ঢকুৱাখনাৰ প্ৰবীণ ধৰ্মপ্ৰাণ মহিলা নয়না বৰুৱাৰ বিয়োগ...

ঢকুৱাখনাৰ প্ৰবীণ ধৰ্মপ্ৰাণ মহিলা  নয়না বৰুৱাৰ বিয়োগ...
ঢকুৱাখনাৰ প্ৰবীণ ধৰ্মপ্ৰাণ মহিলা নয়না বৰুৱাৰ বিয়োগ...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাৰ সমাজ জীৱনৰে সম্পৃক্ত ধৰ্মপ্ৰাণ মহিলা , শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাধৱ প্ৰাথমিক শাখাৰ আমৃত্যু একনিষ্ঠ সেৱক নয়না বৰুৱাৰ মঙলবাৰে বৈকুণ্ঠ প্ৰয়ান ঘটে। আজীৱন সমাজ জীৱনৰ কল্যাণৰ হকে আত্মনিয়োগ কৰি অবক্ষয়ী সমাজখনক সঠিক পথেৰে আগুৱাই নিয়াত ব্ৰতী হোৱা প্ৰবীণ সমাজ হিতৈষী বৰুৱাই মঙলবাৰে গাঁওৰে এখন মাংগলিক অনুষ্ঠানৰ ধৰ্মীয় অনুষ্ঠানত অংশ গ্ৰহণ কৰি স্বাভাৱিক ভাবেই স্বগৃহত উপস্থিত হৈছিল ।

মঙলবাৰে বিয়লি প্ৰায় ৪-৪০ বজাত সুস্বাস্থ্যৰে নিজা গৃহত পুত্ৰ পংকজ বৰুৱাৰ সৈতে উপস্থিত হোৱাৰ পাছত বৰুৱাৰ আকস্মিক ভাবে স্বাস্থ্যৰ অৱনতি ঘটে। আত্মীয় স্বজনে চিকিৎসকৰ জৰিয়তে প্ৰাথমিক চিকিৎসা আগবঢ়োৱাৰ সময়তে ধৰ্মপ্ৰাণ মহিলা বৰুৱাৰ বৈকুণ্ঠ প্ৰয়ান ঘটে।

ঢকুৱাখনা মহকুমাৰ ১নং হিলৈদাৰী গাঁওৰ সমাজপ্ৰাণ ব্যক্তি মিনাৰাম বৰুৱাৰ সহধৰ্মিনী, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সুকণ্ঠী পাঠেকী, নামাৱতী, নৱৰূপ যুৱ সংঘৰ এগৰাকী আমৃত্যু সক্ৰিয় কৰ্মী, গায়িকা, সমাজ সংগঠক নয়না বৰুৱাৰ আকস্মিক বিয়োগৰ বাতৰিয়ে বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পেলাই। মৃত্যুৰ পূৰ্বলৈকে পবিত্ৰ ধৰ্মীয় অনুষ্ঠানত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰি শত সহস্ৰ জনক সন্মোহিত কৰি যোৱা বৰুৱাৰ বিয়োগৰ খবৰ পাই তেওঁৰ বাসগৃহত অগণন গুণমুগ্ধ উপস্থিত হৈ মৃতকৰ আত্মাৰ স্বৰ্গ সুখ কামনাৰে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মৃত্যুৰ সময়ত ধৰ্মপ্ৰাণ বৰুৱাই স্বামী মিনাৰাম বৰুৱা, একমাত্ৰ পুত্ৰ অসমীয়া প্ৰতিদিনৰ বিজ্ঞাপন শাখাৰ জ্যেষ্ঠ কৰ্মী পংকজ বৰুৱা, বোৱাৰী ডেইজী গগৈ, দুই কন্যাসহ অজস্ৰ ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়। বিদুষী মহিলা, ঢকুৱাখনা সমাজ কল্যান বিভাগৰ অবসৰী কৰ্মচাৰীগৰাকীৰ আকস্মিক বিয়োগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাধৱ প্ৰাথমিক শাখা,নৱৰূপ যুৱ সংঘ, ১নং হিলৈদাৰী গাঁও উন্নয়ন সমিতি আদি বিভিন্ন সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতি কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই ।

লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত ধৰ্মপ্ৰাণ নয়না বৰুৱাৰ বয়স হৈছিল প্ৰায় ৬৫ বছৰ ।

ঢকুৱাখনাৰ প্ৰবীণ ধৰ্মপ্ৰাণ মহিলা  নয়না বৰুৱাৰ বিয়োগ...
জন্মস্থানত সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিকৰ ১০৬ সংখ্যক জন্মদিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in