/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/dc830f29-2a01-406f-bc81-4bc762bd9425/CHANDRAYAN_3.jpg)
বুধবাৰে সন্ধিয়া ৬ বজালৈ খোলা থাকিব ৰাজ্যৰ শিক্ষানুষ্ঠান...
ডিজিটেল ডেস্কঃ ২৩ আগষ্ট, বুধবাৰে সন্ধিয়া ৬ বজালৈ খোলা থাকিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। অসম সৰ্বশিক্ষা অভিযান মিছন, ডিৰক্টৰেট অফ ছেকেণ্ডেৰী এড্যুকেশ্যনে এই সন্দৰ্ভত জাৰি কৰিছে বিশেষ নিৰ্দেশনা।
ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে চন্দ্ৰ অভিযানৰ বাবে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ য়ে ২৩ আগষ্টৰ সন্ধিয়া চন্দ্ৰৰ দক্ষিণ মেৰুত ছফ্ট লেণ্ডিং কৰাৰ কথা। চন্দ্ৰযান -৩ ৰ এই ছফ্ট লেণ্ডিংৰ দৃশ্যাৱলী ইছৰোৱে সন্ধিয়া ৫.২০ বজাৰ পৰা লাইভ ষ্ট্ৰিমিং কৰিব।
সেয়েহে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ তথা বিদ্যালয়ৰ শিক্ষাৰ্থীক সেই দৃশ্য দেখুৱাবলৈকে বিদ্যালয়সমূহ সন্ধিয়াৰ ৬ বজালৈ খোলা ৰাখিবৰ বাবে নিৰ্দেশ জাৰি কৰিছে। ২২ আগষ্ট ২০২৩ ত সৰ্বশিক্ষা অভিযান মিছনৰ সঞ্চালক আই এ এছ ঔম প্ৰকাশে স্বাক্ষৰ কৰা No.SSA/Esst. Govt.corresponmdance/462/2023 নিৰ্দেশনা যোগে বিদ্যালয় চৌহদত চন্দ্ৰযান–৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিঙৰ ব্যৱস্থা কৰাৰো নিৰ্দেশ দিয়া হৈছে।
লগতে বিদ্যালয়ৰ ওচৰ পাজৰৰো ছাত্ৰ–ছাত্ৰীক এই লাইভ ষ্ট্ৰিমিং চাবলৈ আমন্ত্ৰণ জনোৱাৰো আহ্বান জনাইছে। আনহাতে ডিৰক্টেৰেট অফ ছেকেণ্ডেৰী এড্যুকেশ্যনৰ সঞ্চালক মমতা হোজাইয়ে স্বাক্ষৰ কৰা No. E 361393 পত্ৰ যোগে অনুৰূপ নিৰ্দেশনা প্ৰদান কৰিছে। ইফালে শিক্ষানুষ্ঠানসমূহত এই পদক্ষেপ গ্ৰহণৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ সচিব আই এ এছ কে সঞ্জয় মূৰ্তিয়ে এক পত্ৰৰ দ্বাৰা এই আহ্বান জনাইছে।
উল্লেখ্য যে, বুধবাৰে সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰযান–৩ য়ে চন্দ্ৰৰ বুকুত অৱতৰণ কৰিব।এই অৱতৰণ সফলতাৰে সম্পন্ন হ'লেই ভাৰতে ৰচণা কৰিব এক নতুন ইতিহাস। কিয়নো এই পৰ্যন্ত চন্দ্ৰৰ দক্ষিণ মেৰুত কোনো মহাকাশ যানে অৱতৰণ কৰা নাই। সেয়ে ভাৰতৰ লগতে সমগ্ৰ বিশ্বই এতিয়া ভাৰতৰ চন্দ্ৰযান-৩ সফল অৱতৰণৰ সেই মহেন্দ্ৰ ক্ষণলৈ অপেক্ষা কৰিছে।
Also Read: ঢকুৱাখনাত পথ দুৰ্ঘটনাই প্ৰাণ ললে ৩ জনৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us