ষক, ১৬ জন পৰিদৰ্শক আৰু ১০ জন উপ-পৰিদৰ্শকসহ ৫৩ জনীয়া সদস্য আছে।

Also Read: দ্বিতীয় বিভাগ !

manipur violence