/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/039e127b-2206-4b6f-819c-f60319270b7c/1211.jpg)
ডিজিটেল সংবাদ,লখিমপুৰ : লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত মঙলবাৰে এখনি আলোচনা চক্ৰৰ আয়োজন কৰা হয়। সাহিত্য অকাডেমিৰ উদ্যোগত আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত এই আলোচনা চক্ৰখনি অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/75aad472-67c6-4259-961a-2918837fd821/3d4fc99a_821c_4993_9038_f0bab2cc5f96.jpg)
মহাবিদ্যালয়খনৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি 'অসমীয়া সাহিত্যত ৰাষ্ট্ৰীয়তাবাদ আৰু নৃগোষ্ঠীয় পৰিচয়' শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৌদ্ধিক আলোচনা চক্ৰখনি অনুষ্ঠিত কৰা হয় ৷ এই আলোচনা চক্ৰত সাহিত্য অকাডেমিৰ আঞ্চলিক সচিব দেৱেন্দ কুমাৰ দিৱেশ ,ড° ননী গোপাল মহন্ত ,ড° সত্যকাম বৰঠাকুৰ ,ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী ,ড° অৰবিন্দ ৰাজখোৱা ,ড° মাধুৰ্যমণ্ডিত বৰুৱা আদি সমল ব্যক্তি আৰু আলোচক হিচাপে উপস্থিত থাকে ৷
Also Read: বুধবাৰে সন্ধিয়া ৬ বজালৈ খোলা থাকিব ৰাজ্যৰ শিক্ষানুষ্ঠান...