/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/036aae0b-ae96-41d9-a7b1-0eebd4d8947d/345.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : ভাৰতীয় নাট্য সাহিত্যৰ উৰ্বৰ ক্ষেত্ৰখনৰ চর্চা, কৰ্ষণ, মন্থন,সৃষ্টিৰ লগতে মঞ্চায়নৰ এক সবল বুনিয়াদ বিশিষ্ট ৰাষ্ট্ৰীয় মঞ্চ হৈছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় চমুকৈ এন এছ ডি। ভাৰতীয় নাট্য শিল্পৰ বাঙ্ময় উপস্থাপন আৰু প্ৰকাশৰ জৰিয়তে এখন পৰিশীলিত,ঐক্যবদ্ধ, শান্তি সম্প্ৰীতিৰ ভাৰত গঢ়াৰ নিৰন্তৰ প্ৰয়াস চলাই অহা এই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰজোৰা এক নাট মঞ্চায়ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
"বাসুদেৱা কুটুম্বকম,পঞ্চপ্ৰাণ,বিকশিত ভাৰত" শীর্ষক মূলমন্ত্ৰৰে যোৱা ২১ ফেব্ৰুৱাৰীত সমগ্ৰ ভাৰতবর্ষ জুৰি অনুষ্ঠিত কৰা হয় এই নাট মঞ্চায়ন অনুষ্ঠান । ২৫ বছৰীয়া ভাৰত ৰংগ মহোৎসৱ ২০২৪ৰ বৰ্ণিল সামৰণি অনুষ্ঠানৰ উপলক্ষত ভাৰতীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰ জোৰা এই নাট মঞ্চায়ন অনুষ্ঠান।
"জন ভাৰত ৰং মহোৎসৱ" শীর্ষক এই নাট মহোৎসৱ আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ জৰিয়তে সমগ্ৰ ভাৰত জুৰি মুঠ ২ হাজাৰ নাটক একেলগে প্ৰদৰ্শন কৰাৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হয়। অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাতো "অয়ণ থিয়েটাৰ"ৰ উদ্যোগত ভাৰত বর্ষৰ ঐক্যতা ,সংহতি আৰু সততাৰ সতে পৰিচিত হৈ এখন সবল শক্তিশালী সৰ্ব শক্তিধৰ ৰাষ্ট্ৰ গঢ়াৰ আহ্বানেৰে মঞ্চস্থ কৰা হয় "আকৌ ঘূৰি আহিল সোণালী চৰাই" শীর্ষক একদৃষ্টিনন্দন আৰু মনোজ্ঞ নাটক ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/1f85a6a1-11d4-4264-b329-2cb5c55ed4f0/8012b0da_23d6_446a_ad50_c228f524d87b.jpg)
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এগৰাকী সুখ্যাতিমান নাট্য পৰিচালক,অভিনেত্ৰী অৰুন্ধতী কলিতাৰ সাৱলীল পৰিচালনাৰে "অয়ন নাট্য গোষ্ঠী"যে ঢকুৱাখনা নগৰৰ আমকতিয়া গাঁও হৰিমন্দিৰত বিয়লি মঞ্চস্থ কৰে নাটকখন। এখন সৰ্বোন্নত ৰাষ্ট্ৰ নিৰ্মান,পৰাধীনতাৰ দাসত্বৰ বান্ধোন ভেদি স্বাধীন আৰু মুক্তিৰ বাৰ্তা বিলাই, ঐক্যতা আৰু সংহতিৰে জীৱন জীয়াই নাগৰিকৰ কৰ্তব্যবোধৰ সাকাৰাত্মক দিশ অনুকীয়াই, সাম্প্ৰতিক পটভূমিত ৰচনা কৰা নাটকখনত মুঠ ৮ গৰাকী নাট্য শিল্পীয়ে নিখুঁত আৰু সাৱলীল অভিনয় কৰি উপস্থিত অগণন দৰ্শক নাট্যপ্রেমীৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/e5623cf7-0fa1-43a2-919f-864555c6e6ee/639ff055_3bad_4522_b709_3e3237585311.jpg)
নাটকৰ পৰিচালক বিশিষ্টা নাট্য সাধক অৰুন্ধতী কলিতাৰ সামগ্ৰিক পৰিচালনা আৰু সূত্ৰ ধৰা নাটকখনৰ জৰিয়তে দৰ্শক জনসাধাৰণক মনোৰঞ্জন প্ৰদানৰ লগতে কৰ্মসংস্কৃতি, দায়িত্ববোধ,সমাজ দায়বদ্ধ কৰণীয়তা আৰু এখন উন্নয়নমুখী সমাজ নিৰ্মাণৰ ক্ষেত্ৰত আত্মোৎস্বৰ্গী হোৱাৰ আহ্বান জনোৱা হয়।
Also Read: মোডী, মুৰ্মুৰ মন জয় কৰা- 'দ্য স্নেক বয়'