/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ad3f6669-0a48-4a66-9e76-7f5e1998d585/Raktadan.jpg)
ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বিশিষ্ট সমাজ সংগঠক, অসম আন্দোলনৰ অগ্ৰণী নেতা প্ৰয়াত আনন্দ বৰাৰ প্ৰথম মৃত্যু বাৰ্ষিকী শুকুৰবাৰে ব্যতিক্ৰমী ৰূপত পালন কৰে পৰিয়ালবৰ্গই। নাৰায়ণপুৰৰ দেৰগঞা গাঁৱত নিজ বাসগৃহত ধৰ্মীয় পৰম্পৰাৰ বিপৰীতে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি পালন কৰে বছৰেকীয়া মৃত্যু তিথি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/71165527-10b2-46c8-bc50-05c0a7494fc9/WhatsApp_Image_2023_05_26_at_2_51_40_PM.jpeg)
পৰিয়ালৰ উদ্যোগত তথা বে-চৰকাৰী ৰক্তদাতা সংগঠন টীম হিউমেনিটি আৰু দেৰগঞা যুৱক সংঘৰ লগতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত ভঁৰালৰ সহযোগত অনুষ্ঠিত কৰা ৰক্তদান শিবিৰৰ আৰম্ভণিতে প্ৰয়াত আনন্দ বৰাৰ প্ৰতিচ্ছবিত বন্তিপ্ৰজ্বলন আৰু মাল্যাৰ্পন কৰি অনুষ্ঠানটি শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক জয়ন্ত বৰাই।
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত ভঁৰালৰ কৰ্মীসকলৰ তত্বাৱধানত অনুষ্ঠিত কৰা আৰু সমাজ সংগঠক পংকজ ভূঞাই আঁতধৰা ৰক্তদান শিবিৰটিত ডা: অৰূপ কুমাৰ দত্ত, ডা: অনন্যা কাশ্যপ, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত ভঁৰালৰ তত্বাৱধায়ক চম্পক বৰুৱা, টীম হিউমেনিটিৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি মুনীন্দ্ৰ বৰুৱা, সম্পাদক হেমন্ত লাহনে অংশগ্ৰহণ কৰাৰ লগতে অঞ্চলটোৰ বহু সংখ্যক লোক উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/45d6673f-a7b2-4d18-8568-14e02846cdfd/WhatsApp_Image_2023_05_26_at_2_51_39_PM.jpeg)
ৰক্তদান শিবিৰটিত ৩০ জনৰো অধিক ৰক্তদাতাই ৰক্ত দান কৰে। উল্লেখ্য যে, ৰক্তদান শিবিৰটিত অংশগ্ৰহণ কৰা প্ৰতিজন ৰক্তদাতালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞা জ্ঞাপন কৰে প্ৰয়াত আনন্দ বৰাৰ জ্যেষ্ঠ পুত্ৰ দেৱৰাজ বৰাই।
Also Read: ন্যায় বিচাৰি চৰকাৰক সকিয়নি: বান্দৰদেৱাত বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সংবাদমেল...