জন্মস্থানত সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিকৰ ১০৬ সংখ্যক জন্মদিৱস উদযাপন

জন্মস্থানত সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিকৰ ১০৬ সংখ্যক জন্মদিৱস উদযাপন
জন্মস্থানত সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিকৰ ১০৬ সংখ্যক জন্মদিৱস উদযাপন

ডিজিটেল সংবাদ গোলাঘাটঃ আজি নাহৰণি শাখা সাহিত্য সভাৰ উদ্যোগত জন্ম গাঁও নাহৰণিৰ খঙ্গীয়া প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিকৰ ১০৬ সংখ্যক জন্ম দিৱসটি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে নাহৰণি শাখা সাহিত্য সভাৰ সভাপতি মঃআব্দুল কেৰিমে।

দুপৰীয়া অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় অসমীয়া বিভাগৰ অধ্যাপক ড° অমল চন্দ্ৰ দাস। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি তফজুল হক বৰবৰা, গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰা, শিক্ষাবিদ ড°প্ৰাঞ্জল শৰ্মা আদি।

উক্ত অনুষ্ঠানতে লেখিকা বন্দনা দত্তৰ "প্ৰজ্ঞাৰ সুগন্ধি" নামৰ এখন প্ৰবন্ধ পুথি উন্মোচন কৰে ড° অমল চন্দ্ৰ দাসে। আজিৰ অনুষ্ঠানটো আঁতধৰে গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰত্ৰিকা সম্পাদক আবেদুল চুলতানে।

জন্মস্থানত সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিকৰ ১০৬ সংখ্যক জন্মদিৱস উদযাপন
কলিয়াবৰত পহিলা মাঘৰ দিনাই ৭৪৪৪ খন নতুন ৰেচন কাৰ্ড বিতৰণ..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in